5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Israel: গাজা আৰু লেবাননত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, প্ৰায় ৭০ জনৰ মৃত্যু…

Israel: অব্যাহত আছে গাজা আৰু লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণ। শেহতীয়াকৈ গাজাৰ আৰু লেবাননৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণত প্ৰায় ৭০ জনলোকৰ মৃত্যু হৈছে। দেশৰ এটা প্ৰান্তত চলি থকা এই ভয়ংকৰ যুদ্ধই হাজাৰ হাজাৰ মানুহৰ প্ৰাণ কাঢ়িছে।

Israel: গাজা আৰু লেবাননত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, প্ৰায় ৭০ জনৰ মৃত্যু…
ইজৰাইল, গাজা,লেবানন
barasha-sarma
Barasha Sarma | Published: 14 Nov 2024 08:04 AM

গাজা আৰু লেবাননত অব্যাহত আছে ইজৰাইলৰ নৰসংহাৰ। বিগত এটা দিনত ইজৰাইলে লেবানন আৰু গাজাত বৃহৎ আক্ৰমণ সংঘটিত কৰি কেইবা ঠাইতো বোমা বৰ্ষণ কৰে। এই আক্ৰমণত বৰ্তমানলৈকে প্ৰায় ৭০ জনলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইজৰাইলৈ দাবী কৰিছে যে এই আক্ৰমণৰ সময়ত তেওঁলোকে হামাছ- হিজাবুল্লাহৰ শিবিৰসমূহ লক্ষ্য কৰি লৈছিল আৰু আক্ৰমণত বহু সন্ত্ৰাসবাদী নিহত হৈছে।

ইয়াৰ বিপৰীতে গাজাই অভিযোগ কৰিছে যে মানৱীয় ক্ষেত্ৰ বুলি ঘোষণা কৰা ঠাইসমূহতো ইজৰাইলে আক্ৰমণ চলাইছে। আনহাতে লেবাননে কয় যে, কোনো ধৰণৰ সতৰ্কবাণী জাৰি নকৰাকৈ ইজৰাইলৈ এই আক্ৰমণ কৰিছে য’ত বহু সাধাৰণ নিৰীহ লোকৰ মৃত্যু হৈছে।

১৩ নৱেম্বৰত অহা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত ইজৰাইলে গাজাৰ ওপৰত চলোৱা বিমান আক্ৰমণৰ ফলত প্ৰায় ৪৬ জনলোকৰ মৃত্যু হৈছে। পেলেষ্টাইনী স্বাস্থ্য বিষয়াই জনোৱা মতে ইজৰাইলে এখন কফেত আক্ৰমণ কৰিছিল য’ত প্ৰায় ১১ জনলোকৰ মৃত্যু হৈছিল। এই কেফেখন ইজৰাইলে মানৱীয় ক্ষেত্ৰ বুলি ঘোষণা কৰিছিল।

ইয়াৰোপৰি গাজাৰ হনুন চহৰৰ এটা ঘৰত ইজৰাইলে আক্ৰমণ চলাই য’ত প্ৰায় ১৫ জনলোকৰ মৃত্যু হয়। এই আক্ৰমণ অলজজীৰাৰ পত্ৰকাৰ হোমছ ছাবতৰ অত্মীয়ৰো মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ ৰিপোৰ্টিং কৰি আছিল। গাজাৰ অন্য এক স্থানত কৰা আক্ৰমণত প্ৰায় ২০ জনলোকৰ মৃত্যু হয়।

ইয়াৰ বিপৰীতে হিজাবুল্লাহেও ইজৰাইলৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে। বুধবাৰে হিজবুল্লাহে ইজৰাইলৰ হাইফাৰ এখন নাৰ্চাৰী স্কুলত ড্ৰ’ন আক্ৰমণ চলায়। এই আক্ৰমণৰ সময়ত স্কুলীয়া ল’ৰা-ছোৱালী তাত উপস্থিত আছিল যদিও সময়মতে তেওঁলোক বাংকাৰত সোমাই প্ৰাণ ৰক্ষা কৰে । ইজৰাইলৰ নাহায়ান চহৰতো হিজবুল্লাহে ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাইছিল য’ত প্ৰায় ২ জন লোকৰ মৃত্যু হৈছিল।

এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি ইজৰাইলে লেবাননত থকা হিজাবুল্লাহৰ কেইবাটাও শিবিৰত আক্ৰমণ চলায়। লেবাননৰ ৰাজধানী বেৰুটত হোৱা এক বিমান আক্ৰমণত প্ৰায় ৩৩ জন লোকৰ মৃত্যু হয়। বেৰুটত থকা দহিয়ান হিজাবুল্লাহৰ দুৰ্গ বুলি কোৱা হয়। এই ঠাইখিনিতে ইজৰাইলে এই ভয়ংকৰ আক্ৰমণ চলাইছিল। লেবাননত ইজৰাইলে কৰা আন এক আক্ৰমণত প্ৰায় ১১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মুঠতে ১ বছৰৰো অধিককাল ধৰি চলি থকা যুদ্ধ এতিয়ালৈকে শাম কটাৰ নাম লোৱা  নাই। প্ৰতিদিনে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰি গৈছে য’ত পৰুৱাৰ দৰে মানুহ মৃত্যু মুখত পৰিছে। গাজা- লেবাননত এতিয়া মৃতদেহৰ দ’ম। খাদ্য, বস্ত্ৰ, বাসস্থানৰ অভাৱত ভুগিছে লাখ লাখ জনতা। প্ৰতিদিনে মানুহ মৰিছে, প্ৰতিদিনে মানুহে আপোনজনক হেৰুৱাইছে, কিন্তু ইজৰাইলৰ লগত চলি থকা গাজা, লেবানন যুদ্ধ স্তব্ধ হোৱাৰ নাম লোৱা নাই।

Latest News