বছৰৰ প্ৰথম দিনটোতেই ইজৰাইলৰ আক্ৰমণত গাজাত শিশু-মহিলাসহ ১৭ জনৰ মৃত্যু
গাজা- ইজৰাইলৰ মাজৰ যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই। বছৰৰ পহিলা দিনটোতেই ইজৰাইলে গাজাত কৰা আক্ৰমণৰ ফলত ১৭ জনলোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজন আহত হয়।
সমগ্ৰ বিশ্বই আনন্দ-উলাহেৰে নতুন বছৰক আদৰণি জনোৱাৰ মাজতে গাজাত লাখ লাখ মানুহ ভুগি আছে মৃত্যু শোকত। ২০২৫ ত গাজা- ইজৰাইলাৰ যুদ্ধই ৪৩৫ নম্বৰ দিনত প্ৰৱেশ কৰে। বছৰৰ প্ৰথম দিনটোতো আক্ৰমণ কৰাৰ পৰা বিৰত নাথাকিল ইজৰাইল। ১ জানুৱাৰীটো গাজাত ইজৰাইলে আক্ৰমণ কৰি চলাই হত্যালীলা। আজি ইজৰাইলে উত্তৰ জাবালিয়া আৰু মধ্য আল-বুৰিজ শিবিৰত কৰা আক্ৰমণত শিশু- মহিলাসহ প্ৰায় ১৭ জন পেলেষ্টাইনীলোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে।
মন কৰিবলগীয়া যে, বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত আছে। দীৰ্ঘদিন ধৰি চলা আক্ৰমণৰ পাছত গাজাবাসীৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। খাবলৈ নাই খাদ্য, থাকিবলৈ নাই স্থান, যত্নৰ বাবে নাই উপযুক্ত স্বাস্থ্য ব্যৱস্থা। ইয়াৰ মাজতে আন এক সংকটৰ সন্মুখীন হৈছে গাজাবাসী। বিশ্বৰ অন্য প্ৰান্তৰ লগতে গাজাতো এতিয়া পৰিছে প্ৰচণ্ড শীত। কিন্তু এই শীতৰ বিৰুদ্ধে যুঁজিবলৈ গাজাবাসীৰ ওচৰত নাই গৰম কাপোৰ, কম্বল আদি। বহুতৰ অৱস্থা এনেকুৱা হৈ পৰিছে যে এখন কম্বলৰ দ্বাৰাই সমগ্ৰ পৰিয়ালে ঠাণ্ডাত সময় কটাবলগীয়া হৈছে।
আনকি দীৰ্ঘদিন ধৰি একেখন তম্বু ব্যৱহাৰ কৰি থকাৰ ফলত তম্বুবোৰ ফাটি- চিৰি অৱস্থা নাইকীয়া হৈ পৰিছে। ইয়াৰ মাজতে যোৱা কেইটামান দিন ধৰি দি থকা বৰষুণৰ ফলত পেলেষ্টাইনীসকলৰ জীৱন আৰু ভয়ংকৰ হৈ পৰিছে। কিন্তু তাৰ পাছতো ইজৰাইলে এই আক্ৰমণ বন্ধ কৰা নাই। বিশ্বৰ কেইবাখন দেশে ইজৰাইলৰ এই আক্ৰমণক সমালোচনা কৰি আহিছে যদিও দেশখনৰ ইয়াৰ প্ৰতি কোনো কানসাৰ নাই।
ৰাষ্ট্ৰসংঘই কয় যে গাজাৰ চিকিৎসালয়সমূহত ইজৰাইলে আক্ৰমণ কৰাৰ ফলত স্বাস্থ্য সেৱা সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। লগতে ৰাষ্ট্ৰসংঘই কয় যে, ইজৰাইলে দাবী কৰা অনুসৰি এই ঠাইসমূহ সশস্ত্ৰ সংগঠনৰ সদস্যই লুকাই আছে। কিন্তু বাস্তৱ পৰিস্থিতি ইয়াৰ বিপৰীত।
সমান্তৰালকৈ হামাছেও ইজৰাইলক আক্ৰমণ কৰি গৈছে। হামাছৰ আল কাছাম ব্ৰিগেডে ইজৰাইলৰ বাহিনী আৰু বসতিস্থলসমূহক লক্ষ্য লৈছে। ১ জানুৱাৰীৰ দিনা হামাছে গাজাৰ পৰা দক্ষিণ ইজৰাইলৰ ওপৰত ৰকেট নিক্ষেপ কৰে। ইয়াৰ লগে লগে গাজাৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নেটিভট আৰু ইয়াৰ আশে-পাশে থকা সম্প্ৰদায়সমূহত চাইৰেন বাজি উঠে। হামাছৰ সামৰিক শাখা আল-কাছাম ব্ৰিগেডে ঘোষণা কৰে যে তেওঁলোকৰ যোদ্ধা বিমানে ইজৰাইলৰ বসতিস্থল নেটিভ’টত ৰকেট নিক্ষেপ কৰিছে। অৱশ্যে এই ক্ষেত্ৰত ইজৰাইলৰ কোনো ক্ষয়-ক্ষতিৰ তথ্য পোহৰলৈ অহা নাই।