5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হামাছ, হিজাবুল্লাহৰ পাছত ইজৰাইলৰ লক্ষ্য হুথি! জানক এই সংগঠনটো কি আৰু ক’ত আছে…

Houthi: ইজৰাইলী জনতাৰ বাবে বিপদ কঢ়িয়াই অনা সকলোৰে বিৰুদ্ধে তদন্ত হ'ব। তেওঁলোকৰ মতে ইজৰাইল সীমাৰ ১৮০০ কিলোমিটাৰ দূৰ পৰ্যন্ত য়েমনৰ হুথিৰ ঘাটীত এই আক্ৰমণ চলিছে।

হামাছ, হিজাবুল্লাহৰ পাছত ইজৰাইলৰ লক্ষ্য হুথি! জানক এই সংগঠনটো কি আৰু ক’ত আছে…
হুথি কোন
barasha-sarma
Barasha Sarma | Published: 30 Sep 2024 12:39 PM

হিজবুল্লাহৰ মুৰব্বী হাছান নাছৰল্লাহৰ মৃত্যুৰ পিছত ইজৰাইলে পুনৰ এবাৰ লেবাননৰ ৰাজধানী বেইৰুটৰ ওপৰত বিধ্বংসী আক্ৰমণ চলায়। প্ৰথমবাৰৰ বাবে বেইৰুটৰ এপাৰ্টমেণ্টত ইজৰাইলে এই আক্ৰমণ চলায়।  এই আক্ৰমণৰ ফলত দুজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে ছিডনত কৰা আক্ৰমণক ২৪ জন লোক নিহত হোৱাৰ বিপৰীতে ২৯ জন লোক আহত হয়। লেবাননৰ দক্ষিণে থকা চিডনৰ দুটাকৈ অট্টালিকাত এই আক্ৰমণ চলাইছিল ইজৰাইলে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, এই আক্ৰমণত কমেও ২৯ জন লোক আহত হৈছে।

আক্ৰমণৰ পাছতে লেবাননৰ বিভিন্ন প্ৰান্তত এতিয়া ধোৱা আৰু মৃত্যুৰ কোলাহল। দেওবাৰে দক্ষিণ লেবানন আৰু বেকা অঞ্চলত ইজৰাইলৰ এই বিমান আক্ৰমণ চলে। হিজাবুল্লাহৰ মুৰব্বীক হত্যা কৰাৰ পাছতে ইজৰাইলে আৱাসীক এলেকসমূহক লক্ষ্য কৰি লৈছে। ইয়াৰ পূৰ্বে কোনো আৱাসিক এলেকাত ইজৰাইলে আক্ৰমণ চলোৱা নাছিল।

এইবাৰ ইজৰাইলৰ লক্ষ্য হুথি

ইজৰাইলৰ সেনাই জনোৱা অনুসৰি ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে কেইবাখন বিমানে এতিয়া য়েমেনত হুথিৰ স্থানত আক্ৰমণ আৰম্ভ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে ২৮ ছেপ্টেম্বৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু উপস্থিত থকাৰ সময়ত হুথিয়ে বেলিষ্টিক মিছাইলেৰে বেন গুৰিয়ান বিমানবন্দৰত আক্ৰমণ চলাইছিল। যাৰ বাবে এতিয়া ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইলে হুথিৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে।

এক কথাত ক’বলৈ গ’লে গাজাত হামাছ,  হিজাবুল্লাহক বিধ্বস্ত কৰি এতিয়া ইজৰাইলে লক্ষ্য কৰৰি লৈছে হুথিক। ইজৰাইলে কয় যে, দেওবাৰে দুপৰীয়া ইজৰাইলী বায়ু সেনাৰ বিমানে য়েমেনৰ বন্দৰগাহ চহৰৰ হোদেইদাহত হুথি বিদ্ৰোহীৰ কেইবাটও ঘাটী ধ্বংস কৰে। ইজৰাইলী জনতাৰ বাবে বিপদ কঢ়িয়াই অনা সকলোৰে বিৰুদ্ধে তদন্ত হ’ব। তেওঁলোকৰ মতে ইজৰাইল সীমাৰ ১৮০০ কিলোমিটাৰ দূৰ পৰ্যন্ত য়েমনৰ হুথিৰ ঘাটীত এই আক্ৰমণ চলিছে।

হুথিৰ নেতা আব্দুস মালিক আল হুথিয়ে কয় যে, হিজাবুল্লাহৰ মুৰব্বী নাছৰল্লাহৰ মৃত্যু অথলে নাযায়। ইজৰাইৰ গাজাত অভিযান আৰম্ভ কৰাৰ পাছতেই হুথি বিদ্ৰোহীয়ে লোহিত সাগৰত ইজৰাইলৰ জাহাজক লক্ষ্য কৰি লৈছিল। ইয়াৰ লগতে হুথিয়ে ইজৰাইলৰ ওপৰত ড্ৰেনেৰেও আক্ৰমণ কৰিছে। শুকুৰবাৰে হুথিয়ে বেলিষ্টিক মিছাইল আৰু ড্ৰন নিক্ষেপ কৰে যি ইজৰাইলৰ আই ডি এফে বিফল কৰি তোলে।

হুথি কোন

হুথি য়েমেনৰ ছিয়া মুছলমান সংখ্যালঘুৰে গঠিত এটা উগ্ৰপন্থী সংগঠন। ২০১০ চনৰ আৰম্ভণিকে আৰৱ ক্ৰান্তিৰ পৰিস্থিতিৰ সুযোগ লৈ হুথিয়ে নিজক শক্তিশালী কৰি লৈছিল। ২০১৪ চনৰ শেষৰফালে হুথিয়ে য়েমেনৰ ৰাজধানী ছানাক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল আৰু ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত দেশখনৰ ওপৰত নিয়ন্ত্ৰণ ঘোষণা কৰিছিল।  হিজাবুল্লাহৰ দৰে হুথিয়ে ইৰানৰ সমৰ্থন লাভ কৰে।

হুথিৰ আৰম্ভণি ১৯৯০ চনত বুলি কোৱা হয়। ছিয়া মুছলিমসকলে প্ৰাক্তন ৰাষ্ট্ৰপতি আলী আব্দুল্লাহ ছালেহৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ এটা সংগঠন গঠন কৰিছিল। ইয়াৰ আন এক উদ্দেশ্য ইছলামক প্ৰচাৰ কৰা আৰু ইহুদীসকলক শেষ কৰা। কিন্তু ২০১০ চনৰ পাছতহে হুথি শক্তিশালী হৈ পৰিছিল।

Latest News