5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

যুদ্ধৰ বিভীষিকাঃ লেবাননত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৪৫ জনে

যুদ্ধৰ বিভীষিকাত বিধ্বস্ত মধ্য প্ৰাচ্যত শান্তি এতিয়া সুদূৰপৰাহত। শুকুৰবাৰে লেবাননৰ উত্তৰ-পূব অঞ্চলত পুনৰ এক ভয়াৱহ আক্ৰমণ চলায় ইজৰাইলে। এই আক্ৰমণত এইপৰ্যন্ত ৪৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। হিজবুল্লাহৰ অস্ত্ৰ নিৰ্মাণ স্থান আৰু কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি লোৱা বুলি ইজৰাইলী সেনাই দাবী কৰিছে।

যুদ্ধৰ বিভীষিকাঃ লেবাননত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ৪৫ জনে
লেবাননত পুনৰ আক্ৰমণ ইজৰাইলৰ
monjit-dutta
Monjit Dutta | Published: 02 Nov 2024 09:39 AM

ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে মধ্য প্ৰাচ্যৰ পৰিস্থিতি। আক্ৰমণ-প্ৰত্যাক্ৰমণত বিধ্বস্ত হৈ পৰিছে মধ্য প্ৰাচ্যৰ কেইবাখনো দেশ। যুদ্ধৰ বিভীষিকাৰ মাজতে কালি ইজৰাইলে পুনৰ লেবাননৰ উত্তৰ-পূব অঞ্চলত এক ভয়াৱহ আক্ৰমণ চলায়। ইজৰাইলৰ এই আক্ৰমণত এইপৰ্যন্ত ৪৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। হিজবুল্লাহৰ বিৰুদ্ধে পূৰ্বতে চলোৱা বিমান আক্ৰমণৰ পৰা ৰক্ষা পৰা গ্ৰাম্য অঞ্চলত বিমান আক্ৰমণ চলায় ইজৰাইলে। বালবেকৰ ৰাজ্যপাল বাচিৰ খোদাৰে জানিবলৈ দিয়া মতে উত্তৰ-পূবৰ ৯খন গাঁৱত ইজৰাইলে এই বিমান আক্ৰমণ চলায়।

ইৰাণ সমৰ্থিত হিজবুল্লাহৰ ওপৰত ইজৰাইলে চলাই থকা আক্ৰমণৰ অংশ কালি লেবাননত সংঘটিত এই আক্ৰমণ। হিজবুল্লাহক ধ্বংস কৰাৰ লক্ষ্যৰে ইজৰাইলে প্ৰথম অৱস্থাত হিজবুল্লাহৰ প্ৰভাৱ থকা লেবাননৰ দক্ষিণ অঞ্চলৰ সৰু সৰু সীমান্তৱৰ্তী গাঁওসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। কিন্তু যোৱা কেইটামান সপ্তাহত লেবাননত ইজৰাইলৰ এই আক্ৰমণ বালবেকৰ দৰে ডাঙৰ চহৰলৈ সম্প্ৰসাৰিত হৈছে।

লেবাননত চলোৱা ইজৰাইলৰ এই আাক্ৰমণে অঞ্চলটো প্ৰায় বিধ্বস্ত কৰি তুলিছে। দক্ষিণ উপকণ্ঠ দহিয়াহৰ কমেও ৯টা স্থান খালী কৰিবলৈ বাসিন্দাসকলক সকীয়াই দিছে ইজৰাইলৰ সেনাই। হিজবুল্লাহৰ অস্ত্ৰ নিৰ্মাণ স্থান আৰু কমাণ্ড চেণ্টাৰক লক্ষ্য কৰি লোৱা বুলি ইজৰাইলী সেনাই দাবী কৰিছে। শুকুৰবাৰে ইজৰাইলৰ যুদ্ধ বিমানে কেইবা ডজন অট্টালিকা ধ্বংস কৰাৰ লগতে চহৰৰ মাজেৰে যোৱা পথসমূহো বিধ্বস্ত কৰি তোলে।

অঞ্চলটোক প্ৰতিনিধিত্ব কৰা লেবাননৰ সাংসদ হুছেইন হাজ হাছানে দাবী কৰা মতে এই সপ্তাহত উত্তৰ-পূবৰ বালবেক চহৰ আৰু ইয়াৰ আশে-পাশে ইজৰাইলৰ তীব্ৰ বিমান আক্ৰমণৰ ফলত ৬০ হাজাৰ লোকে নিজৰ ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হৈছে। এনে আতংকময় পৰিস্থিতিৰ ফলত অঞ্চলটোৰ বহু সৰু সৰু গাঁও খালী হৈ পৰিছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।

লেবাননত ইজৰাইলে চলোৱা স্থল আক্ৰমণ আৰু বিমান আক্ৰমণত প্ৰায় ১৪ লাখ লোক প্ৰাণৰ মমতাত ঘৰ এৰি পলায়ন কৰা বুলি ৰাষ্ট্ৰসংঘৰ সংস্থাসমূহে সম্ভাৱনা প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত প্ৰায় ৪ লাখ শিশুও আছে বুলি অনুমান কৰা হৈছে। ইজৰাইলৰ আক্ৰমণত লেবাননত ২৪০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

শুকুৰবাৰৰ এই আক্ৰমণৰ পূৰ্বে বিগত মাহৰ শেষৰ ফালেও দক্ষিণ লেবাননৰ তিনিটা ভিন্ন অঞ্চলত ইজৰাইলে চলোৱা বিমান আক্ৰমণত কমেও ২১ জন লোক নিহত হৈছিল। বন্দৰ চহৰ ছিডনৰ সমীপৰ হাৰেট ছাইদাত সংঘটিত প্ৰথমটো আক্ৰমণত ৯ জন লোক নিহত হোৱাৰ লগতে ৩৮ জন আহত হৈছিল। একেদৰে দক্ষিণৰ আইন বালত এগৰাকী নাৰ্ছ আৰু তিনিজন উদ্ধাৰকাৰীকে ধৰি কমেও ৭ জন আৰু বুৰ্জ আল-শ্বেমালিত পাঁচজন লোকৰ মৃত্যু হৈছিল ইজৰাইলৰ আক্ৰমণত।

Latest News