5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Israel: বেৰুটৰ হাস্পাতালৰ সমীপত ইজৰাইলৰ বিমান আক্ৰমণ, প্ৰায় ১৮ জনৰ মৃত্যু…

Israel: ইজৰাইলে কৈছে যে যেতিয়ালৈকে সকলো পণবন্দীক এৰি দিয়া নহয় তেতিয়ালৈকে আক্ৰমণ চলাই যাব। ইয়াৰ বিপৰীতে হামাছ, হিজাবুল্লাহে কৈছে যে শীৰ্ষ নেতাৰ মৃত্যুয়ে তেওঁলোকক আৰু অধিক শক্তি প্ৰদান কৰিছে। তেওঁলোকে প্ৰতিশোধ ল'ব আৰু যুদ্ধ অব্যাহত ৰাখিব।

Israel: বেৰুটৰ হাস্পাতালৰ সমীপত ইজৰাইলৰ বিমান আক্ৰমণ, প্ৰায় ১৮ জনৰ মৃত্যু…
ইজৰাইল
barasha-sarma
Barasha Sarma | Updated On: 23 Oct 2024 11:01 AM

যুদ্ধ জৰ্জৰিত বেৰুটৰ পৰা আহিছে পুনৰ এক আক্ৰমণৰ খবৰ। বেৰুট আৰু ইয়াৰ ওচৰৰ অঞ্চলসমূহত ইজৰাইলে কৰা বিমান আক্ৰমণৰ ফলত ১৮ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে ৫৭ জনৰো অধিক আহত হয়। ইয়াৰোপৰি চহৰখনৰ সবাতোকৈ ডাঙৰ সাৰ্বজনিক হাস্পাতালখনৰ বৃহৎ ক্ষতি হয়। মঙলবাৰে  লেবাননৰ স্বাস্থ্য বিষয়াই এই তথ্য সদৰি কৰে। ইয়াৰ পূৰ্বে আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেন উপস্থিত হোৱাৰ কিছু সময় আগত হিজাবুল্লাহে মধ্য ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছিল।

লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে সোমবাৰে গভীৰ নিশা বিমান আক্ৰমণত আন ৫৭ জন লোক আহত হয় আৰু প্ৰায় ১৮ জন নিহত হয়। এই আক্ৰমণত দক্ষিণ বেইৰুটৰ উপকণ্ঠ অঞ্চলত অৱস্থিত ৰফিক হাৰিৰী বিশ্ববিদ্যালয় চিকিৎসালয়ৰ সন্মুখৰ কেইবাটাও অট্টালিকা ধ্বংস কৰা হয়।

এই আক্ৰমণৰ পাছত মন্তব্য কৰি ইজৰাইলে কয় যে, তেওঁলোকে হিজাবুল্লাহৰ শিবিৰ লক্ষ্য কৰি লৈছিল আৰু হাস্পাতালত আক্ৰমণ কৰাৰ উদ্দেশ্য তেওঁলোকৰ নহয়। ইজৰাইলৰ বিদেশ মন্ত্ৰালয়ে কয় যে ব্লিংকেনে গাজাত যুদ্ধৰ অন্ত পেলোৱা, হামাছে পণবন্দী কৰি ৰখা লোকক মুকলি কৰি দিয়া আৰু পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ দুখ-কষ্ট দূৰ কৰাৰ বিষয়ে আলোচনা কৰিবলৈ ইজৰাইলত উপস্থিত হৈছিল।

ইয়াৰ পাছতে মঙলবাৰে নিশা হিজাবুল্লাহে মধ্য ইজৰাইলৰ কেইবাটাও অঞ্চলত ৰকেট নিক্ষেপ কৰে। ইজৰাইলে জনোৱা অনুসৰি মঙলবাৰে লেবাননে ইজৰাইললৈ ৫ টা ৰকেট নিক্ষেপ কৰিছিল আৰু ইয়াৰে অধিকাংশ ক্ষেপণাস্ত্ৰ বিৰোধী ব্যৱস্থাই আকাশত ধ্বংস কৰিছিল। অৱশ্যে মুকলি ঠাইত এটা ৰকেট পৰিছিল যদিও ইয়াৰ ফলত কোনো ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বিগত ১ বছৰতকৈ অধিক কাল ধৰি গাজা- ইজৰাইলৰ মাজত যুদ্ধ চলি আছিল। যোৱা বছৰৰ ৭ অক্টোবৰত হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলক আক্ৰমণ কৰিছিল আৰু সেয়াই আছিল এই যুদ্ধাৰ আৰম্ভণি।  হামাছে কৰা আক্ৰমণৰ সময়ত  প্ৰায় ১২০০ লোক নিহত হৈছিল আৰু ২৫০ জন লোকক অপহৰণ কৰা হৈছিল।

ইয়াৰ প্ৰত্যুত্তৰত গাজাৰ ওপৰত ইজৰাইলে আক্ৰমণ কৰিছিল। স্থানীয় স্বাস্থ্য বিষয়াসকলৰ মতে, গাজাত ইজৰাইলৰ  আক্ৰমণত ৪২ হাজাৰৰো অধিক পেলেষ্টাইনী নিহত হৈছে। গাজাৰ অধিকাংশ অঞ্চল যুদ্ধৰ ফলত ধ্বংস হৈছে আৰু ইয়াৰ ২৩ লাখ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই স্থানচ্যুত হৈছে। ইজৰাইলৰ আক্ৰমণৰ ফলত এতিয়ালৈকে হামাছ, হিজাবুল্লাহৰ শীৰ্ষ নেতাসকলৰ মৃত্যু হৈছে। কিন্তু তাৰ পাছতো হামাছ, হিজাবুল্লাহে যুদ্ধ  বন্ধ কৰাৰ ইংগিত প্ৰদান কৰা নাই।

ইজৰাইলে কৈছে যে যেতিয়ালৈকে সকলো পণবন্দীক এৰি দিয়া নহয় তেতিয়ালৈকে আক্ৰমণ চলাই যাব। ইয়াৰ বিপৰীতে হামাছ, হিজাবুল্লাহে কৈছে যে শীৰ্ষ নেতাৰ মৃত্যুয়ে তেওঁলোকক আৰু অধিক শক্তি প্ৰদান কৰিছে। তেওঁলোকে প্ৰতিশোধ ল’ব আৰু যুদ্ধ অব্যাহত ৰাখিব।

Latest News