5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Israel: ইজৰাইৰ প্ৰধানমন্ত্ৰীৰ ঘৰৰ সমীপত আক্ৰমণ! এতিয়া যুদ্ধ কৰিব লাগিব ধাৰ্মিক সকলেও…

Israel: অব্যাহত আছে ইজৰাইল-গাজাৰ মাজত যুদ্ধ। ইয়াৰ সমান্তৰালকৈ লেবাননৰ ওপৰতো ইজৰাইলে এটাৰ পাছত আনটো আক্ৰমণ কৰি গৈছে। এই সকলোবোৰৰ মাজত খবৰ আহিছে যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সমীপত কৰা হৈছে আক্ৰমণ।

Israel: ইজৰাইৰ প্ৰধানমন্ত্ৰীৰ ঘৰৰ সমীপত আক্ৰমণ! এতিয়া যুদ্ধ কৰিব লাগিব ধাৰ্মিক সকলেও…
ইজৰাইল
barasha-sarma
Barasha Sarma | Published: 05 Nov 2024 14:03 PM

এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আক্ৰমণকাৰীয়ে লক্ষ্য কৰি লৈছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ঘৰ। পেলেষ্টাইনী সংবাদ সংস্থা ছামাই সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা তথ্য অনুসৰি সোমবাৰে নিশা নেতানিয়াহুৰ ঘৰৰ সমীপত বিস্ফোৰণৰ শব্দ শুনা যায়। এতিয়ালৈতে এই বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। হিজবুল্লাই উত্তৰ ইজৰাইলৰ নেতানিয়াহুৰ ব্যক্তিগত ঘৰত আক্ৰমণ চলাইছিল। অৱশ্যে এই আক্ৰমণত এতিয়ালৈকে কোনো আহত হোৱাৰ খবৰ আহি পৰা নাই।

১৯ অক্টোবৰত ইজৰাইলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে নেতানিয়াহুৰ তিনিটাকৈ ড্ৰ’নেৰে আক্ৰমণৰ চেষ্টা চলোৱা হৈছিল। এই আক্ৰমণত প্ৰধানমন্ত্ৰীৰ ঘৰ কিছু ক্ষতিগ্ৰস্তও হৈছিল। সেই সময়ত নেতানিয়াহু আৰু তেওঁৰ পত্নী ঘৰত ঘৰত নাছিল বাবে কোনো ধৰণৰ অন্য ক্ষতি হোৱা নাছিল।ইয়াৰ পাছত ২২ অক্টোবৰত হিজবুল্লাহৰ মিডিয়া অফিচৰ মুৰব্বী মহম্মদ আফিফে এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰি কয় যে তেওঁলোকে এই আক্ৰমণ সংঘটিত কৰিছিল।

উল্লেখ্য যে, যোৱা এবছৰ ধৰি অব্যাহত আছে গাজা- ইজৰাইৰ যুদ্ধ। এই যুদ্ধৰ ফলত দুয়োখন দেশৰ হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে আৰ্থিক সমস্যাও দেখা দিছে। এতিয়া পৰিস্থিতি ইমানেই বেয়াৰ ফালে ঢাল খাইছে যে ইজৰাইলে যুদ্ধৰ বাবে দেশ আৰু ধাৰ্মিক আইনৰ সাল- সলনি কৰিব লগা হৈছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গালাণ্টে সোমবাৰে দেশখনৰ আল্ট্ৰা আৰ্থডাক্সসকলৰ সেনা সেৱাত ভৰ্তিৰ ক্ষেত্ৰত থকা ৰেহাই প্ৰত্যাহাৰ কৰে। লগতে এই সম্প্ৰদায়ৰ বাবে ৭ হাজাৰ নতুন সেনাৰ খচৰা আদেশ জাৰি কৰে। জুন মাহত ইজৰাইলৰ উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰিছে বিভাগীয় কৰ্তৃপক্ষই। আদালতে কৈছিল যে এই লোকসকলক সেনাত ভৰ্তি হোৱাৰ ক্ষেত্ৰত ৰেহাই দিব নোৱাৰি।

উল্লেখ্য যে, কিছু বছৰ সেনাত ভৰ্তি হোৱাটো ইজৰাইৰ প্ৰতিগৰাকী নাগৰিকৰ বাবে অনিবাৰ্য। এই আইনৰ অধীনত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই জনতাই সেনাত যোগদান কৰিব লাগিব। কিন্তু ১৯৪৮ চনত ইজৰাইল গঠন হোৱাৰ পাছত আল্ট্ৰা অৰ্থডক্স সকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছিল। ধৰ্ম অধ্যয়ন আৰু ধৰ্মীয় কামৰ বাবে তেওঁলোকক এই ৰেহাই দিছিল।

কোন হয় এইসকল

ইজৰাইলৰ আল্ট্ৰা-অৰ্থডক্স ইহুদীসকলক হিব্ৰু ভাষাত হাৰেদিম বুলি কোৱা হয়। ই এটা ধৰ্মীয় সম্প্ৰদায়। এই সম্প্ৰদায়ৰ লোকসকলে ধৰ্মীয় শিক্ষাত নিমগ্ন হৈ থাকে আৰু কঠোৰ জীৱনশৈলী। এওঁলোকে বিলাসীতা বা আধুনিকতাৰ পৰা আঁতৰি থাকে। ইজৰাইলত তেওঁলোকৰ নিজা ৰাজনৈতিক দলো আছে, যাক শ্বাছ বুলি কোৱা হয়।

আল্ট্ৰা-অৰ্থডক্সসকলে বেছিভাগেই জায়নিষ্ট মতাদৰ্শৰ বিৰোধী আৰু পেলেষ্টাইনীসকলক এওলোকে কিছু পৰিমাণে সমৰ্থন কৰে। উল্লেখ কৰা প্ৰয়োজন যে, জায়নিষ্ট মতাদৰ্শ হৈছে এক ধৰ্মান্ধ মতাদৰ্শ বা কট্টৰ বিচাৰধাৰাৰ, যিয়ে বহু আৰব দেশৰ ভূমিত আৰব ধ্বংস আৰু বৃহত্তৰ ইজৰাইলৰ সৃষ্টিৰ কথা কয়।

Latest News