Israel: গাজাৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ৩০জনৰো অধিক…

Israel: গাজাত থকা হামাছত প্ৰায় নিঃশেষ কৰাৰ পাছতেই ইজৰাইলে লেবাননত থকা হিজাবুল্লাহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। ইতিমধ্য়ে ইজৰাইলে হামাছ আৰু হিজাবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰিছে। কিন্তু এতিয়াও শাম কটা নাই যুদ্ধ।

Israel: গাজাৰ ওপৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ, নিহত ৩০জনৰো অধিক...

ইজৰাইল- গাজা

Published: 

18 Nov 2024 09:56 AM

পুনৰ ইজৰাইলৰ আক্ৰমণত কঁপি উঠিল গাজা। দেওবাৰে পুৱা উত্তৰ গাজাৰ বেইট লাহিয়াত ইজৰাইলে কৰা ভয়ংকৰ আক্ৰমণত প্ৰায় ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু আহত হয়। গাজাৰ এখন চিকিৎসালয়ৰ পৰিচালকে এই তথ্য প্ৰদান কৰিছে। বেইট লাহিয়াৰ কমল আদৱান হাস্পতালৰ সঞ্চালক হোছাম আবু ছাফিয়াইও কয় যে এই আক্ৰমণত ৩০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। এতিয়াও ধ্বংসস্তুপৰ মাজত বহুলোক আৱদ্ধ হৈ আছে যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই আক্ৰমণত বহু ঘৰ-দুৱাৰৰো ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে ইজৰাইল সেনাই এক বিবৃতিত কৈছিল যে তেওঁলোক বেইট লাহিয়াত অৱস্থিত সন্ত্ৰাসবাদীৰ কেইবাটাও শিবিৰত আক্ৰমণ চলাইছে। বিবৃতিটোত লগতে কোৱা হৈছে যে যুদ্ধক্ষেত্ৰৰ পৰা সাধাৰণ নাগৰিকক উলিয়াই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। ইজৰাইলে দাবী কৰে যে উত্তৰ গাজাত পুনৰ সন্ত্ৰাসবাদী কাৰ্যকালাপ বৃদ্ধি পাইছে আৰু বহু সন্ত্ৰাসবাদী আহি তাত থিতাপি লৈছে। যাৰ বাবে পুনৰ এবাৰ উত্তৰ গাজাত ইজৰাইলে আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে।

ইয়াৰ পূৰ্বে শনিবাৰে গাজাত ইজৰাইলে কৰা আক্ৰমণত প্ৰায় ১২ জন লোক নিহত হোৱাৰ লগতে বহু আহত হৈছে। পেলেষ্টাইনৰ চিকিৎসা বিষয়াসকলে দেওবাৰে এই তথ্য প্ৰদান কৰে। আনহাতে ইজৰাইলী সেনাই কয় যে, উপকূলীয় চহৰ চিজাৰিয়াত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ ব্যক্তিগত বাসগৃহত গোলাবৰ্ষণ কৰাৰ পিছত তিনিজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

ইজৰাইলী সেনাৰ মতে নিশ আৰু তেওঁৰ পৰিয়াল তেওঁলোকৰ বাসগৃহত নথকাৰ সময়ত দুটা গোলাবৰ্ষণ কৰা হৈছিল। অৱশ্যে এই ঘটনাৰ ফলত কোনোলোক আহত বা নিহত হোৱা নাছিল। যোৱা মাহত হিজবুল্লাইও ড্ৰোনেৰে এই বাসগৃহটোত আক্ৰমণ সংঘটিত কৰিছিল। সেই সময়তো নেতানিয়াহু আৰু তেওঁৰ পৰিয়াল ঘৰত নাছিল যাৰ বাবে কোনো ক্ষয়- ক্ষতি হোৱা নাছিল।  এই আক্ৰমণৰ আঁৰত কোন জড়িত আছে সেই সন্দৰ্ভত এতিয়ালৈকে ইজৰাইলী সেনাই সবিশেষ তথ্য প্ৰদান কৰা নাই।

উল্লেখ্য যে, যোৱা বছৰৰ অক্টোবৰ মাহত গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হৈছে। ইয়াৰোপৰি হাজাৰ হাজাৰ লোক গৃহহীন হৈ বিভিন্ন শিবিৰত আশ্ৰয় লৈ আছে। গাজাত থকা হামাছত প্ৰায় নিঃশেষ কৰাৰ পাছতেই ইজৰাইলে লেবাননত থকা হিজাবুল্লাহৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। ইতিমধ্য়ে ইজৰাইলে হামাছ আৰু হিজাবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰিছে। কিন্তু এতিয়াও শাম কটা নাই যুদ্ধ।

ইজৰাইলৰ সমান্তৰালভাৱে হামাছ আৰু হিজাবুল্লাহেও প্ৰত্যাক্ৰমণ সংঘটিত কৰি গৈছে। মুঠতে ইজৰাইল, লেবানন আৰু গাজাৰ যুদ্ধই সাধাৰণ জনতালৈ সস্তীয়া মৃত্যু মাতি আনিছে। লেবানন, গাজাৰ চাৰিওফালে যেন এতিয়া মৃতদেহৰ দ’ম। প্ৰতিদিনেই ইজৰাইলে চলোৱা আক্ৰমণত সাধাৰণ লোকেও মৃত্যুক সাৱতি লৈছে। সকলোতকৈ বেয়া পৰিস্থিতি হৈছে গাজাত। মানুহৰ মৃত্যুৰ লগতে সাধাৰণ জনতাই এতিয়া গাজাত খাদ্য, স্বাস্থ্য আদিৰ সমস্যাত ভুগি আছে।

মহিলাৰ বাবে মহৌষধ গুড়, এইদৰে খালে লাভ কৰিব অনন্য উপকাৰ
জ্বলি থকা চাকি ভুলতো নিজে নুমাই নিদিব! হ'ব সৰ্বনাশ...
এই জন্তুক খাদ্য খুৱালে মুক্তি লাভ কৰিব শনি দোষৰ পৰা, জানক সবিশেষ...
সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!