Israel: ছিৰিয়াৰ ওপৰত ইজৰাইলৰ স্থল আক্ৰমণ, বন্দী কৰিলে নাগৰিকক

Israel: শীৰ্ষ বিষয়াৰ মৃত্যুৰ পাছতো হিজাবুল্লাহে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। হিজাবুল্লাহ আৰু ইৰাণেও ইজৰাইলৰ ওপৰত কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে।  গতিকে এবছৰ ধৰি চলি থকা যুদ্ধ কেতিয়া বন্ধ হয় সেয়া সময়ে ক'ব।

Israel: ছিৰিয়াৰ ওপৰত ইজৰাইলৰ স্থল আক্ৰমণ, বন্দী কৰিলে নাগৰিকক

আক্ৰমণ

Published: 

04 Nov 2024 08:01 AM

এটাৰ পাছত আনটো আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে। দেওবাৰে ইজৰাইল সেনাই তথ্য প্ৰদান কৰি কয় যে তেওঁলোকে ছিৰিয়াত স্থল আক্ৰমণ সংঘটিত কৰি ইৰাণৰ সৈতে জড়িত ছিৰিয়াৰ নাগৰিকক বন্দী কৰিছে। পশ্চিম এছিয়াত চলি থকা যুদ্ধত প্ৰথমবাৰৰ বাবে এনে হৈছে য’ত ইজৰাইলে ছিৰিয়ালৈ সেনা প্ৰেৰণ কৰাৰ বিষয়ে তথ্য দিছে কিন্তু এই কথা ছিৰিয়াই এতিয়াও নিশ্চিত কৰা নাই। ইজৰাইলে বিগত এটা বছৰত ছিৰিয়াত লেবাননৰ উগ্ৰপন্থী সংগঠন হিজবুল্লাহৰ সদস্য আৰু ইৰাণৰ বিষয়াক লক্ষ্য কৰি কেইবাটাও বিমান আক্ৰমণ সংঘটিত কৰিছে।

জানিব পৰা মতে ইৰাণ হিজবুল্লাহ আৰু ছিৰিয়াৰ ঘনিষ্ঠ। অৱশ্যে ইয়াৰ পূৰ্বে ইজৰাইলে ছিৰিয়াত কোনো স্থল অভিযান চলোৱা নাছিল বা সেই সন্দৰ্ভত ৰাজহুৱাকৈ প্ৰকাশ কৰ নাছিল। ইজৰাইলী সেনাৰ এজন বিষয়াই শনিবাৰে কয় যে নৌসেনাৰ সৈন্যই উত্তৰ লেবাননৰ এখন চহৰত আক্ৰমণ কৰি এজন ব্যক্তিক বন্দী কৰিছে। এই বন্দীলোকজন হিজাবুল্লাহৰ জ্যেষ্ঠ সদস্য বুলি ইজৰাইলে দাবী কৰিছে।

অৱশ্যে দেওবাৰে বিবৃতি প্ৰদান কৰাৰ সময়ত ইজৰাইলী সেনাই এয়া উল্লেখ কৰা নাই যে তেওঁলোকে ছিৰিয়াৰ ক’ত আৰু কেতিয়া আক্ৰমণ সংঘটিত কৰিছে। ইজৰাইলৰ তথ্য অনুসৰি বন্দী ব্যক্তিজনৰ নাম আলী চুলেইমান আল। এই লোকজন দক্ষিণ ছিৰিয়াৰ চেহাদত বাস কৰে। যোৱা কেইবামান ধৰি ইজৰাইলে তেওঁৰ ওপৰত নজৰ ৰখাৰ পাছত অভিযান চলাই বন্দী কৰি লয়।

ছিৰিয়াৰ সীমান্তৰ সমীপৰ ইজৰাইলৰ দখলত থকা গোলান হাইটছ অঞ্চলক লক্ষ্য কৰি ইৰাণৰ পৰিকল্পনাতো তেওঁ জড়িত বুলি ইজৰাই সেনাই দাবী কৰে। দেওবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে লেবাননৰ সীমান্ত ভ্ৰমণ কৰি কয় যে, ইৰাণে প্ৰেৰণ কৰা অস্ত্ৰ-শস্ত্ৰ হিজবুল্লাহে লাভ কৰাত বাধা দিয়াটো অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে, হামাছে আৰম্ভ কৰা আক্ৰমণৰ পাছতেই বিগত এবছৰৰো অধিক কাল ধৰি ইজৰাইলে আক্ৰমণ চলাই গৈছে। ইজৰাইলে হামাছ, হিজাবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰাৰ লগতে তেওঁলোকৰ ঘনিষ্ঠসকলকো লক্ষ্য কৰি লৈছে। বিগত সময়চোৱাত ইজৰাইলে ইৰাণৰ ওপৰতো আক্ৰমণ চলাইছিল। ইজৰাইলে গাজা, লেবানন, ইৰাণ আদিত কৰা আক্ৰমণত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক গৃহহীন হৈ আছে।

কিন্তু কোনো এটা পক্ষই এই  যুদ্ধ বন্ধ কৰাৰ ইংগিত প্ৰদান কৰা নাই। শীৰ্ষ বিষয়াৰ মৃত্যুৰ পাছতো হিজাবুল্লাহে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰি আছে। হিজাবুল্লাহ আৰু ইৰাণেও ইজৰাইলৰ ওপৰত কেইবাটাও আক্ৰমণ সংঘটিত কৰিছে।  গতিকে এবছৰ ধৰি চলি থকা যুদ্ধ কেতিয়া বন্ধ হয় সেয়া সময়ে ক’ব।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস