প্ৰথমে বিদ্ৰোহী, পাছত ইজৰাইল! ছিৰিয়াৰ ওপৰত ৩০০ তকৈ অধিক বিমান আক্ৰমণ…

৮ ডিচেম্বৰত বিদ্ৰোহী বাহিনীয়ে দখল কৰিছিল ছিৰিয়াৰ ৰাজধানী ডামাছকাচ । ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ অন্তত বিদ্ৰোহী বাহিনীয়ে ছিৰিয়াত নিজৰ দখল ঘোষণা কৰিছিল লগতে কৈছিল যে আছাদৰ শাসনৰ পৰা মুক্ত হ'ল ছিৰিয়া।

প্ৰথমে বিদ্ৰোহী, পাছত ইজৰাইল! ছিৰিয়াৰ ওপৰত ৩০০ তকৈ অধিক বিমান আক্ৰমণ...

ছিৰিয়া

Published: 

10 Dec 2024 15:38 PM

বিদ্ৰোহী বাহিনীয়ে ছিৰিয়া দখল কৰাৰ পাছতেই ইজৰাইলে দেশখনত এটাৰ পাছত আনটো বোমা নিক্ষেপ কৰি আহিছে। ইয়াৰোপৰি ইজৰাইলে গোলান হাইটছৰ ১৪ কিলোমিটাৰ ভিতৰলৈ সেনা মোতায়েন কৰিছে। ইজৰাইলৰ এই আক্ৰমণক কাটাৰ, চৌদি আৰৱ, ইৰাককে ধৰি বিভিন্ন দেশে গৰিহনা দিছে। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে এক ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে। সোমবাৰে তেওঁ কয় যে, প্ৰায় ৬০ বছৰ ধৰি ইজৰাইলৰ দখলত থকা গোলান হাইটছ সদায় ইজৰাইলৰ হৈয়ে থাকিব। জেৰুজালেমত এক সংবাদমেলত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক তেওঁৰ প্ৰথম কাৰ্যকালত ইজৰাইৰ এই ভূখণ্ডত স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনায়।

১৯৬৭ চনত দখল

১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধৰ পিছত ইজৰাইলে ছিৰিয়াৰ প্ৰায়বোৰ পাহাৰীয়া অঞ্চল দখল কৰিছিল। তেতিয়াৰ পৰা এই অঞ্চলসমূহ ইজৰাইলৰ দখলত আছে। ১৯৭৩ চনত ছিৰিয়াই সেনা পঠিয়াই এই অঞ্চল পুনৰ নিজৰ হাতলৈ অনাৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল। গোলান হাইটছৰ পৰা ছিৰিয়াৰ ৰাজধানী ডামাচকাচক প্ৰত্যক্ষ নিৰীক্ষণ কৰিব পাৰি। এই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যে উচ্চ ঠাই দখলে আমাৰ নিৰাপত্তা আৰু সাৰ্বভৌমত্ব নিশ্চিত কৰে।

কিয় ইজৰাইলে আক্ৰমণ কৰিছে

ছিৰিয়াত অভ্যুত্থানৰ সুযোগ লৈছিল ইজৰাইলে। ছিৰিয়াৰ ৰাষ্ট্ৰপতিৰ লগতে সেনাই পলায়ন কৰাৰ পাছত দেশখনত নিৰাপত্তাৰ বাবে কোনো সেনা উপস্থিত নাই। বিদ্ৰোহীয়ে ছিৰিয়া দখল কৰাৰ পাছত ইজৰাইলে গোলান হাইটছৰৰ পৰা ছিৰিয়াৰ অন্য ক্ষেত্ৰলৈ দখল বৃদ্ধি কৰাৰ চেষ্টা কৰে। ইজৰাইলে বিগত ৪৮ ঘণ্টাত ছিৰিয়াত প্ৰায় ৩০০টা বিমান আক্ৰমণ চলায়।যাৰ বাবে ছিৰিয়াৰ বায়ুসেনা আৰু বায়ু প্ৰতিৰক্ষা নেটৱৰ্ক সম্পূৰ্ণৰূপে ধ্বংস হয়। জানিব পৰা মতে ইজৰাইলৰ আক্ৰমণৰ বাবে ছিৰিয়াৰ বিমান, হেলিকপ্টাৰ আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হৈ যায়।

সোমবাৰে ইজৰাইলে ছিৰিয়াৰ অস্ত্ৰ শস্ত্ৰৰ ভাণ্ডাৰ লক্ষ্য কৰি লৈছিল। আশংকা কৰা হৈছিল ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ শাসনৰ পতনৰ পিছত উগ্ৰপন্থীয়ে এটা জব্দ কৰিব। সূত্ৰ অনুসৰি জানিব পৰা মতে, ইজৰাইলৰল বিমানে ছিৰিয়া সেনাৰ তিনিটাকৈ ডাঙৰ বিমান ঘাটিক লক্ষ্য কৰি লয়। এই আক্ৰমণত বহু সংখ্যক হেলিকপ্টাৰ, বিমান নষ্ট হৈ যায়। আছাদক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ পিছত বিমান ঘাটিত এয়া আছিল ইজৰাইলৰ ডাঙৰ আক্ৰমণ।

উল্লেখ্য যে, ৮ ডিচেম্বৰত বিদ্ৰোহী বাহিনীয়ে দখল কৰিছিল ছিৰিয়াৰ ৰাজধানী ডামাছকাচ । ২৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধৰ অন্তত বিদ্ৰোহী বাহিনীয়ে ছিৰিয়াত নিজৰ দখল ঘোষণা কৰিছিল লগতে কৈছিল যে আছাদৰ শাসনৰ পৰা মুক্ত হ’ল ছিৰিয়া। অৱশ্যে এয়াই আৰম্ভণি নহয়, যোৱা ১৩ বছৰ ধৰি গৃহযুদ্ধত জৰ্জৰিত গৈ আছে ছিৰিয়া। ছিৰিয়া চৰকাৰত ইৰাণ আৰু ৰাছিয়াই সমৰ্থন কৰি আহিছে। কিন্তু ইয়াৰ পাছতেই ছিৰিয়াৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে ইজৰাইলে।

 

অন্য খবৰ পঢ়কঃ বিদ্ৰোহী গোটৰ দখলত ছিৰিয়া, দেশ এৰি পলায়ন ৰাষ্ট্ৰপতিৰ! কি হৈ আছে দেশখনত…

 

ভেলেণ্টাইন সপ্তাহত বৃদ্ধি হয় নেকি কণ্ডমৰ বিক্ৰী?
চীন, জাপান, আমেৰিকাৰ দৰে দেশক অতিক্ৰম কৰিলে ভাৰতীয় ৰে'লৱেয়ে
গংগাৰ পানী কিয় কেতিয়াও দূষিত নহয়? পোহৰলৈ আহিল কাৰণ...
ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আছে আমলখিৰ, জানক উপকাৰিতাৰ বিষয়ে