5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ইজৰাইলৰ আক্ৰমণত কঁপি উঠিল ইৰানঃ আক্ৰমণৰ পূৰ্বেই ইজৰাইলে দিছিল ইংগিত….

শুকুৰবাৰে মাজনিশা ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায় ইজৰাইলে। ৰাষ্ট্ৰখনৰ পাঁচখন চহৰৰ ১০ টাকৈ লক্ষ্যস্থানত আক্ৰমণেৰে ভয়ানক ধ্বংসলীলা চলায়। ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে কাৰাজ, তেহৰাণ, মছাদ, কৌম আৰু শ্বিৰাজ। শতাধিক ইজৰাইলী বিমানে ধাৰাবাহিকভাৱে আক্ৰমণ চলায় ইৰানত।

ইজৰাইলৰ আক্ৰমণত কঁপি উঠিল ইৰানঃ আক্ৰমণৰ পূৰ্বেই ইজৰাইলে দিছিল ইংগিত….
ইৰানত আক্ৰমণ ইজৰাইলৰ
monjit-dutta
Monjit Dutta | Updated On: 26 Oct 2024 09:29 AM

যুদ্ধৰ বিভীষিকাত কঁপিছে মধ্য প্ৰাচ্য। মধ্য প্ৰাচ্যৰ এই বিভীষিকাময় পৰিস্থিতিয়ে উকমুকনি তুলিছে তৃতীয় বিশ্বযুদ্ধৰ। এইবাৰ যুদ্ধৰ দাবানল অধিক ব্যাপ্ত কৰি তুলিছে ইজৰাইলৰ ইৰান আক্ৰমণে। শুকুৰবাৰে মাজনিশা ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলায় ইজৰাইলে। ৰাষ্ট্ৰখনৰ পাঁচখন চহৰৰ ১০ টাকৈ লক্ষ্যস্থানত আক্ৰমণেৰে ভয়ানক ধ্বংসলীলা চলায়। ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে কাৰাজ, তেহৰাণ, মছাদ, কৌম আৰু শ্বিৰাজ। শতাধিক ইজৰাইলী বিমানে ধাৰাবাহিকভাৱে আক্ৰমণ চলায় ইৰানত।

এই আক্ৰমণৰ সময়ত খোদ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু টেল আভিভৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয়ত উপস্থিত আছিল। তেওঁ ইৰানৰ ওপৰত হোৱা এই আক্ৰমণৰ ওপৰত প্ৰত্যক্ষভাৱে নজৰ ৰাখিছিল। এই সময়ছোৱাত ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী য়োভ গেলেণ্টো প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ সৈতে উপস্থিত আছিল। ইজৰাইলে এই আক্ৰমণ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক অৱগত কৰা বুলি জানিব পৰা গৈছে।

ইৰানৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত বাইডেনক বাখ্যা কৰে নেতানিয়াহুৱে। ইজৰাইলৰ আক্ৰমণৰ পিছতো তেহৰাণত এতিয়াও আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। এই ভয়ংকৰ আক্ৰমণৰ পিছত ইৰানৰ আকাশমাৰ্গ খালী কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে ইৰানত সকলো বিমান সেৱা নিষিদ্ধ কৰা হৈছে। ইফালে ইজৰাইলৰ এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইৰানেও প্ৰত্যাক্ৰমণৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে।

দেশখনৰ সৰ্বোচ্চ নেতা খামেনিয়ে সেনাক ইজৰাইল আক্ৰমণৰ বাবে ১২ টা পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে। এনে পৰিস্থিতিত এক ভয়ংকৰ যুদ্ধই গ্ৰাস কৰাৰ ভয়ত ত্ৰস্তমান হৈছে মধ্য প্ৰাচ্য। আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে লেবাননৰ বৈদেশিক মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ যুদ্ধবিৰতি সন্দৰ্ভত সন্মতিৰ বাবে প্ৰচেষ্টা চলাইছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই প্ৰচেষ্টাই যুদ্ধৰ আশংকা অধিক বৃদ্ধি কৰিছে।

ইজৰাইলৰ এই আক্ৰমণ IRGCৰ ৰছিদ ষ্ট্ৰীট বিল্ডিঙ ধ্বংসস্তূপত পৰিণত হয় বুলি দাবী কৰিছে ইজৰাইলে। কিন্তু ইৰানৰ সংবাদ মাধ্যমে IRGCৰ সামৰিক কেন্দ্ৰত কোনো ধৰণৰ আক্ৰমণ হোৱা নাই বুলি দাবী কৰিছে। আনহাতে ইজৰাইলে পুনৰাই ইৰানৰ সংবাদ মাধ্যমৰ এই দাবী নাকচ কৰে। ইৰানৰ সেনাৰ এটা ভৱন আক্ৰমণ কৰা বুলি আইডিএফে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ইজৰাইলৰ এই আক্ৰমণক ইৰানৰ ওপৰত প্ৰতিশোধ হিচাপে গণ্য কৰা হৈছে। হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহৰ মৃত্যুৰ পিছত ইৰাণে ১ অক্টোবৰত টেল আভিভ আক্ৰমণ কৰে। এই আক্ৰমণৰ প্ৰত্যুত্তৰত প্ৰায় ২৫ দিনৰ মূৰত ইৰানৰ ওপৰত ইজৰাইলে এই প্ৰত্যক্ষ আক্ৰমণ চলায়। এই আক্ৰমণৰ পিছত ইজৰাইল সেনাই আত্মৰক্ষাৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ অধিকাৰ আছে বুলি প্ৰকাশ কৰিছে।

লক্ষণীয়ভাৱে ইজৰাইলৰ এই আক্ৰমণৰ ইংগিত শেহতীয়াকৈ পূৰ্ণ ৰূপত প্ৰকাশ পাইছিল। ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী য়োভ গেলেণ্ট ইজৰাইলৰ এয়াৰবেচত উপস্থিত হৈছিল আৰু ইয়াৰ পৰাই তেওঁ ইজৰাইলৰ প্ৰস্তুতি ইমান দীঘলীয়াকৈ কিয় চলিছিল সেয়া ইৰানকে ধৰি সমগ্ৰ বিশ্বই বুজি পাব বুলি ঘোষণা কৰিছিল।

Latest News