Israel: ইজৰাইলৰ আক্ৰমণত মৃত্যু নিজামৰ! মৃতদেহ কবৰ দিয়া ভাগ্য নহ’ল পৰিয়ালৰ…

Israel: ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত অন্য দেশৰ নাগৰিকৰো মৃত্যু হৈছে। এই লোকসকল লেবাননত চাকৰি, বাণিজ্য বা অন্য কৰ্মসূত্ৰে লেবাননত আছিল। লেবাননত এছিয়াৰ দেশসমূহৰ লাখ লাখলোকে কাম কৰে।

Israel: ইজৰাইলৰ আক্ৰমণত মৃত্যু নিজামৰ! মৃতদেহ কবৰ দিয়া ভাগ্য নহল পৰিয়ালৰ...

ইজৰাইল

Published: 

03 Nov 2024 16:07 PM

দিনৰ পাছত দিন বাগৰিছে, এজনৰ পাছত আনজন মানুহ মৰিছে, কিন্তু এতিয়াও শাম কটা নাই লেবাননৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ ঘটনা। বহু আন্তঃৰাষ্ট্ৰীয় আলোচনা, সমালোচনাৰ পাছতো ইজৰাইলে এটাৰ পাছত আনটো আক্ৰমণ কৰি গৈছে লেবাননত। ইজৰাইলৰ এই আক্ৰমণৰ ফলত কেৱল লেবানৰৰ নাগৰিকৰে মৃত্যু হোৱা নাই, ভয়ংকৰ আক্ৰমণত অন্য দেশৰ নাগৰিকৰো মৃত্যু হৈছে। এই লোকসকল লেবাননত চাকৰি, বাণিজ্য বা অন্য কৰ্মসূত্ৰে লেবাননত আছিল। লেবাননত এছিয়াৰ দেশসমূহৰ লাখ লাখলোকে কাম কৰে। ইয়াৰে আধা সংখ্যকলোক নিজ দেশলৈ উভতি আহিছে যদিও কিছুমান বিদেশী এতিয়াও লেবাননত আছে।

শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণত মৃত্যু হৈছে এজন বাংলাদেশী নাগৰিকৰ। লেবাননত থকা বাংলাদেশৰ ৰাষ্ট্ৰদূত জাভেদ তনবীৰ খানে এক বিবৃতিত কয় যে শনিবাৰে লেবাননৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ ফলত এজন বাংলাদেশী নাগৰিকৰ মৃত্যু হয়। মহম্মদ নিজাম (৩১) নামৰ লোকজনে উক্তদিনা কামলৈ গৈ থকা অৱস্থাতে এই আক্ৰমণ সংঘটিত হয়। জানিব পৰা মতে তেওঁ বেৰুটত কাম কৰি আছিল। বেৰুটৰ কৰ্মস্থলীত উপস্থিত হোৱাৰ পূৰ্বে এখন কফি শ্বপৰ সন্মুখত হোৱা আক্ৰমণত বাংলাদেশী নাগৰিক মহম্মদ নিজামৰ মৃত্যু হয়।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি লেবাননত প্ৰায় ১ লাখ বাংলাদেশী নাগৰিকে কাম কৰে। ইয়াৰে বেছি সংখ্যকলোকে লেবাননত শ্ৰমিক হিচাপে কাম কৰে আৰু একাংশই ঘৰুৱা সহায়ক হিচাপে আছে। ৰাষ্ট্ৰসংঘৰ সহায়ত যোৱা মাহত প্ৰথমখন বিমানেৰে লেবাননৰ পৰা একাংশ বাংলাদেশী নাগৰিকক দেশলৈ ঘূৰাই অনা হৈছিল। সেই সময়ত শতকৰো অধিকলোক বাংলাদেশলৈ আহিছিল।

মৃতকৰ ভাতৃ মহম্মদ জালালুদ্দিনে কয় যে তেওঁৰ কনিষ্ঠ ভাতৃ নিজাম প্ৰায় ১০ বছৰ ধৰি বেৰুটত আছিল। কিন্তু দেশলৈ তেওঁ ঘূৰি আহিব পৰা নাছিল। গতিকে এতিয়া তেওঁৰ মৃতদেহটো স্বদেশত আনি কবৰ দিব বিচাৰিছে ভাতয়ে। এই ক্ষেত্ৰত তেওঁলোকে  বাংলাদেশ চৰকাৰৰ সহায় বিচাৰিছে। ঘটনা সন্দৰ্ভত বাংলাদেশ চৰকাৰৰ বিষয়-ববীয়াই কৈছে যে, বৰ্তমান পৰিস্থিতি ইমানেই ভয়ংকৰ যে জীৱিত লোক লেবাননৰ পৰা উভতাই অনাত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। তেন্তে ক্ষেত্ৰত মৃতদেহ ঘূৰাই অনাৰ কথা চিন্তা কৰিব নোৱাৰি।

উল্লেখ্য যে. প্ৰায় ১ টা বছৰ ধৰি ইজৰাইলে প্ৰথমে গাজা আৰু পাছত লেবাননত আক্ৰমণ চলাই গৈছে। এই আক্ৰমণত এতিয়ালৈক হাজাৰ হাজাৰলোকৰ মৃত্যু হৈছে। ইজৰাইলে হামাজ, হিজাবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰাৰ পাছতো এই যুদ্ধ চলি আছে। শেহতীয়াকৈ লেবাননত ইজৰাইলে কৰা আক্ৰমণত প্ৰায় ৪৫ জনলোকৰ মৃত্যু হৈছে। এই যুদ্ধ ৰোধ কৰিবলৈ বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰই চেষ্টা কৰিছে যদিও সফল হোৱা নাই। ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কৈছে, যেতিয়ালৈকে ইজৰাইলৰ সকলো পণবন্দীক এৰি দিয়া নহয় তেতিয়ালৈকে আক্ৰমণ কৰিয়েই থাকিব।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস