ঈদৰ পূৰ্বে মুছলিম দেশত মৃত্যু তাণ্ডৱ! ইজৰাইল, আমেৰিকাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে শ শ লোকে…

ইজৰাইলে গাজাৰ ওপৰত কৰা আক্ৰমণ এতিয়াও বন্ধ হোৱা নাই। কেৱল গাজাতেই নহয়, লেবাননতো ইজৰাইলে চলাইছে আক্ৰমণ। ইয়াৰ মাজতে আমেৰিকাই ধ্বংসলীয়া আৰম্ভ কৰিছে আন এখন মুছলিম ৰাষ্ট্ৰত।

ঈদৰ পূৰ্বে মুছলিম দেশত মৃত্যু তাণ্ডৱ! ইজৰাইল, আমেৰিকাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে শ শ লোকে...

ইজৰাইল

Published: 

23 Mar 2025 15:27 PM

ইজৰাইল আৰু গাজাৰ মাজত যুদ্ধ শাম কটাৰ প্ৰয়োজন নাই। পুনৰবাৰ ইজৰাইলে গাজাৰ ওপৰত চলাইছে বিধ্বংসী আক্ৰমণ। এইবাৰ যেন ইজৰাইলে পেলেষ্টাইনৰ প্ৰতি কোনো দয়া দেখুওৱাৰ মুডত নাই। এই সময়চোৱাত ইজৰাইলে গাজাৰ লগতে আন দেশকো লক্ষ্য কৰি লৈছে। এই দেশসমূহক ইজৰাইলৈ আক্ৰমণ কৰি ধ্বংসস্তুপলৈ পৰিণত কৰিছে। ইয়াৰ মাজতে এখন মুছলিম দেশ ধ্বংস কৰাৰ বাবে আগবাঢ়ি আহিছে আমেৰিকা।

ইজৰাইলে হামাছৰ লগে লগে হিজাবুল্লাহৰ ওপৰতো যুদ্ধ বিৰতি চুক্তি ভংগ কৰি শনিবাৰে সন্ধিয়া দক্ষিণ আৰু পূৱ লেবাননৰ বিভিন্ন স্থানত বিমান আক্ৰমণ চলায়। ইয়াৰ লগতে আমেৰিকাই য়েমনত বোমা বৰ্ষণ আৰম্ভ কৰিছে। আমেৰিকাই শনিবাৰে নিশা য়েমনৰ গুৰুত্বপূৰ্ণ চহৰ হোদেইদাৰ বিমানবন্দৰকে ধৰি বিভিন্ন স্থানত আক্ৰমণ চলায়।

ইজৰাইলে বিগত এসপ্তাহত গাজত কৰা আক্ৰমণৰ ফলত প্ৰায় ৭০০ জনলোকৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে ইজৰাইলে লেবাননতো ৰক্তলীলা আৰম্ভ কৰিছে। ইজৰাইলৰ সেনাই ৱাডি জিবকিন, ৱাডি আল-শ্বৌমাৰিয়াহ, শ্ৰীফা, ফ্ৰুন আৰু ঘণ্ডৌৰিয়া চহৰৰ মাজৰ উপত্যকা আৰু ডেইৰ কানুন আল-নাহৰ আৰু ৱাডি চিনিয়া চহৰৰ বাহিৰৰ অঞ্চলত বিমান আক্ৰমণ চলাই, য’ত বহুলোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় বহুতো।

 

ইয়াৰোপৰি ইজৰাইলী বিমানে ইকলিম আল টুফাত আৰু বিভিন্ন উচ্চ স্থানক লক্ষ্য কৰি লৈছে।লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে,  ইজৰাইলৰ বিমান আক্ৰমণত এজন ব্যক্তি নিহত হোৱাৰ লগতে ১৭ জন লোক আহত হৈছে। অৱশ্যে পৰৱৰ্তী সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হ’ব পাৰে।

আমেৰিকাৰ য়েমনত আক্ৰমণ

এই সকলোবোৰৰ মাজতে যোৱা ২ সপ্তাহ ধৰি আমেৰিকাই য়েমনত আক্ৰমণ কৰি আহিছে। গাজাত গণহত্যাৰ বিৰুদ্ধে য়েমেনৰ হাউথীয়ে গ্ৰহণ কৰা স্থিতিৰ প্ৰতি সঁহাৰি জনাই ১৭ মাৰ্চত য়েমেনৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তাৰ পাছতে আৰম্ভ হৈছে আক্ৰমণ। শনিবাৰে নিশা আমেৰিকাই পশ্চিম য়েমেনৰ উপকূলীয় চহৰ হোদেইদাহৰ দক্ষিণে থকা হোদেইদা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি বিভইন্ন স্থানত আক্ৰমণ চলায়।

উল্লেখ্য যে, ইজৰাইল আৰু গাজাৰ মাজৰ যুদ্ধ আজিৰ নহয়, বছৰ ধৰি চলি অহা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে। বিশেষকৈ গাজাৰ অৱস্থা ভয়াবহ হৈ পৰিছে। গাজাৰ লোকসকলে খাদ্য পানী, উপযুক্ত স্বাস্থ্যকে ধৰি বিভিন্ন সমস্যাত ভুগিছে। মাজতে এই বিধ্বংসী আক্ৰমণ কিছু পৰিমাণে শাম কাটিছিল যদিও শেহতীয়াকৈ পুনৰ ই গা কৰি উঠিছে। এই ভয়ংকৰ যুদ্ধই গাজাত ধ্বংসস্তুপলৈ পৰিণত কৰিছে। সকলোফালে কেৱল তেজৰ চেকুৰা আৰু মৃতদেহৰ দ’ম। হয়তো এনে পৰিস্থিতিৰ মাজতে গাজা, য়েমেন, লেবানন আদি মুছলিম দেশে উদযাপন কৰিব লাগিব ঈদ।

 

অন্য খবৰ পঢ়কঃ  ১৫ মাহ অন্তত যুদ্ধবিৰতিঃ ইজৰাইলে মুকলি কৰি দিলে ৯০ পেলেষ্টাইনীক…

ধনৰ অভাৱ দূৰ কৰিবলৈ পাকঘৰত ৰাখক এই বস্তু, জানক সবিশেষ...
কৰমুক্ত IPLৰ পৰা কিদৰে ধন উপাৰ্জন কৰে চৰকাৰে?
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? শুনি হ'ব আচৰিত...
আইপিএলৰ ইতিহাসত সৰ্বাধিক শূন্যত আউট হোৱা খেলুৱৈজন কোন জানেনে ?