শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মোৰ মাহেকীয়া চলি আছিল, কাপোৰ খুলিব কৈছিল আৰু পাছত…যুৱতীয়ে ক’লে হামাছৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা…

ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ শাম কটাৰ নাম লোৱা নাই। ইয়াৰ মাজতে হামাছৰ বন্দীত্বৰ পৰা মুকলি হৈ অহা এগৰাকী যুৱতীয়ে তেওঁৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰে। তেওঁ কয়, কেনেদৰে কেৱল মাত্ৰ সন্তান জন্ম দিবৰ বাবে তেওঁক বিয়াৰ কৰাব বিচাৰিছিল।

মোৰ মাহেকীয়া চলি আছিল, কাপোৰ খুলিব কৈছিল আৰু পাছত…যুৱতীয়ে ক’লে হামাছৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা…
ইলানাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 26 Mar 2025 16:02 PM

হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধ এতিয়াও শাম কটাৰ নাম লোৱা নাই। এই যুদ্ধৰ মাজতে হামাছ আৰু ইজৰাইলে চুক্তি মৰ্মে বহু পনবন্দীক মুকলি কৰি দিছে। হামাছৰ কাৰাগাৰত বন্দী ইজৰাইলী মহিলা ইলানা গ্ৰীচ’ভস্কে শেহতীয়াকৈ এক ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে।  তেওঁ কয় যে, ২০২৩ চনৰ ৭ অক্টোবৰত তেওঁক হামাছে বন্দী কৰি বাইকেৰে এঠাইলৈ লৈ গৈছিল। তাৰ পাছত তেওঁ অচেতন হৈ পৰিছিল আৰু যেতিয়া চেতনা ঘূৰি আহিছিল তেতিয়া এখন মজিয়াত পৰি আছিল। সেই সময়ত তেওঁৰ দেহত এখনো কাপোৰ নাছিল আৰু সন্মুখত থিয় হৈ আছিল হামাছৰ ৭ বন্দুকধাৰী।

দ্য নিউয়ৰ্ক টাইমছক দিয়া এক সাক্ষাৎকাৰত গ্ৰীচ’ভস্কে কয় যে সেই সময়ত মই বিষ-যন্ত্ৰনাত ককবকাই আছিলো। মোক কিয় তালৈ লৈ যোৱা হৈছিল মই জনা নাছিলো। মই তেওঁলোকক কৈছিলো যে মোৰ মাহেকীয়া চলি আছে। ইয়াৰ লগে লগে বন্দুকধাৰী যুৱককেইজনে হাঁহিবলৈ আৰম্ভ কৰিছিল। মোৰ মাহেকীয়া হৈ থকা বাবে হামাছৰ যুঁজাৰুসকলে কোনো বেয়া কাম কৰা নাছিল। নহ’লে সেইদিনা তেওঁলোকে মোৰ চাগে ধৰ্ষণ কৰিলে হয়।

তেওঁ কয় যে, বন্দী হোৱাৰ পাছত কেইদিনমান তেওঁ তাতেই আছিল। পাছত স্থান সলনি কৰা হৈছিল। তেতিয়াই হামাছৰ একাংশই বিবাহৰ প্ৰস্তাৱ দিছিল। ইমানেই নহয়, কিছুমানে কৈছিল যে এতিয়া তেওঁক হামাছৰ যুঁজাৰুৰ সৈতে বিয়া পাতি দিয়া হ’ব আৰু তেওঁৰ মূল কাম হ’ব সন্তান জন্ম দিয়া। কেৱল সন্তান জন্ম দিয়াৰ বাবে হামাছৰ লোকে তেওঁক বিয়া কৰাব বুলি কৈছিল।

গ্ৰীচ’ভস্কৰ মতে, যেতিয়া বন্দীসকলক মুকলি কৰি দিয়াৰ চুক্তি কৰা হৈছিল, তেতিয়া তেওঁৰ ওচৰলৈ হামাছৰ এজন যোদ্ধা আহিছিল। সেই যুঁজাৰুজনে কৈছিল যে তোমাক লৈ চুক্তি হ’লেও তোমাক এৰি নিদিয়ে। মই তোমাক বিয়া কৰাব বিচাৰো। ইয়াৰ পাছতে যুৱকজনে গ্ৰীচ’ভস্কৰ হাতৰ পৰা ব্ৰেচলেট খুলি লৈ গৈছিল।

ইলানাই কয় যে,তেওঁৰ পৰিয়ালে মেক্সিকোৰ পৰা প্ৰব্ৰজন কৰি ইজৰাইলৰ কিবুটজত নিজৰ ঘৰ নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত ইজৰাইলতে তেওঁৰ বিবাহ হৈছিল। ইলানাই স্বামীৰ সৈতে মিলি ঘৰ পোহপাল দিছিল যদিও অক্টোবৰত হামাছে তেওঁ বন্দী কৰি নিছিল।ইলানাই কয় যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ পিছত হামাছৰ দুজন যোদ্ধাই তেওঁক বাইকেৰে গাজাৰ দিশে লৈ গৈছিল। সেই সময়ত এজনে বাইক চলাই আছিল আৰু আনজনে পাছত বহি আছিল।ইলানাই কয় যে, তেওঁৰ স্বামী এতিয়াও হামাছৰ ওচৰত বন্দী হৈ আছে।

 

অন্য খবৰ পঢ়কঃ ঈদৰ পূৰ্বে মুছলিম দেশত মৃত্যু তাণ্ডৱ! ইজৰাইল, আমেৰিকাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে শ শ লোকে…