5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিদ্যালয়ত আশ্ৰয় লৈ থকালোকৰ ওপৰত আক্ৰমণ, গাজাত পুনৰ মৃত্যু প্ৰায় ২২ জনৰ

হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ পাছতো গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ বন্ধ হোৱা নাই। প্ৰায় ১৪ মাহ ধৰি চলি থকা যুদ্ধৰ ফলত পেলেষ্টাইনীসকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। শেহতীয়াকৈ গাজাত প্ৰায় ২২ জনলোকে প্ৰাণ হেৰুৱায়। গৃহহীনলোকে আশ্ৰয় লৈ থকা বিদ্যালয়ত এই আক্ৰমণ কৰে।

বিদ্যালয়ত আশ্ৰয় লৈ থকালোকৰ ওপৰত আক্ৰমণ, গাজাত পুনৰ মৃত্যু প্ৰায় ২২ জনৰ
ইজৰাইল- গাজাImage Credit source: TV9hindi
barasha-sarma
Barasha Sarma | Published: 23 Dec 2024 13:01 PM

এটাৰ পাছত আনটো আক্ৰমণ। হাজাৰ হাজাৰ মানুহৰ মৃত্যুৰ পাছতো গাজাৰ ওপৰত ইজৰাইৰ আক্ৰমণ বন্ধ হোৱা নাই। দেওবাৰে পুনৰ ইজৰাইে গাজাৰ ওপৰত আক্ৰমণ কৰে য’ত ৫ টা শিশুসহ কমেও ২২ জনলোকৰ মৃত্যু হয়। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি গাজা চহৰৰ পৰা স্থানচ্যুত লোকসকলে আশ্ৰয় লৈ থকা এখন বিদ্যালয়ত ইজৰাইলে সংঘটিত কৰা আক্ৰমণক শিশুসহ কমেও ৮ জনলোকৰ নিহত হয়। কিন্তু ইজৰাইলী সেনাই কয় যে, সেই স্থানত হামাছৰ সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ আছিল।

ইয়াৰোপৰি আল আকছা শ্বহীদ চিকিৎসালয়ৰ তথ্য অনুসৰি শনিবাৰে নিশা ডেইৰ আল বালাহৰ এটা ঘৰত ইজৰাইলে কৰা আক্ৰণত শিশু মহিলাসহ প্ৰায় ৮ জনলোকৰ মৃত্যু হয়। লগতে আন কেইবাটাও স্থানত সংঘটিত হোৱা আক্ৰমণত আন ৬ জনলোকৰ মৃত্যু হয়। লক্ষণীয় যে, হামাছৰ লগত যুদ্ধ আৰম্ভ হোৱাৰ মাজতে ইজৰাইলে অবিৰতভাৱে গাজাৰ ওপৰত আক্ৰমণ চলাই গৈছে।

ইয়াৰ মাজতে  ইজৰাইল কৰ্তৃপক্ষই কেথলিক গীৰ্জাৰ ধৰ্মগুৰু কাৰ্ডিনেল পিয়ৰবাটিষ্টা পিজ্জাবালাত গাজাত প্ৰৱেশ কৰি খ্ৰীষ্টান সম্প্ৰদায়ৰলোকৰসকলৰ সৈতে বৰদিনৰ পূৰ্বে এক প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে। তথ্য অনুসৰি ভেটিকানৰ দূতে গাজাৰ খ্ৰীষ্টানসকলৰ সৈতে সামূহিক প্ৰাৰ্থনা কৰে। গাজা চহৰৰ হোলী ফেমেলি গীৰ্জাত পিজ্জাবালা আৰু অন্য ধৰ্মগুৰুয়ে প্ৰাৰ্থনা কৰি থকা সময়ত বহু ভক্ত একত্ৰিত হয়। সেই সময়ত গীৰ্জাত প্ৰাৰ্থনাৰ ধ্বনি শুনিবলৈ পোৱাৰ লগতে গাজা চহৰৰ ওপৰত শুনিবলৈ পোৱা গৈছিল ইজৰাইলৰ ড্ৰোনৰ শব্দ।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতো ইজৰাইলে গাজাৰ ওপৰত আক্ৰমণ বন্ধ কৰা নাই। ইজৰাইলী সেনাৰ মতে তেওঁলোকে ইছলামিক জিহাদৰ বিৰুদ্ধে এই আক্ৰমণ সংঘটিত কৰিছে। প্ৰায় প্ৰতিদিনে ইজৰাইলে আক্ৰমণ সংঘটিত কৰিছে য’ত বেছি সংখ্যক মহিলা আৰু শিশুৰ মৃত্যু হৈছে।

২০২৩ চনৰ ৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে ইজৰাইলৰ ওপৰত গাজাই আক্ৰমণ কৰিছিল য’ত প্ৰায় ১২০০ লোকৰ মৃত্যু হৈছিল। ইয়াৰ লগতে ইজৰাইৰ পৰা অপহৰণ কৰি লৈ গৈছিল প্ৰায় ২৫০ জন সাধাৰণলোকক। বৰ্তমান সময়তো ইজৰাইলৰ প্ৰায় ১০০ গৰাকীলোক হামাছে বন্দী কৰি ৰাখিছে। হামাছৰ এই আক্ৰমণৰ পাছতেই ইজৰাইলে ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে আক্ৰমণ আৰম্ভ কৰিছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ইজৰাইলৰ বোমা বিস্ফোৰণ আৰু স্থল আক্ৰমণত গাজাত ৪৫ হাজাৰতকৈ অধিক পেলেষ্টাইনী নিহত হৈছে, ইয়াৰে আধাতকৈ অধিক মহিলা আৰু শিশু। ইয়াৰোপৰি লাখ লাখলোক গৃহহীন হৈ পৰিছে।

গাজাত বৰ্তমান তীব্ৰ সংকতে দেখা দিছে। প্ৰায় ১৪ মাহ ধৰি চলি থকা আক্ৰমণৰ ফলত গাজা সম্পূৰ্ণ ধ্বংস হোৱাৰ পিনে গতি কৰিছে। গাজাৰ লাখ লাখ জনতা ভুগি আছে সমস্যাত। বৰ্তমান গাজাত শীত পৰিছে। কিন্তু শীতৰ পৰা পৰিত্ৰাণ পাবলৈ গাজাবাসীৰ মাজত নাই কম্বল, পৰ্যাপ্ত কাপোৰ। ইয়াৰোপৰি স্বাস্থ্য, খাদ্য, খোৱা পানী, আশ্ৰয় আদিৰ সমস্যাত গাজাবাসীৰ জীৱন ভয়লগা হৈ পৰিছে।

Latest News