শান্তিৰ সম্ভাৱনা নাই! গাজাত ইজৰাইলৰ আক্ৰমণত মৃত্যুৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, নিহত হৈছে ১৫ হাজাৰতকৈ অধিক শিশু
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, এই যুদ্ধত এতিয়ালৈকে ৫০,০২১ জন পেলেষ্টাইনী নিহত হোৱাৰ বিপৰীতে ১ লাখ ১৩ হাজাৰৰো অধিক লোক আহত হৈছে। ইয়াৰ ভিতৰত মঙলবাৰে ইজৰাইলৰ বোমা বিস্ফোৰণৰ পিছত ৬৭৩ জন লোকৰ মৃত্যুও অন্তৰ্ভুক্ত।

গাজাৰ বিভিন্ন অঞ্চলত চলি থকা যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাৰ মাজতে অব্যাহত আছে সংঘাত। গাজাত ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধত এতিয়ালৈকে ৫০ জনতকৈ অধিক হাজাৰা পেলেষ্টাইনী নিহত হৈছে। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ইজৰাইলৰ নতুন বিমান আক্ৰমণত নিশাটোৰ ভিতৰতে কমেও ২৬ জন পেলেষ্টাইনী নিহত হৈছে। য’ত হামাছৰ এগৰাকী ৰাজনৈতিক নেতা আৰু কেইবাগৰাকীও মহিলা আৰু শিশু অন্তৰ্ভুক্ত আছে।
যোৱা কেইদিনমানৰ পৰা ইজৰাইল সেনাই তীব্ৰতৰ কৰি তুলিছে আক্ৰমণ। ইয়াৰ উপৰিও দক্ষিণৰ ৰাফা চহৰৰ কিছু অংশলৈ স্থলসেনা প্ৰেৰণ কৰে কাৰণ হাজাৰ হাজাৰ পেলেষ্টাইনী লোকে খালী কৰাৰ নিৰ্দেশৰ পাছত সেই ঠাইৰ পৰা ওলাই যায়। বিগত সপ্তাহত ইজৰাইলে হঠাৎ চলোৱা আক্ৰমণে যুদ্ধবিৰতিৰ সম্ভাৱনাক অন্ত পেলাইছিল। শেহতীয়া আক্ৰমণত শ শ লোকৰ মৃত্যু হৈছে, আৰু ইয়াৰ ফলত উত্তৰ গাজাত স্থলভাগত আক্ৰমণ আৰম্ভ হৈছে। তেওঁলোকে সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছে বুলি দাবী কৰা হৈছে।
শনিবাৰে সন্ধিয়া ইজৰাইলৰ কেবিনেটে পেলেষ্টাইনীসকলৰ “স্বেচ্ছামূলক প্ৰস্থান”ক আগবঢ়াবলৈ নতুন সঞ্চালকালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। যিটো আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গাজা খালী কৰি আনৰ বাবে পুনৰ নিৰ্মাণ কৰাৰ প্ৰস্তাৱৰ সৈতে সমাঞ্জস্য। অৱশ্যে পেলেষ্টাইনীসকলে কয় যে, তেওঁলোকে নিজৰ জন্মস্থান এৰি যাব নিবিচাৰে।
ইফালে ইজৰাইলী বাহিনীয়ে ইতিমধ্যে গুৰুতৰভাৱে ধ্বংসপ্ৰাপ্ত টেল আল চুলতান (Tel al-Sultan) চুবুৰীৰ পৰা খোজকাঢ়ি ওলাই যাবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ফলস্বৰূপে যুদ্ধৰ বাবে ২০ লাখতকৈ অধিক জনসংখ্যাৰ গাজাৰ অধিকাংশ লোকে নিজৰ অঞ্চল এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে।
ইজৰাইলৰ সেনাই কেৱল সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱা বুলি উত্থাপন হোৱা দাবীক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই। ইজৰাইলে সাধাৰণ নাগৰিকৰ মৃত্যুৰ বাবে হামাছক দোষাৰোপ কৰিছে, কাৰণ ইজৰাইলে ঘন জনবসতিপূৰ্ণ অঞ্চলৰ পৰা কাম কৰে। এই আক্ৰমণত হামাছৰ নেতা, মহিলাকে ধৰি শিশু নিহত হৈছে। হামাছে জনোৱা মতে, শেহতীয়াকৈ মুৱাছিত সংঘটিত আক্ৰমণত তেওঁলোকৰ ৰাজনৈতিক ব্যুৰোৰ এজন সুপৰিচিত সদস্য ছালাহ বৰদাভিলৰ মৃত্যু হৈছে, লগতে তেওঁৰ পত্নীও নিহত হৈছে। আনহাতে, দক্ষিণ গাজাৰ চিকিৎসালয়সমূহে কয় যে, তেওঁলোকে নিশাৰ ভিতৰতে হোৱা আক্ৰমণত আৰু ২৪টা মৃতদেহ উদ্ধাৰ কৰে, য’ত বহু মহিলা আৰু শিশু আছে।
ইজৰাইলৰ আক্ৰমণত মানুহক হত্যাৰ প্ৰক্ৰিয়া অব্যাহত আছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, এই যুদ্ধত এতিয়ালৈকে ৫০,০২১ জন পেলেষ্টাইনী নিহত হোৱাৰ বিপৰীতে ১ লাখ ১৩ হাজাৰৰো অধিক লোক আহত হৈছে। ইয়াৰ ভিতৰত মঙলবাৰে ইজৰাইলৰ বোমা বিস্ফোৰণৰ পিছত ৬৭৩ জন লোকৰ মৃত্যুও অন্তৰ্ভুক্ত। এই আক্ৰমণৰ পিছত যুদ্ধবিৰতিৰ সম্ভাৱনা শেষ হয়।
স্বাস্থ্য মন্ত্ৰালয়ৰ সঞ্চালক প্ৰধান ডাঃ মুনিৰ আল-বৰ্ছে জনোৱা মতে, মৃত্যু হোৱা লোকৰ ভিতৰত ১৫,৬১৩ টা শিশু আছে, ইয়াৰে ৮৭২ টা শিশুৰ বয়স এবছৰৰ কম। মন্ত্ৰালয়ে নিজৰ হিচাপ-নিকাচত সাধাৰণ নাগৰিক আৰু যুঁজাৰুৰ মাজত পাৰ্থক্য নকৰে যদিও মৃতকৰ আধাতকৈ অধিক লোকৰ ভিতৰত মহিলা আৰু শিশু আছে বুলি দাবী কৰিছে।