যুদ্ধবিৰতিৰ সম্ভাৱনা নাই, আছে মাথোঁ মৃত্যুৰ চিৎকাৰ ! ১৫ মাহৰ যুদ্ধত গাজাত ৪৬,০০০ৰো অধিক লোকে হেৰুৱালে প্ৰাণ
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই যুদ্ধত নিহত হৈছে ৪৬,০০০তকৈও অধিক ফিলিস্তিনি। আনহাতে আহত হৈছে ১,০৯,৩৭৮ জন লোক। মৃতসকলৰ ভিতৰত আছে আধাতকৈও অধিক মহিলা আৰু শিশু।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছ-ইজৰাইলৰ মাজত আৰম্ভ হোৱা যুদ্ধই গাজাত সৃষ্টি কৰিছে বিধ্বংসী পৰিস্থিতিৰ। চৌদিশে মাথোঁ দেখা গৈছে ভঙা অট্টালিকা ধ্বংসাৱশেষ। ইয়াৰ মাজতে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই যুদ্ধত নিহত হৈছে ৪৬,০০০ তকৈও অধিক ফিলিস্তিনি। আনহাতে আহত হৈছে ১,০৯,৩৭৮ জন লোক। মৃতসকলৰ ভিতৰত আছে আধাতকৈও অধিক মহিলা আৰু শিশু। অৱশ্যে মৃতসকলৰ ভিতৰত কিমানজন যুঁজাৰু আছিল সেই তথ্য প্ৰকাশ পোৱা নাই। মন্ত্ৰালয়ে কয় যে ১৫ মাহৰ সংঘৰ্ষৰ এতিয়াও অন্ত পৰা পৰিলক্ষিত হোৱা নাই।
ইজৰাইলী সামৰিক বাহিনীয়ে জনোৱা অনুসৰি তেওঁলোকে কোনো প্ৰমাণ প্ৰদান নকৰাকৈ ১৭,০০০ তকৈও অধিক সন্ত্ৰাসবাদীক হত্যা কৰিছে। লগতে কয় যে, তেওঁলোকে অসামৰিক লোকসকলক ক্ষতিৰ পৰা আঁতৰত ৰাখিববলৈ চেষ্টা কৰিছে। তেওঁলোকে এই মৃত্যুৰ বাবে হামাছক দোষাৰোপ কৰিব বিচাৰে। কাৰণ উগ্ৰপন্থীসকলে আৱাসিক এলেকাত থাকি কাম কৰে। ইজৰাইলে বাৰে বাৰে সেইসমূহ এলেকা আক্ৰমণ কৰিছে, যি ক্ষেত্ৰত তেওঁলোকে দাবী কৰে যে সেইসকল আশ্ৰয় আৰু চিকিৎসালয়ত লুকাই থকা সন্ত্ৰাসবাদী, য’ত প্ৰায়ে মহিলা আৰু শিশুসকলৰ মৃত্যু হয়।
ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতিৰ আশা
ইফালে ইজৰাইল আৰু হামাছে শেহতীয়া সপ্তাহবোৰত যুদ্ধবিৰতি আৰু বন্দীসকলক মুক্তি দিয়াৰ বাবে এক চুক্তিৰ কাষ চাপিছে। বিদেশ সচিব এণ্টনি ব্লিংকেনে এই সপ্তাহত কৈছিল যে দুয়ো পক্ষৰ মাজত শীঘ্ৰে এক চুক্তি হোৱা সম্ভাৱনা আছে। তেওঁ আশা কৰে যে আহিবলগীয়া ট্ৰাম্প প্ৰশাসনক আমেৰিকাৰ কূটনীতি হস্তান্তৰ কৰাৰ আগতে এই কাম সম্পূৰ্ণ হ’ব পাৰে। যদিও তেওঁ লগতে আমেৰিকাৰ আন বিষয়াসকলে বিগত বছৰত কেইবাবাৰো একে ধৰণৰ আশা প্ৰকাশ কৰিছিল, কিন্তু তেনে একো হোৱা নাছিল।
ইজৰাইলৰ আক্ৰমণত বিধ্বস্ত গাজা
এই যুদ্ধই ধ্বংস কৰিছে গাজাৰ বৃহৎ অঞ্চল। ইয়াৰ ফলত ২.৩ মিলিয়নৰ ভিতৰত প্ৰায় ৯০% লোকক স্থানচ্যুত হৈছে। নিজৰ জীৱন বচাবলৈ শিবিৰত আশ্ৰয় লৈছে বহু লোকে। খাদ্যৰ পৰা পানীয়লৈকে সকলো প্ৰাথমিক সুবিধাৰ অভাৱ ঘটিছে। একে সময়তে প্ৰচণ্ড ঠাণ্ডাত বহুলোকে মুকলি আকাশৰ তলত বাস কৰিবলৈ বাধ্য হৈছে।
ফাতমা আবু আৱাদ নামৰ এগৰাকী মহিলাই মঙলবাৰে ১৫ মিনিটৰ ভিতৰত দুটা ইজৰাইলী আক্ৰমণত তেওঁৰ পৰিয়ালৰ ছয়জন সদস্যক হেৰুৱাইছিল। তেওঁৰ পুত্ৰ এখন বাহনত ইজৰাইলী আক্ৰমণত নিহত হৈছিল। আনহাতে মুৱাচি খান ইউনুছৰ এটা তাঁবুত হোৱা আক্ৰমণত তেওঁৰ পুত্ৰ আহত হোৱাৰ লগতে তেওঁৰ পত্নী আৰু চাৰিটা সন্তান নিহত হৈছিল। ফাতমাই কয় “আমি প্ৰতিদিনে যুদ্ধবিৰতিৰ বাতৰিৰ বাবে অপেক্ষা কৰি আছো। কিন্তু কোনো যুদ্ধবিৰতি খবৰ নাই, কেৱল মোৰ পুত্ৰ আৰু মোৰ বোৱাৰী আৰু তেওঁৰ সন্তান নিহত হোৱাৰ খবৰহে লাভ কৰিছো”।
২০২৩ চনৰ ৭ অক্টোবৰত হামাছ নেতৃত্বাধীন উগ্ৰপন্থীয়ে ইজৰাইলত আক্ৰমণ কৰাৰ পাছত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰম্ভ হয়। যাৰ ফলত প্ৰায় ১,২০০ জন লোক নিহত হয়। যাৰ ভিতৰত বেছিভাগ সাধাৰণ লোক আছিল। এই সময়ছোৱাত হামাছৰ সন্ত্ৰাসবাদীয়ে প্ৰায় ২৫০ জন লোকক অপহৰণ কৰে আৰু তেওঁলোকক নিজৰ জিম্মাত লয়। তেতিয়াৰ পৰাই ইজৰাইলে গাজাত নিৰন্তৰভাৱে আক্ৰমণ কৰি আহিছে।