VIDEO: ১০ মাহ ধৰি চলি থকা এই যুদ্ধ বন্ধ হ’বনে ? গাজাত সুৰংগৰ পৰা ৬ জন পণবন্দীৰ মৃতদেহ উদ্ধাৰ ইজৰাইল সেনাৰ

সামাজিক মাধ্যম এক্সৰ জৰিয়তে ইজৰাইলী সেনাই এটা ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত ছয়জন ইজৰাইলী পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰৰ অভিযান দেখুওৱা হৈছে। ইজৰাইল সেনাই এই ভিডিঅ’টো ২০ আগষ্টত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ।

VIDEO: ১০ মাহ ধৰি চলি থকা এই যুদ্ধ বন্ধ হ’বনে ? গাজাত সুৰংগৰ পৰা ৬ জন পণবন্দীৰ মৃতদেহ উদ্ধাৰ ইজৰাইল সেনাৰ
Published: 

21 Aug 2024 10:41 AM

যোৱা ১০ মাহ ধৰি চলি আছে ইজৰাইল আৰু হামাছৰ যুদ্ধ । এই যুদ্ধ কেতিয়া বন্ধ হ’ব, কেতিয়া দুয়োটা পক্ষই যুদ্ধ বিৰতি বা শান্তি ছুক্তি মানি ল’ব তাৰ ধাৰণা কৰাটো একেবাৰে কঠিন । কাৰণ এই যুদ্ধক আৰু অধিক ভয়াৱহ দিশলৈ লৈ যাব পৰা ঘটনা প্ৰায়ে পোহৰলৈ আহিছে । এফালে আমেৰিকা, ইজিপ্ত, কাটাৰৰ দৰে দেশে ইজৰাইল আৰু হামাছৰ মাজত চুক্তিৰ বাবে বৈঠকত মিলিত হৈছে যদিও ফলপ্ৰসূ কোনধৰণৰ আপডেট এতিয়ালৈকে লাভ কৰা নাই ।

শেহতীয়াকৈ এনে এক খবৰ প্ৰকাশ পাইছে যে, যিটো খবৰে এই দুই পক্ষৰ যুদ্ধক আৰু অধিক দীঘলীয়া কৰিব পাৰে । সামাজিক মাধ্যম এক্সৰ জৰিয়তে ইজৰাইলী সেনাই এটা ভিডিঅ’ প্ৰকাশ কৰিছে, য’ত ছয়জন ইজৰাইলী পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰৰ অভিযান দেখুওৱা হৈছে। ইজৰাইল সেনাই এই ভিডিঅ’টো ২০ আগষ্টত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ।

এই ভিডিঅ’টো শ্বেয়াৰ কৰি ইজৰাইলী সেনাই সদৰী কৰিছে যে, ১০ মিটাৰ গভীৰ সুৰংগত অভিযান চলাই ইজৰাইল সেনাই ৬ গৰাকী ইজৰাইলী পণবন্দীৰ মৃতদেহ উদ্ধাৰ কৰিছে । উল্লেখ্য যে, এই ইজৰাইলী পণবন্দী কেইজন হামাছৰ অভিযানত নিহত হোৱা বুলি সন্দেহ কৰা গৈছে । ইফালে, সেই সুৰংগৰ পৰা সেনাই সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সমাগ্ৰী উদ্ধাৰ কৰাৰ লগতে আত্মগোপন কৰা স্থানৰ অৱস্থিতি লাভ কৰাৰ কথাও সদৰী কৰিছে ইজৰাইল সেনাই ।

মনকৰিবলগীয়া যে, এই পণবন্দী কেইজন কি পৰিস্থিতি কেনেদৰে মৃত্যু হয় সেই সন্দৰ্ভত ইজৰাইল সেনাই কোনো ধৰণৰ তথ্য় প্ৰকাশ কৰা নাই । উল্লেখ্য যে, এতিয়াও ১১০ জন ইজৰাইলীক হামাছে পণবন্দী কৰি ৰাখিছে বুলি অনুমান কৰা হৈছে । অৱশ্যে ইজৰাইলৰ বিষয়াসকলে অনুমান কৰিছে যে, ইয়াৰে প্ৰায় এক তৃতীয়াংশ পণবন্দীৰ মৃত্যু হৈছে।

১ লাখৰো অধিক! ডুবাইত এটা সৰু ফ্লেটৰ ভাড়া জানিলে আচৰিত হ'ব আপুনি...
ধন লাভৰ বাবে এইদৰে ব্যৱহাৰ কৰক নিমখ আৰু লং!
দেশৰ একমাত্ৰ নদী, য'ৰ পৰা মানুহে উপাৰ্জন কৰে কোটি টকা! জানক কেনেকৈ...
কিয় ছাণ্টাক্লজে কেৱল ৰঙা কাপোৰ পৰিধান কৰে জানেনে, আছে এটা বিশেষ কাৰণ...