চৰাইবোৰেও উৰিবলৈ ভয় কৰা হৈছে ! সপোন দেখাৰ বয়সত যুদ্ধৰ পৰিণতি ভুগিছে গাজাৰ হাজাৰ হাজাৰ শিশুৱে…
Israel Hamas War: যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ হোৱা হামাছ আৰু ইজৰাইলৰ যুদ্ধ কেতিয়া শেষ, তাৰো নিশ্চয়তা নাই । যোৱা সপ্তাহৰ পৰা গাজাৰ বিদ্যালয় সমূহকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইজৰাইল সেনাই । গাজাৰ স্থানীয প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত বিদ্যালয় সমূহৰ উপৰিও ৰাষ্ট্ৰসংঘৰ বিদ্যালয় সমূহতো আক্ৰমণ সংঘটিত কৰিছে ইজৰাইলে ।
বোমা-বাৰুদৰ শব্দৰ বাহিৰে এতিয়া গাজা ষ্ট্ৰিপত একো শব্দই শুনা নাযায় । গাজাৰ মুক্ত আকাশত চৰাই-চিৰিকটিবোৰেও এতিয়া উৰিবলৈ ভয় কৰা হৈছে । চাৰিওফালে কেৱল ধোঁৱা । সম্পূৰ্ণ অনিশ্চিয়তাৰ মাজত গাজাবাসী ! আশ্ৰয় লৈ থকা লোকসকলে নাজানে কেতিয়া কি হ’ব । গাজাৰ চাৰিওফালে এতি ভয়-শংকা !
যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ হোৱা হামাছ আৰু ইজৰাইলৰ যুদ্ধ কেতিয়া শেষ, তাৰো নিশ্চয়তা নাই । যোৱা সপ্তাহৰ পৰা গাজাৰ বিদ্যালয় সমূহকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে ইজৰাইল সেনাই । গাজাৰ স্থানীয প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত বিদ্যালয় সমূহৰ উপৰিও ৰাষ্ট্ৰসংঘৰ বিদ্যালয় সমূহতো আক্ৰমণ সংঘটিত কৰিছে ইজৰাইলে ।
গাজাৰ বিদ্যালয়ত ইজৰাইলে কৰা আক্ৰমণত এতিয়ালৈ শিশুকে ধৰি ১৬ জন লোকে প্ৰাণ হেৰুৱাৰ খবৰ লাভ কৰা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, ইজৰাইলৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা পৰিচালিত বিদ্যালয়ত আশ্ৰয় লৈছে বহু গৃহহীন লোকে । কিন্তু হামাছৰ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ অভিযোগ তুলি সেই বিদ্যালয় সমূহতো আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল সেনাই ।
উল্লেখ্য যে, যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ হোৱা হামাছ-ইজৰাইলৰ যুদ্ধত ১৯ লাখৰো অধিক লোক গৃহহীন হৈ পৰিছে । ইয়াৰ লগতে ২১ হাজাৰৰো অধিক শিশু সন্ধানহীন হোৱাৰ খবৰ লাভ কৰা গৈছে । এই যুদ্ধত প্ৰায় ৩৮ হাজাৰ লোকে প্ৰাণ হেৰুৱাৰ খবৰ প্ৰকাশ পাইছে । ইজৰাইলৰ আক্ৰমণত সমগ্ৰ গাজা ষ্ট্ৰিপ ধ্বংসাৱশেষলৈ পৰিণত হৈছে।
মনকৰিবলগীয়া যে, গাজাৰ এই ধ্বংসাৱশেষ আঁতৰাবলৈ কমেও ১৪ বছৰ সময় লাগিব পাৰে বুলি দাবী কৰিছে ৰাষ্ট্ৰসংঘই । ইজৰাইল আৰু হামাছৰ যুদ্ধৰ ফলত গাজা ষ্ট্ৰিপত ৩৭ লাখ টনতকৈ অধিক ধ্বংসাৱশেষ ৰৈ গৈছে ।
ৰাফাহ গাজাৰ এটা সৰু অংশ । এই সৰু চহৰখনত পুৰুষ, মহিলা, শিশু, বুঢ়া সকলোকে ধৰি প্ৰায় ১০ লাখ লোকে আশ্ৰয় লৈছিল । কিন্তু এই চহৰখনো ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল । বিশ্বৰ শান্তিকামী দেশৰ সমূহে এই যুদ্ধ বন্ধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও কোনো সুফল এতিয়ালৈকে লাভ কৰা নাই ।
আটাইতকৈ দুখ লগা কথাটো হ’ল এই যুদ্ধৰ ফলত গাজাৰ শিশু সকলৰ অৱস্থা অতি ভয়াৱহ হৈ পৰিছে । যি সময়ক তেওঁলোকে মুক্ত আকাশৰ তলত খেলা ধূলা কৰে, যি সময়ত তেওঁলোকে ভৱিষ্যতৰ সপোন দেখে, সেই সময়তে এনে ভয়াৱহৰ যুদ্ধৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে ।
এই শিশু সকলে কি দুখ কৰিছিল সেয়া সাধাৰণভাৱে কোৱাটো ইমান সহজ নহয় । বিশ্ব স্বাস্থ্য সংস্থাৰ সচিব প্ৰধান টেড্ৰছ আধানম গেব্ৰেইছাছৰ মতে, গাজাৰ ১০ টা শিশুৰ ভিতৰত ৯ টা শিশু পুষ্টিহীনতাত ভুগিছে। এই খবৰটোৱে হৈছে গাছাৰ পৰা অহা অতি আমনিদায়ক খবৰ ।
খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাজাৰ শিশু সকলে । প্ৰকাশিত্ খবৰ অনুসৰি প্ৰতি দিনে দুবিধ বাব তাতকৈ কম খাদ্য লাভ কৰিছে গাজাৰ শিশু সকলে । যোৱা কেইদিনমানত পুষ্টিহীনতাৰ বাবে গাছাৰ ৩২টা শিশুৰ মৃত্যু হয়। ইয়াৰে ২৮টা শিশুৰ বয়স পাঁচ বছৰৰ তলৰ। ইয়াতকৈ ডাঙৰ খবৰটো হ’ল হামাছ আৰু ইজৰাইলৰ যুদ্ধত এতিয়ালৈকে প্ৰায় ১৫ হাজাৰ শিশুৰ মৃত্যু হৈছে। অনাথ হৈ পৰিছে ১৭ হাজাৰৰো অধিক শিশু । যিসকল শিশুৱে যুদ্ধ কি নাজানে সেই সকলেই আজি দিনত এনে এক ভয়াৱহ যুদ্ধৰ পৰিণতি ভোগ কৰিবলগীয়া হৈছে…