বিশ্বৰ ইহুদীসকলৰ বাবে আজিৰ দিনটো বিপদজনক! ইজৰাইলে কিয় দিলে সতৰ্কবাণী…
ইজৰাইল-গাজাৰ যুদ্ধ শাম কটাৰ নাম লোৱা নাই। ইয়াৰ মাজতে বিশ্বৰ বিভিন্ন প্ৰান্তত বাস কৰা ইহুদীসকলক সাৱধানে থাকিবলৈ আহ্বান জনাই ইজৰাইল চৰকাৰে। ইজৰাইলে কয় যে, আজিৰ দিনটো বিপদজনক।

ইজৰাইল
সমগ্ৰ বিশ্বৰ ইহুদী নাগৰিকসকলক সতৰ্কবাণী প্ৰেৰণ কৰিছে ইজৰাইলে। বিশ্বত বিভিন্ন প্ৰান্তত বাস কৰা ইহুদী আৰু ইজৰাইল সমৰ্থকৰ বাবে আজি এক বিপদজনক দিন হ’ব পাৰে বুলি এক জাননী জাৰি কৰিছে ইজৰাইলৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে। বিশ্বৰ বিভিন্ন প্ৰান্তত ইজৰাইল বিৰোধী প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদে এই জাননী জাৰি কৰিছে।
উল্লেখ্য যে,পেলেষ্টাইনৰ সমৰ্থনত আজি বিশ্বৰ বিভিন্ন প্ৰান্তত ‘ডে অৱ ৰেজ’ নামৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। এই প্ৰতিবাদী কাৰ্যসূচীৰ নামত ইহুদীসকলক লক্ষ্য কৰি লোৱা হ’ব পাৰে বুলি ইজৰাইলে আশংকা ব্যক্ত কৰিছে। যাৰ বাবে সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনাইছে। ইয়াৰোপৰি জৰুৰীকালীন অৱস্থাত স্থানীয় নিৰাপত্তা সংস্থাৰ সৈতে শীঘ্ৰে যোগাযোগ কৰিবলৈ চৰকাৰে পৰামৰ্শ দিছে।
ইজৰাইল চৰকাৰে ইহুদীসকলক কয় যে, ৰাজহুৱা স্থানত ইজৰাইলী আৰু ইহুদী হোৱাৰ পৰিচয় গোপনে ৰাখিব। লগতে ওচৰ পাজৰৰ পৰিস্থিতিৰ প্ৰতি সতৰ্ক হ’ব। যদি কোনো সন্দেহজনক গতিবিধি দেখা পাই তেন্তে সতৰ্ক হ’ব। ইয়াৰোপৰি ইজৰাইলী দূতবাস আৰু জৰুৰীকালীন নম্বৰ সকলোকে নিজৰ লগত ৰাখিবলৈ আহ্বান জনাই চৰকাৰে।
উল্লেখ্য যে, বছৰ ধৰি চলি থকা ইজৰাইল আৰু গাজাৰ মাজৰ যুদ্ধ শাম কটাৰ নাম লোৱা নাই। ইজৰাইৰ আক্ৰমণৰ ফলত গাজাত এক দুৰ্বিসহ পৰিস্থিতিৰ সৃষ্টি হৈছে। গাজাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক আহত, গৃহহীন হৈছে। এনে পৰিস্থিতিত বিশ্বৰ বিভিন্ন দেশে ইজৰাইলক কঠোৰ গৰিহনা দিয়া দেখা যায়।
ভাৰতকে ধৰি বিভিন্ন দেশক একাংশ নাগৰিকে পেলেষ্টাইনীসকলৰ প্ৰতি সমৰ্থন জনাই ন্যায় বিচাৰিছে। এনে পৰিস্থিতি বহু সময়ত ইহুদীসকল বিপদৰ সন্মুখীন হ’বলগীয়া হয়। ইজৰাইলৰ বিৰোধিতা আৰু গাজাৰ প্ৰতি সমৰ্থন জনাই আজি বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হ’ব। যাৰ বাবে ইজৰাইলে তেওঁলোকৰ দেশৰ নাগৰিকসকলক সুৰক্ষিতভাৱে থাকিবলৈ আহ্বান জনাইছে।
গাজাত বৰ্তমান মানৱীয় সংকটে দেখা দিছে। দীৰ্ঘদিন ধৰি চলি থকা যুদ্ধৰ ফলত খাদ্য, স্বাস্থ্য, আশ্ৰয় আদিত ব্যাঘাত জন্মিছে। এই যুদ্ধ ৰোধ কৰাৰ বাবে বিভিন্নজনে যুদ্ধ বিৰতি ঘোষণা কৰাৰ আহ্বান জনাই আহিছে যদিও প্ৰায় প্ৰতিদিনে গাজাত মানুহৰ মৃত্যু হৈছে। ইয়াৰ বিপৰীতে ইজৰাইলে কৈছে যে তেওঁলোকে সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছে।
উল্লেখ কৰা প্ৰয়োজন যে, গাজাই প্ৰথম আক্ৰমণ কৰি এই যুদ্ধৰ আৰম্ভণি কৰিছিল। সেই যুদ্ধৰ ধ্বংসলীলা এতিয়াও অব্যাহত আছে। ইজৰাইলে প্ৰায় ধ্বংসস্তুপলৈ পৰিণত কৰিছে গাজাক। গতিকে এই যুদ্ধ কেতিয়ালৈকে শাম কাটে সেয়া হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ IDF ৰ গুলীচালনাত ১৫ জন চিকিৎসাকৰ্মীৰ মৃত্যু, ভাইৰেল ভিডিঅ’ই সৃষ্টি কৰিছে চাঞ্চল্যৰ…