শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘১৯৭৩’ৰ পুনৰাবৃত্তি ! যুদ্ধৰ আশংকাত ‘য়ুম কিপ্পুৰ’ৰ দিনটোতে ইজৰাইলত হাই এলাৰ্ট…

ইজৰাইলত উদযাপিত বিশেষ উৎসৱ 'য়ুম কিপ্পুৰ' উপলক্ষে দুপৰীয়াৰ পৰা ৰাস্তা-ঘাট আৰু বজাৰ বন্ধ হৈ পৰে। ইয়াৰ কাৰণ হৈছে পুনৰ ৫১ বছৰৰ পাছত এই উৎসৱৰ দিনটোত দেশখন এক সক্ৰিয় যুদ্ধত জড়িত হৈ পৰিছে।

‘১৯৭৩’ৰ পুনৰাবৃত্তি ! যুদ্ধৰ আশংকাত ‘য়ুম কিপ্পুৰ’ৰ দিনটোতে ইজৰাইলত হাই এলাৰ্ট…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 12 Oct 2024 12:51 PM

ইজৰাইলত পালন কৰা আটাইতকৈ ডাঙৰ উৎসৱ হৈছে ‘য়ুম কিপ্পুৰ’ । কিন্তু এই ‘য়ুম কিপ্পুৰ’ৰ সৈতে এক উল্লেখ্যযোগ্য অধ্যায় জড়িত হৈ আছে । ইজৰাইলত উদযাপিত বিশেষ উৎসৱ ‘য়ুম কিপ্পুৰ’ উপলক্ষে দুপৰীয়াৰ পৰা ৰাস্তা-ঘাট আৰু বজাৰ বন্ধ হৈ পৰে। ইয়াৰ কাৰণ হৈছে পুনৰ ৫১ বছৰৰ পাছত এই উৎসৱৰ দিনটোত দেশখন এক সক্ৰিয় যুদ্ধত জড়িত হৈ পৰিছে। মনকৰিবলগীয়া যে, ১৯৭৩ চনত ‘য়ুম কিপ্পুৰ’ৰ দিনটোতে আৰব-ইজৰাইল যুদ্ধ আৰম্ভ হৈছিল।

১৯৭৩ চনৰ ৬ অক্টোবৰত ইজিপ্ত আৰু ছিৰিয়াই ইজৰাইলক আক্ৰমণ কৰে। এই দিনটোতে ইহুদীসকলে ‘য়ুম কিপ্পুৰ’ পালন কৰিছিল । ইয়াৰ লগতে ইছলামৰ পবিত্ৰ মাহ, ৰমজানৰো আৰম্ভ হৈছিল। এই যুদ্ধ ৬ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈকে চলিছিল । বৰ্তমানে ইজৰাইলৰ পৰিস্থিতি একেধৰণৰ । ৫১ বছৰৰ পাছত এই যুদ্ধৰ স্মৃতিত এই উৎসৱৰ দিনটোতে ইজৰাইল বন্ধ হৈ পৰে ।

‘য়ুম কিপ্পুৰ’ৰ এই দিনটোৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশৰ নিৰাপত্তা সংস্থাসমূহ হাই এলাৰ্টত আছে। কাৰণ ইজৰাইলৰ সেনাই লেবানন আৰু গাজাত যুদ্ধ অভিযান অব্যাহত ৰাখিছে । ইফালে, ইৰাণৰ সৈতে বৃদ্ধি পোৱা উত্তেজনাই গুৰুতৰ পৰিস্থিতি সৃষ্টি কৰিছে । লগতে সমগ্ৰ দেশতে সাধাৰণ নাগৰিকক সতৰ্ক কৰি দিবলৈ বিশেষ সতৰ্কতা ব্যৱস্থা স্থাপন কৰা হৈছে।

৫১ বছৰ পূৰ্বে ‘য়ুম কিপ্পুৰ’ৰ সময়ত এক বৃহৎ যুদ্ধ সাক্ষী হৈ ইজৰাইল । ইজিপ্ত আৰু ছিৰিয়াৰ আক্ৰমণৰ সন্মুখীন হৈছিল ইজৰাইল । এই যুদ্ধ ইহুদীসকলৰ আটাইতকৈ পবিত্ৰ দিনটোত হৈছিল। ইয়াত যুদ্ধই আৰব সেনাই ১৯৬৭ চনত তৃতীয় আৰব-ইজৰাইল যুদ্ধৰ সময়ত হেৰুৱা ভূখণ্ড পুনৰ ঘূৰাই অনাৰ আশা প্ৰকাশ কৰিছিল ।