শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইজৰাইলত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত জনতাৰ গৰ্জন! হ’ব নেকি শ্বেখ হাছিনাৰ দৰে পৰিস্থিতি?

ইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে তুংগত উঠিছে জনতাৰ ক্ষোভ। নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ঘটনাই দেশখনত ব্যাপক অসন্তুষ্টিৰ সৃষ্টি কৰিছে।  নেতান্যাহুৰ পদত্যাগৰ দাবী জনাইছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে। ৰাজনৈতিক লাভালাভৰ বাবে যুদ্ধ দীঘলীয়া কৰাৰ লগতে দেশখনৰ নিৰাপত্তাৰ সৈতে খেলা কৰাৰ অভিযোগ উত্থাপন হৈছে নেতান্যাহুৰ বিৰুদ্ধে।

ইজৰাইলত প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত জনতাৰ গৰ্জন! হ’ব নেকি শ্বেখ হাছিনাৰ দৰে পৰিস্থিতি?
ইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে প্ৰতিবাদ
trishna-kalita
Trishna Kalita | Published: 20 Mar 2025 09:31 AM

এইবাৰ ইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে ক্ষোভ দেশৰ জনতাৰ। গাজাত পুনৰ যুদ্ধ আৰম্ভ হোৱা আৰু নিৰাপত্তাৰক্ষীৰ শীৰ্ষ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্তই দেশখনত ব্যাপক অসন্তুষ্টি বিয়পাইছে। নেতান্যাহুৰ পদত্যাগৰ দাবীত তেওঁৰ ঘৰৰ বাহিৰত সমবেত হৈছে সহস্ৰাধিক প্ৰতিবাদকাৰী। ইয়াৰ পূৰ্বে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিৰুদ্ধেও হৈছিল একেধৰণৰ প্ৰতিবাদ। এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইজৰাইলতো ক্ষমতাৰ পৰিৱৰ্তনৰ বতাহ বলিছে নেকি?

গাজাত যুদ্ধবিৰতি ভংগ হোৱাৰ পিছত পুনৰ বোমা বিস্ফোৰণ আৰম্ভ কৰিছে নেতান্যাহু চৰকাৰে। ইয়াৰ বিপৰীতে ৫৯ জন পণবন্দী এতিয়াও হামাছৰ জিম্মাত আছে। ইয়াৰে প্ৰায় ২৪ জন লোক জীয়াই থকাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। কিন্তু যুদ্ধ অব্যাহত থকাৰ লগে লগে বিপদত পৰিছে পণবন্দীসকলৰ সুৰক্ষা। নেতান্যাহুৱে ৰাজনৈতিক লাভালাভৰ বাবে যুদ্ধ দীঘলীয়া কৰি দেশৰ নিৰাপত্তাৰ লগত খেলা কৰাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ।

শেহতীয়াকৈ নেতান্যাহু চৰকাৰে শ্বিন বেটৰ চোৰাংচোৱা সংস্থাৰ মুৰব্বী ৰ’নান বাৰ আৰু এটৰ্নী জেনেৰেল গালি বাহাৰভ-মিয়াৰাক অপসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবেই জনসাধাৰণৰ মাজত সৃষ্টি হৈছে তীব্ৰ ক্ষোভৰ। যাক একনায়কত্ববাদী পদক্ষেপ বুলি অভিহিত কৰিছে একাংশ লোকে। বিশেষকৈ ‘ডিফেন্সিভ শ্বিল্ড ফ’ৰাম’ নামৰ প্ৰাক্তন সামৰিক আৰু নিৰাপত্তা বিষয়াৰ এটা দলে এই সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। বহু প্ৰতিবাদকাৰীয়ে ইয়াক গণতন্ত্ৰৰ প্ৰতি ভাবুকি আখ্যা দি নেতান্যাহুৰ নীতিক তীব্ৰ সমালোচনা কৰিছে।

ইয়াৰ বিৰোধিতাৰে মঙলবাৰে নিশা ৰাজপথলৈ ওলাই আহিল লাখ লাখ লোক। ইজৰাইলৰ পতাকা আৰু হালধীয়া বেনাৰ জোকাৰি ৰাজধানী জেৰুজালেম দিশে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে মূল ঘাইপথ অৱৰোধ কৰি পানী ছটিয়াই প্ৰতিবাদকাৰীক বাধা দিয়া  প্ৰচেষ্টা চলাই। কেইবাটাও স্থানত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। য’ত কমেও ১২ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

ইজৰাইলত প্ৰতিবাদ নতুন কথা নহয় যদিও এইবাৰ চৰকাৰৰ বিৰুদ্ধে  জনতাৰ ক্ষোভ সংগঠিত  হোৱা দেখা গৈছে। ইতিমধ্যে দুৰ্নীতিৰ অভিযোগে আগুৰি ধৰা নেতান্যাহুৰ নিৰাপত্তা আৰু ন্যায় ব্যৱস্থা দুৰ্বল কৰাৰ সিদ্ধান্তৰ বাবে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। বহু বিশ্লেষকৰ মতে এই প্ৰতিবাদ আৰু অধিক তীব্ৰতৰ হ’লে নেতানিয়াহুৱে পদত্যাগ কৰিবলগীয়া হ’ব পাৰে নহ’লে তেওঁৰ চৰকাৰৰ পতন ঘটিব পাৰে।

বৰ্তমান দেশখনৰ এই ধৰণৰ জনক্ষোভ আৰু চৰকাৰ বিৰোধী পৰিৱেশে এক বৃহৎ ৰাজনৈতিক সংকটৰ দিশে আঙুলিয়াই দিছে। একাংশ ৰাজনৈতিক বিশেষজ্ঞৰ মতে যদি পৰিস্থিতি উন্নত নহয় তেন্তে ইজৰাইলত নেতৃত্বৰ পৰিৱৰ্তন নিশ্চিত। এই সুযোগ ব্যৱহাৰ বিৰোধী দলসমূহে নেতান্যাহু চৰকাৰক অপসাৰণৰ কৌশল ৰচনা কৰিছে। অনাগত দিনত ইজৰাইলত ক্ষমতাৰ পৰিৱৰ্তন হ’ব নে নেতান্যাহুৱে এই সংকটৰ পৰা ওলাই আহি সফল হ’ব তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।