5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

১৫০০ কোটি টকাৰ বাৰুদ! আক্ৰমণৰ পূৰ্বে লেবাননৰ জনতাক কিয় QR কোড বিতৰণ কৰিছে ইজৰাইলে?

Israel- Lebanon: ইজৰাইলে হিজবুল্লাহৰ সামৰিক শক্তিৰ আধা অংশ ধ্বংস কৰিছে। আই ডি এফৰ তথ্য অনুসৰি ৩ দিন আগলৈ হিজাবুল্লাহৰ হাতত আছিল ১ লাখ ৪০ হাজাৰ ৰকেট আৰু মিছাইল । ইজৰাইলৰ আক্ৰমণৰ ফলত হিজাবুল্লাহৰ প্ৰায় ৭০ হাজাৰ ক্ষেপনাস্ত্ৰ জ্বলি শেষ হৈ গৈছে।

১৫০০ কোটি টকাৰ বাৰুদ! আক্ৰমণৰ পূৰ্বে লেবাননৰ জনতাক কিয় QR কোড বিতৰণ কৰিছে ইজৰাইলে?
ইজৰাইল- লেবানন
Follow Us
barasha-sarma
Barasha Sarma | Published: 26 Sep 2024 11:48 AM

যোৱা কেইটামান দিনত ইজৰাইলে সেনাই চলোৱা আক্ৰমণক লক্ষ্য কৰিলে এটা কথা ক’ব পাৰি যে হিজাবুল্লাহৰ শেষ সময় কাষ চাপি আহিছে। হিজাবুল্লাহৰ অৱস্থাও হামাছৰ দৰে হৈ পৰিছে। মাত্ৰ ৪ দিন আক্ৰমণ কৰিয়েই ইজৰাইলে হিজাবুল্লাহৰ ৯০ শতাংশ নেতৃত্বক নিৰ্মূল কৰাৰ লগতে আধা সামৰিক শক্তি ধ্বংস কৰিছে। জানিব পৰা মতে IDF য়ে মাত্ৰ এদিনকে হিজাবুল্লাহৰ ওপৰত ১৫০০ কোটি টকাৰ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছে।

ইজৰাইলৰ এই আক্ৰমণৰ ফলত হিজাবুল্লাহৰ শীৰ্ষ নেতৃত্বও মৃত্যু মুখত পৰিছে। ইজৰাইল আৰু আমেৰিকাৰ মতে অপাৰেচন নৰ্দাৰ্ণ এৰোৰ বাবে হিজবুল্লাহৰ সামৰিক আন্তঃগাঁথনিৰ আধা অংশ ধ্বংস হৈছে। ইজৰাইল সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি ১ দিনৰ ভিতৰত লেবাননত ১৫০০ কোটি টকাৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।

আইডিএফে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি এতিয়া হিজাবুল্লাহৰ মাত্ৰ ৩ জন শীৰ্ষ নেতৃত্ব জীয়াই আছে। এই কেইজন- হাছান নাছৰল্লাহ, হিজবুল্লাহৰ দক্ষিণ ফ্ৰণ্টৰ অধিনায়ক আলী কাৰাকী আৰু বদৰ ইউনিটৰ মুৰব্বী আবু আলী। এই ৩ জনৰ বাহিৰে নেতৃত্বত থকা ১৮ জনক হত্যা কৰা হৈছে।

ইজৰাইলে হিজবুল্লাহৰ সামৰিক শক্তিৰ আধা অংশ ধ্বংস কৰিছে। আই ডি এফৰ তথ্য অনুসৰি ৩ দিন আগলৈ হিজাবুল্লাহৰ হাতত আছিল ১ লাখ ৪০ হাজাৰ ৰকেট আৰু মিছাইল । ইজৰাইলৰ আক্ৰমণৰ ফলত হিজাবুল্লাহৰ প্ৰায় ৭০ হাজাৰ ক্ষেপনাস্ত্ৰ জ্বলি শেষ হৈ গৈছে। গতিকে এতিয়া মাত্ৰ ৭০ হাজাৰ ৰকেটহে আহে তেওঁলোকৰ ওচৰত। আই ডি এফৰ দাবী অনুসৰি ইজৰাইলে হিজাবুল্লাহৰ ৫০ শতাংশ অস্ত্ৰ- শস্ত্ৰ, ৫০ শতাংশ ক্ষেপনাস্ত্ৰ আৰু ৬০ শতাংশ শিবিৰ ধ্বংসস্তুপলৈ পৰিণত কৰিছে।

কোৱা হৈছে যে, ইজৰাইলে অতি শীঘ্ৰেই লেবাননত পুনৰ আক্ৰমণ কৰিব। যাৰ বাবে ইজৰাইলী সেনাই দক্ষিণ লেবানন খালী কৰি আছে। ইয়াৰ লগতে আই ডি এফে ঘোষণা কৰি এই অঞ্চলত থকা লোকসকলক ঠাই এৰি যাবলৈ নিৰ্দেশ দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে লেবাননৰ জনসাধাৰণক সতৰ্কবাণী দিছে যে যদি তেওঁলোকৰ ঘৰত হিজাবুল্লাহৰ ক্ষেপনাস্ত্ৰ ৰাখিবলৈ দিয়ে তেন্তে তেওঁলোকৰ ঘৰ ধ্বংস হ’ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছিল যে লেবাননৰ জনসাধাৰণৰ লগত তেওঁলোকৰ কোনো শত্ৰুতা নাই।

QR কোড

ইয়াৰোপৰি লেবাননত IDF য়ে বিশেষ ধৰণৰ কাগজ বিতৰণ কৰিছে। য’ত আছে এটি QR কোড। ইজৰাইলে এই QR কোড স্কেন কৰিবলৈ আহ্বান জনাইছে লেবাননৰ জনতাক। কিয়নো QR কোড স্কেন কৰাৰ পাছতেই ওলাব যে ইজৰাইলে কোন কেইটা স্থানত আক্ৰমণ চলাব।

অন্যহাতে হিজাবুল্লাহে এই QR কোড স্কেন নকৰাৰ আহ্বান জনাইছে। হিজাবুল্লাহৰ মতে এয়া মোছাদৰ এক ভয়ংকৰ ষড়যন্ত্ৰ। যদি QR কোড স্কেন কৰে তেন্তে ফোন হেক হ’ব আৰু সকলো তথ্য ইজৰাইলী সেনাই লাভ কৰিব।  এই তথ্য ব্যৱহাৰ কৰি তেওঁলোকে আক্ৰমণ চলাব।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ইজৰাইলে লেবাননত ভয়ংকৰ আক্ৰমণ চলাইছিল। এই  আক্ৰমণৰ ফলত ৫০০ ৰো অধিকলোক নিহত হোৱাৰ লগতে ২০০০ ৰো অধিক আহত হৈছে। এই আক্ৰমণৰ পূৰ্বেও ইজৰাইলে লেবাননৰ জনতাক সতৰ্ক কৰি স্থান এৰাৰ নিৰ্দেশ দিছিল। লেবাননৰ পৰিস্থিতি এতিয়া ভয়লগা। সকলোফাল কেৱল ধ্বংসস্তুপত পৰিণত হৈছে। তেজৰ গোন্ধ, মানুহৰ আৰ্তনাদত লেবাননত এতিয়া প্ৰাণৰ ভিক্ষা কৰিছে জনতাই।

 

Latest News