দহ বছৰৰ মূৰত উদ্ধাৰ হ’ল নিহত জোৱানৰ মৃতদেহঃ কিদৰে হৈছিল নিহত!
ইজৰাইল প্ৰতিৰক্ষা বাহিনী, চমুকৈ IDF- এ শেহতীয়াকৈ গাজা ষ্ট্ৰিপত এক গোপন অভিযান চলাই এগৰাকী জোৱানৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰিছে। নিহত জোৱানজনৰ নাম ষ্টাফ চাৰ্জেণ্ট অ’ৰন শ্বাউল। ২০১৪ চনৰ ইজৰাইল-হামাছ যুদ্ধত হামাছৰ হাতত নিহত হৈছিল অ’ৰন শ্বাউল।
প্ৰায় ডেৰ বছৰ ধৰি চলি থকা গাজা-ইজৰাইল যুদ্ধই সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছিল আতংকৰ। এই দীঘলীয়া সময়ছোৱাত ধাৰাবাহিকভাৱে চলিল নৰসংহাৰ। অৱশেষত এই বিভীষিকাৰ অন্ত পেলাই শেহতীয়াকৈ যুদ্ধবিৰতি ঘোষণা কৰে ইজৰাইলে। ইফালে যুদ্ধবিৰতিৰ এই খবৰৰ পিছতে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে এক বিশেষ খবৰ। ইজৰাইল প্ৰতিৰক্ষা বাহিনী, চমুকৈ IDF- এ শেহতীয়াকৈ গাজা ষ্ট্ৰিপত এক গোপন অভিযান চলাই এগৰাকী জোৱানৰ মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ কৰিছে। নিহত জোৱানজনৰ নাম ষ্টাফ চাৰ্জেণ্ট অ’ৰন শ্বাউল।
২০১৪ চনৰ ইজৰাইল-হামাছ যুদ্ধত হামাছৰ হাতত নিহত হৈছিল অ’ৰন শ্বাউল। নৌসেনাৰ শ্বায়েটেট ১৩ কমাণ্ডো ইউনিট আৰু সামৰিক চোৰাংচোৱা সঞ্চালকালয়ৰ কেইবাটাও বিশেষ ইউনিটকে ধৰি ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী আৰু শ্বিন বেট নিৰাপত্তা সংস্থাই যৌথভাৱে এই উদ্ধাৰ অভিযান চলাইছিল। এই অভিযান কেতিয়া চলোৱা হৈছিল বা গাজাৰ কোন অংশত মৃতদেহ পোৱা গৈছিল সেই সন্দৰ্ভত IDF- এ কোনো তথ্য প্ৰদান কৰা নাই।
অ’ৰন শ্বাউলৰ মৃতদেহ ইজৰাইলত উপস্থিত হোৱাৰ পিছত চিনাক্তকৰণৰ বাবে আবু কাবিৰ ফৰেনছিক ইনষ্টিটিউটলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰা হৈছে। তদন্তৰ অন্তত জোৱানগৰাকীৰ পৰিয়ালক খবৰ দিয়া হয়। উল্লেখ্য যে ২০১৪ চনৰ ২০ জুলাইত হোৱা যুদ্ধৰ সময়ত গোলানী ব্ৰিগেডৰ ১৩ নং বেটেলিয়নৰ জোৱানসকলে গাজা চহৰৰ শ্বেজায়া অঞ্চলত প্ৰৱেশ কৰে। সেনাৰ বাহন এটা সৰু ৰাস্তাত আবদ্ধ হৈ পৰে আৰু উলিয়াই আনিবলৈ চেষ্টা কৰি থকাৰ সময়তে হামাছে এণ্টি টেংক মিছাইলেৰে আক্ৰমণ কৰে।
হামাছৰ এই আক্ৰমণত কেৱল অ’ৰন শ্বাউলেই নহয়, তেওঁৰ লগতে আন সাতজন ইজৰাইলী সৈনিকো নিহত হয়। শ্বাউলৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ হামাছৰ যোদ্ধাসকলে লৈ যায়। লক্ষণীয়ভাৱে ২০১৪ চনত হোৱা এই যুদ্ধও গাজাৰ জনসাধাৰণৰ বাবে হৈ পৰিছিল ভয়াৱহ। ৫০ দিনীয়া এই যুদ্ধত প্ৰায় ২২৫১ জন পেলেষ্টাইনী নিহত হয়। নিহত এই লোকসকলৰ ভিতৰত ১৪৬২ জন সাধাৰণ নাগৰিক বুলি চিনাক্ত কৰা হৈছিল।
এই আক্ৰমণত ৫৫১ টা শিশু আৰু ২৯৯ গৰাকী মহিলা নিহত হৈছিল। ইয়াৰ উপৰিও ৬৬ জন ইজৰাইলী সৈনিক আৰু এটি শিশুকে ধৰি ৫ ইজৰাইলী সাধাৰণ নাগৰিকো এই যুদ্ধত নিহত হয়। যুদ্ধত সৰ্বমুঠ ৩,৫৪০গৰাকী মহিলা আৰু ৩,৪৩৬গৰাকী শিশুকে ধৰি ১১,২৩১জন পেলেষ্টাইনী আহত হয়। এই শিশুসকলৰ প্ৰায় এক তৃতীয়াংশই আঘাতৰ ফলত আজীৱন অক্ষমতাত ভুগিবলগীয়া হয়।