হাউথী গোটৰ সামৰিক ঘাটিত ইজৰাইলৰ বিমান আক্ৰমণ, নিহত ৩ | Israel strikes Yemen port after Houthi rebels attack Tel Aviv, 3 Dead Assam news - Assam Tv9

হাউথী গোটৰ সামৰিক ঘাটিত ইজৰাইলৰ বিমান আক্ৰমণ, ৩ জন নিহত হোৱাৰ লগতে আহত ৮৭ জন

য়েমেনৰ হোদেইডা বন্দৰৰ হাউথী গোটৰ নিয়ন্ত্ৰণত আছে । এই হোদেইডাক হাউথী গোটৰ সামৰিক ঘাটি হিচাপে গণ্য কৰা হয় । ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে, যোৱা কেইমাহমানত হাউথী গোটটোৱে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ কৰা হয় । এই আক্ৰমণে য়েমেনৰ হোদেইডা বন্দৰৰ হাউথী সন্ত্ৰাসবাদীৰ সামৰিক স্থানত আঘাত হানে বুলি দাবী কৰে ইজৰাইল সেনাই ।

হাউথী গোটৰ সামৰিক ঘাটিত ইজৰাইলৰ বিমান আক্ৰমণ, ৩ জন নিহত হোৱাৰ লগতে আহত ৮৭ জন

য়েমেনত ইজৰাইলৰ আক্ৰমণ

Published: 

21 Jul 2024 11:11 AM

শনিবাৰে য়েমেন চহৰত এক বৃহৎ আক্ৰমণ সংঘটিত কৰে ইজৰাইলে । প্ৰকাশিত খবৰ অনুসৰি, ইজৰাইলে য়েমেনৰ হোদেইডা চহৰক আক্ৰমণৰ লক্ষ্য কৰি লয় । ইজৰাইলৰ এই আক্ৰমণত ৩ জন লোক নিহত হোৱাৰ লগতে ৮৭ জন লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । উল্লেখ্য যে, শুকুৰবাৰে হাউথী গোটে ইজৰাইলৰ টেল আভিভ চহৰত আক্ৰমণ সংঘটিত কৰিছিল । এই আক্ৰমণত এজন লোক নিহত হয় । হাউথী গোটৰ এই আক্ৰমণৰ প্ৰতিশোধ হিতাপে য়েমেনত ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰে বুলি জানিব পৰা গৈছে ।

প্ৰকাশিত খবৰ অনুসৰি, য়েমেনৰ হোদেইডা বন্দৰৰ হাউথী গোটৰ নিয়ন্ত্ৰণত আছে । এই হোদেইডাক হাউথী গোটৰ সামৰিক ঘাটি হিচাপে গণ্য কৰা হয় । ইজৰাইলৰ সেনাই এক বিবৃতিত কয় যে, যোৱা কেইমাহমানত হাউথী গোটটোৱে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিশোধ হিচাপে এই আক্ৰমণ কৰা হয় । এই আক্ৰমণে য়েমেনৰ হোদেইডা বন্দৰৰ হাউথী সন্ত্ৰাসবাদীৰ সামৰিক স্থানত আঘাত হানে বুলি দাবী কৰে ইজৰাইল সেনাই ।

লগতে পঢ়ক : চৰাইবোৰেও উৰিবলৈ ভয় কৰা হৈছে ! সপোন দেখাৰ বয়সত যুদ্ধৰ পৰিণতি ভুগিছে গাজাৰ হাজাৰ হাজাৰ শিশুৱে…

ইজৰাইলে এই আক্ৰমণত বন্দৰটোৰ তেল ডিপু, বিদ্যুত যোগান কেন্দ্ৰ, অন্যান্য সুবিধা সমূহক লক্ষ্য কৰি লৈছিল । প্ৰকাশিত তথ্য অনুসৰি, এই আক্ৰমণৰ বাবে ইজৰাইলে এফ-৩৫ ষ্টেলথ যুঁজাৰু বিমান, এফ-১৫ যুঁজাৰু বিমানকে ধৰি আই এ এফৰ বিমান ব্যৱহাৰ কৰিছিল ।

ইজৰাইলৰ সেনাবাহিনীৰ মতে, যোৱা ৯ মাহত গাজাক সমৰ্থন কৰা য়েমেনৰ হাউথী গোটে ইজৰাইলৰ ওপৰত ২২০ টাতকৈও অধিক বেলিষ্টিক মিছাইল, ক্ৰুজ মিছাইল আৰু ড্ৰ’ন নিক্ষেপ কৰিছে। ইয়াৰ উপৰিও আইডিএফৰ মুখপাত্ৰ ডেনিয়েল হাগাৰীয়ে কয় যে, ইজৰাইলে য়েমেনৰ জনসাধাৰণৰ ক্ষতি কৰাৰ কোনো উদ্দেশ্য নাই। তেওঁ কয়, “আমি হাউথী সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম কৰি আছো।”

লগতে পঢ়ক : কিয় গাজাৰ বিদ্যালয়সমূহ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ইজৰাইল সেনাৰ ?

দেশৰ প্ৰথমটো মছজিদ ক'ত আছে? কোন হিন্দু ৰজাই ইয়াক নিৰ্মাণ কৰিছিল
নিম পাত আৰু হালধীৰ আছে অলেখ গুণ, এয়া খালে কি হয় জানেনে ?
কেতিয়া দ্বিতীয় বিবাহ পাতিব অভিষেক বচ্চনে? ক'লে এই কথা.
দীপাৱলীৰ পূজাৰ শুভ সময় কেতিয়া?