5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

কিদৰে প্ৰাণ গ’ল হামাছ মুৰব্বী ছিনৱাৰৰ! পোহৰলৈ ইজৰাইলী আক্ৰমণৰ কৌশল

এক সামৰিক অভিযানত অৱশেষত ইজৰাইলী সেনাই হত্যা কৰে হামাছৰ মুৰব্বী য়াহায়া ছিনৱাৰক। ইতিমধ্যে ইজৰাইলৰ সেনা আৰু খোদ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ছিনৱাৰৰ হত্যাৰ খবৰ নিশ্চিত কৰিছে। ইফালে ইজৰাইলী সেনাৰ এই ছিনৱাৰ হত্যাৰ সমগ্ৰ অভিযানৰ কৌশল সম্প্ৰতি পোহৰলৈ আহিছে।

কিদৰে প্ৰাণ গ’ল হামাছ মুৰব্বী ছিনৱাৰৰ! পোহৰলৈ ইজৰাইলী আক্ৰমণৰ কৌশল
হামাছৰ মুৰব্বী য়াহয়া ছিনৱাৰ
monjit-dutta
Monjit Dutta | Published: 18 Oct 2024 16:51 PM

বছৰযোৰা যুদ্ধৰ পিছত অৱশেষত ইজৰাইলৰ হাতত প্ৰাণ গ’ল হামাছৰ মুৰব্বী য়াহায়া ছিনৱাৰৰ। হামাছক সম্পূৰ্ণৰূপে ধ্বংসৰ লক্ষ্যৰে আক্ৰমণ অব্যাহত ৰখা ইজৰাইলে যোৱা এবছৰ ধৰি ছিনৱাৰক হত্যাৰ বাবে পূৰ্ণ প্ৰচেষ্টা চলাই আহিছিল। এই উদ্দেশ্যেই ইজৰাইলে হামাছৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছিল। পিছে এই আক্ৰমণসমূহৰ সময়ত ইজৰাইল সৈন্যই ছিনৱাৰৰ কাষ চাপিব পৰা নাছিল। কিন্তু বুধবাৰে ইজৰাইলৰ এই উদ্দেশ্য কাৰ্যতঃ পৰিণত হয়। এক সামৰিক অভিযানত অৱশেষত ইজৰাইলী সেনাই হত্যা কৰে ছিনৱাৰক।

ইতিমধ্যে ইজৰাইলৰ সেনা আৰু খোদ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ছিনৱাৰৰ হত্যাৰ খবৰ নিশ্চিত কৰিছে। ইফালে ইজৰাইলী সেনাৰ এই ছিনৱাৰ হত্যাৰ সমগ্ৰ অভিযানৰ কৌশল সম্প্ৰতি পোহৰলৈ আহিছে। তথ্য অনুসৰি বুধবাৰে পুৱা ইজৰাইলী বেটেলিয়নৰ এজন সৈনিকে এটা অট্টালিকাত কেইজনমান সন্দেহজনক ব্যক্তিক প্ৰত্যক্ষ কৰে। এই ব্যক্তিকেইনক দেখাৰ পিছতে ইজৰাইলৰ সেনাই তেওঁলোকৰ ওপৰত গুলীচালনা আৰম্ভ কৰে।

কিছুসময় ধৰি চলা এই আক্ৰমণৰ পিছত ইজৰালী সেনাই আক্ৰমণ সাময়িকভাৱে বন্ধ কৰে। কিন্তু বিয়লিলৈ পুনৰ সেনাই তিনিজন সন্দেহযুক্ত লোকক প্ৰত্যক্ষ কৰি সষ্টম হৈ পৰে। উক্ত স্থানৰ পৰা গোপনে আগবাঢ়ি যাবলৈ চেষ্টা কৰা এই লোককেইজনক দেখি সেনা জোৱানসকলে তেওঁলোকক সন্ত্ৰাসবাদী বুলি সন্দেহ প্ৰকাশ কৰি পুনৰ গুলীচালনা কৰিবলৈ ধৰিলে।

ইজৰাইলী সেনাৰ এই আক্ৰমণৰ পৰা প্ৰাণৰক্ষা কৰিবলৈ সেই স্থানৰ পৰা পলায়ন কৰে ব্যক্তি তিনিজনে। ইয়াৰে দুজন ব্যক্তি এটা অট্টালিকাত লুকাই থকাৰ বিপৰীতে ছিনৱাৰ আনটো অট্টালিকাত প্ৰৱেশ কৰে। পিছে ছিনৱাৰৰ এই অতৰ্কিত সিদ্ধান্ত তেওঁৰ জীৱনৰ বাবেই চূড়ান্ত ভুল সিদ্ধান্ত ৰূপে পৰিগণিত হয়। দুই সতীৰ্থ আনটো অট্টালিকালৈ যোৱাৰ পিছত ছিনৱাৰ অকলশৰীয়া হৈ পৰিল।

ইয়াৰ পিছতে ইজৰাইলী জোৱানসকলে ছিনৱাৰ লুকাই থকা অট্টালিকাটোলৈ দুটা গ্ৰেনেড নিক্ষেপ কৰে। এই অভিযানত সহায়ৰ বাবে ইজৰাইলে ড্ৰ’নো নিয়োগ কৰিছিল। ছিনৱাৰ হত্যাৰ এই সমগ্ৰ অভিযানত সেনাই এই ড্ৰোনবোৰৰ পৰা যথেষ্ট সহায় লাভ কৰিছিল। অট্টালিকাটোৰ কাষ চাপি অহা ড্ৰ’নখন দেখাৰ পিছতে ছিনৱাৰে এডান লাঠি তুলি লৈ ড্ৰ’নখনৰ ফালে দলিয়াই দিলে।

ছিনৱাৰৰ গতিবিধি প্ৰত্যক্ষ কৰি ইজৰাইলী সেনাই লগে লগে গুলীচালনা আৰম্ভ কৰে। ইয়াৰ পিছত বৃ্হস্পতিবাৰে পুৱা ইজৰাইলী সেনা কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰে আৰু কোঠাটোৰ ভিতৰত পৰি থকা এজন ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰে। মৃতদেহটো ভালদৰে পৰীক্ষা কৰাৰ পিছতে সেনাৰ দলটোৱে নিহত লোকজন য়াহয়া ছিনৱাৰ বুলি নিশ্চিত হয়।

লক্ষণীয়ভাৱে ছিনৱাৰে সততে ইজৰাইলৰ পণবন্দী লোকসকলক নিজৰ লগত ৰাখিছিল আৰু ঢাল হিচাপে ব্যৱহাৰ কৰিছিল। তেওঁ ভালদৰেই জানিছিল যে ইজৰাইলে কোনো কাৰণতে নিজৰ নাগৰিকৰ ক্ষতি নকৰে আৰু সেইবাবেই তেওঁ এনে কৌশলী পন্থা অৱলম্বন কৰিছিল। যোৱা এবছৰ ধৰি এই পণবন্দীসকলৰ সহায়ত তেওঁ নিজৰ প্ৰাণৰক্ষা কৰি আছিল। কিন্তু বুধবাৰে অৱশেষত ইজৰাইলী সেনাৰঝাতত প্ৰাণ হেৰুৱালে হামাছৰ মুৰব্বীজনে।

Latest News