5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Israeli Strikes in Lebanon :ইজৰাইলৰ আক্ৰমণত ধ্বংস লেবাননৰ ১০০ বছৰ পুৰণি এখন বজাৰ…

ইজৰাইলৰ বিমান আক্ৰমণত ধ্বংস হ'ল লেবাননৰ এখন শতিকা পুৰণি বজাৰ । এই আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলৰ সেনাই কয় যে, তেওঁলোকৰ আক্ৰমণ সাধাৰণ নাগৰিকক লক্ষ্য কৰি হোৱা নাই ।

Israeli Strikes in Lebanon :ইজৰাইলৰ আক্ৰমণত ধ্বংস লেবাননৰ ১০০ বছৰ পুৰণি এখন বজাৰ…
লেবাননৰ ওপৰত আক্ৰমণ
manas-borah
Manas Borah | Updated On: 14 Oct 2024 06:46 AM

ইজৰাইলৰ বিমান আক্ৰমণত ধ্বংস হ’ল লেবাননৰ এখন শতিকা পুৰণি বজাৰ । এই আক্ৰমণৰ সন্দৰ্ভত ইজৰাইলৰ সেনাই কয় যে, তেওঁলোকৰ আক্ৰমণ সাধাৰণ নাগৰিকক লক্ষ্য কৰি হোৱা নাই । সাধাৰণ নাগৰিকৰ ক্ষতি নকৰাকৈ আক্ৰমণ সংঘটিত কৰা চেষ্টা কৰি আহিছে ইজৰাইলে । কিন্তু এই আক্ৰমণত সাধাৰণ নাগৰিক মৃত্যুৰ বাবে ঘন জনবসতিপূৰ্ণ অঞ্চলত কাম কৰা সশস্ত্ৰ সংগঠনক দোষাৰোপ কৰে ইজৰাইল সেনাই।

উল্লেখ্য যে, ইজৰাইলৰ বিমান আক্ৰমণত ধ্বংস হৈছে লেবাননৰ অট্টোমান যুগৰ এখন বজাৰ। নিশাৰ ভিতৰতে দক্ষিণৰ নেবাটিয়া চহৰত অট্টোমান যুগৰ এখন বজাৰত সংঘটিত হোৱা ইজৰাইলৰ বিমান আক্ৰমণত কমেও এজন লোকৰ মৃত্যু হোৱাৰ লগতে চাৰিজন লোক আহত হয়।

লেবাননৰ অসামৰিক প্ৰতিৰক্ষাৰ মতে, ১৯১০ চনত প্ৰতিষ্ঠা হোৱা এই বজাৰখনত থকা ১২টা আৱাসিক অট্টালিকা আৰু ৪০খন দোকানত অগ্নিকাণ্ড সংঘটিত হয় । পাছত এই অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ অনা হয় । আন এক ঘটনাত লেবাননৰ ৰেড ক্ৰছে কয় যে, দেওবাৰে দক্ষিণ লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত ধ্বংস হোৱা ঘৰৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা লোকক উদ্ধাৰৰ বাবে পেৰামেডিকেলৰ লোকে চেষ্টা কৰি আছে ।

ইজৰাইলে গাজাত হামাছ বিৰুদ্ধে সামৰিক অভিযান অব্যাহত ৰাখৰ সমান্তৰালকৈ লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে যুদ্ধত নামিছে । গাজাত চলোৱা ইজৰাইলৰ আক্ৰমণৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘই কয় যে, ১ অক্টোবৰৰ পৰা উত্তৰ গাজাত কোনো ধৰণৰ খাদ্য সমাগ্ৰীৰ যোগান হোৱা নাই। মনকৰিবলগীয়া যে, প্ৰকাশিত খবৰ অনুসৰি ইজৰাইলৰ আক্ৰমণত গাজাত শিশু, মহিলাকে ধৰি বহু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে ।

Latest News