5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হানিয়াৰ পৰিয়ালৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, বিপদত বেঞ্জামিন নেতানিয়াহু

ইজৰাইলৰ আক্ৰমণৰ বলি হৈছে হানিয়াৰ পৰিয়ালৰ ৭ জন সদস্য । ইজৰাইলৰ বাবে এই আক্ৰমণ ডাঙৰ সফলতা বুলি বিবেচিত হৈছে যদিও ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতানিয়াহুৰ সন্মুখত নতুন সংকটে দেখা দিছে ।

হানিয়াৰ পৰিয়ালৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, বিপদত বেঞ্জামিন নেতানিয়াহু
বেঞ্জামিন নেতানিয়াহু
manas-borah
Manas Borah | Updated On: 12 Apr 2024 16:41 PM

গাজাৰ যুদ্ধই আকৌ নতুন গতি  লৈছে । শেহতীয়াকৈ ইজৰাইলৰ আক্ৰমণৰ বলি হৈছে হানিয়াৰ পৰিয়ালৰ ৭ জন সদস্য । ইজৰাইলৰ বাবে এই আক্ৰমণ ডাঙৰ সফলতা বুলি বিবেচিত হৈছে যদিও ইজৰাইলৰ ৰাষ্ট্ৰপতি বেঞ্জামিন নেতানিয়াহুৰ সন্মুখত নতুন সংকটে দেখা দিছে । সেই সংকট হৈছে পণবন্দী ।

হানিয়াৰ পুত্ৰ মৃত্যু পাছতে যিকোনো সময়তে হামাছে পণবন্দীসকলক হত্যা কৰিব পাৰে । হামাছৰ মুৰব্বী ইছমাইল হানিয়াৰ পৰিয়ালক আক্ৰমণ কৰাৰ লগে লগে ইজৰাইলৰ ৰাষ্ট্ৰপতিৰ সন্মুখত এই প্ৰত্যাহ্বানে দেখা দিছে ।

ইজৰাইল সেনাৰ আক্ৰমণত হানিয়াৰ তিনি পুত্ৰ, তিনি নাতিনী আৰু এজন নাতি নিহত হয়। ঈদৰ সময়তে এই আক্ৰমণ হামাছৰ ওপৰত মুখ্যম আঘাট বুলি ক’ব পাৰি । প্ৰকাশিত তথ্য অনুসৰি, মোছাদৰ গোপন তথ্য ভিত্তিতে ইজৰাইল সেনাই হানিয়াৰ পৰিয়ালৰ ওপৰত আক্ৰমণ সংঘটিত কৰে ।

লাভ কৰা তথ্য অনুসৰি,মোছাদে ইজৰাইলৰ সেনা আইডিএফ আৰু গাজাৰ যুদ্ধত যুঁজি থকা চিন বেইট বেটেলিয়নক হানিয়াৰ পুত্ৰই গাড়ী লৈ যোৱা তথ্য প্ৰদান কৰে । এই তথ্যৰ ভিত্তিতে হানিয়াৰ পুত্ৰৰ গাড়ীত বিমানেৰে আক্ৰমণ কৰে ইজৰাইল সেনাই ।

এই আক্ৰমণত হানিয়াৰ নিতি পুত্ৰৰ নিহত হয় । ইজৰাইল সেনাৰ আইডিএফৰ আক্ৰমণত নিহত হানিয়াৰ তিনি পুত্ৰৰ নাম হ’ল হাজিম, আমিৰ আৰু মহম্মদ। এই আক্ৰমণত হানিয়াৰ তিনি নাতিনী আৰু এজন নাতিৰো মৃত্যু হয়। এই কথা কেৱল হামাছেই নহয় ইজৰাইলেও নিশ্চিত কৰিছে।

ইফালে, হানিয়াই এক বিবৃতি প্ৰকাশ কৰি কয় যে, গাজাৰ বাবে মোৰ পৰিয়ালৰ সাতজন লোক শ্বহীদ হৈছে। মোৰ ল’ৰা-ছোৱালীক হত্যা কৰিলে হামাছৰ যুদ্ধ বন্ধ নহ’ব। গাজাৰ স্বাধীনতা নোপোৱালৈকে আমি যুঁজি যাম। একে সময়তে ইজৰাইলৰ সেনাই যথেষ্ট সফলতা লাভ কৰিলেও এই আক্ৰমণৰ পিছত নেতানিয়াহু চৰকাৰৰ বাবে সংকট আৰু বৃদ্ধি পাব পাৰে।

আমেৰিকাই বিচাৰে গাজাত আগতীয়াকৈ শান্তি। ইয়াৰ উপৰিও সকলো পণবন্দীক মুকলি কৰি দিয়াটো বিচাৰে যদিও এতিয়া হামাছে আমেৰিকাৰ প্ৰস্তাৱ নাকচ কৰি কয় যে, যুদ্ধবিৰতি ইয়াৰ চৰ্ত অনুসৰি হ’ব। ইয়াৰ সমান্তৰালকৈ পণবন্দীসকলৰ জীৱনও বিপদত পৰিছে।

অনুমান কৰা হৈছে যে হানিয়াৰ পুত্ৰৰ মৃত্যুক লৈ ক্ষুব্ধ হৈ হামাছে পণবন্দীসকলক হত্যা কৰিব পাৰে। আনহাতে, হামাছৰ এজন জ্যেষ্ঠ সেনাধ্যক্ষই কয় যে, যি চৰ্তত ৪০ জন পণবন্দীক মুকলি কৰি দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে, সেই পণবন্দীসকল হামাছৰ লগত নাই।

গতিকে প্ৰশ্নটো হ’ল যে যদি সেই পণবন্দীসকল হামাছৰ লগত নাই তেন্তে তেওঁলোক ক’ত আছে, হামাছে তেওঁলোকক হত্যা কৰিছেনে? যদি পণবন্দীসকলক মুকলি কৰি দিয়া নহয়, তেন্তে ইজৰাইলৰ নেতানিয়াহু চৰকাৰ বিপদত পৰাটো নিশ্চিত।

ব্যুৰো ৰিপৰ্ট, টিভি৯ ভাৰতবৰ্ষ

Latest News