৪৫০ দিন ধৰি বন্দীঃ হামাছে জাৰি কৰিলে বুকু কঁপি যোৱা এক ভিডিঅ’…

দীৰ্ঘদিন ধৰি ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই । এতিয়াও হামাছে প্ৰায় ৯০ গৰাকী ইজৰাইলী নাগৰিকক বন্দী কৰি ৰাখিছে। শেহতীয়াকৈ হামাছে এটা ভিডিঅ' পোষ্ট কৰিছে।

৪৫০ দিন ধৰি বন্দীঃ হামাছে জাৰি কৰিলে বুকু কঁপি যোৱা এক ভিডিঅ...

হামাছ

Published: 

05 Jan 2025 12:27 PM

দীৰ্ঘদিন ধৰি হামাছ আৰু ইজৰাইলৰ মাজত হৈ থকা যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই। এতিয়াও হামাছে বন্দী কৰি ৰাখিছে কেইবাগৰাকী ইজৰাইলী বা বিদেশী নাগৰিকক। শেহতীয়াকৈ হামাছে এগৰাকী বন্দী যুৱতীৰ ভিডিঅ’ সামাজিক মাধ্যমত পোষ্ট কৰে। এই ভিডিঅ’ দেখাৰ পাছতেই যুৱতীগৰাকীৰ পৰিয়ালৰ লগতে বিভিন্নজনৰ চকু সেমেকি উঠিছে। ইয়াৰ কিছুদিন পূৰ্বেও হামাছে এজন যুৱকৰ ভিডিঅ’ প্ৰকাশ কৰিছিল। সেই ভিডিঅ’টোত যুৱকজনে কান্দি কান্দি নিজৰ দুখ ব্যক্ত কৰাৰ লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীক বিশেষ আহ্বান জনাইছিল। তেওঁ কৈছিল কেনেকৈ মৃতলোকৰ দৰে তেওঁলোক জীয়াই আছে।

শনিবাৰে হামাছৰ সামৰিক শাখা আল-কাছাম ব্ৰিগেডছে ১৯ বছৰীয়া ইজৰাইলী বন্দী লিৰি এলবাগৰ ভিডিঅ’ জাৰি কৰে। এই যুৱতীগৰাকীক হামাছে ২০২৩ চনৰ ৭ অক্টোবৰত বন্দী কৰি লৈ গৈছিল। কিন্তু ভিডিঅ’টোত যুৱতীগৰাকীৰ তেওঁক হামাছে আটক কৰাৰ দোষ ইজৰাই চৰকাৰৰ ওপৰত দিয়ে। ভিডিঅ’ত এলবাগে অভিযোগ উত্থাপন কৰিছে যে ইজৰাইল চৰকাৰ আৰু সেনাই পণবন্দীসকলক তেওঁলোকৰ ভাগ্যৰ ওপৰত জীয়াই থাকিবলৈ এৰি দিছে।

দ্য টাইমছ অৱ ইজৰাইলৰ এক প্ৰতিবেদন অনুসৰি হামাছে আক্ৰমণ কৰাৰ সময়ত ইজৰাইল প্ৰতিৰক্ষা বাহিনীৰ জোৱান লিৰি এলবাগ গাজা সীমান্তৰ ওচৰৰ নাহাল অজ সামৰিক ঘাটিত নিয়োজিত আছিল। হামাছে আক্ৰমণ কৰি তেওঁৰ লগতে আন ৬ জনক আটক কৰি লৈ যোৱাৰ লগতে এই ঘটনাত প্ৰায় ১৫ জন জোৱান নিহত হয়।

 

ভিডিঅ’টোত যুৱতীগৰাকীয়ে কি কয়

৩ মিনিট ৩৪ ছেকেণ্ডৰ এই ভিডিঅ’টোত যুৱতীগৰাকীয়ে কয় যে, তেওঁক ৪৫০ ৰো অধিক দিন ধৰি হামাছে বন্দী কৰি ৰাখিছে আৰু দাবী কৰিছে যে ইজৰাইল চৰকাৰে তেওঁক আৰু আন বন্দীসকলক পাহৰি গৈছে। হিব্ৰু ভাষাত প্ৰস্তুত কৰা এই ভিডিঅ’টোত যুৱতীগৰাকীয়ে কৈছে যে মোৰ বয়স মাত্ৰ ১৯ বছৰ। মোৰ আগত সম্পূৰ্ণ জীৱন পৰি আছে, কিন্তু এতিয়া মোৰ জীৱন সম্পূৰ্ণ ৰখি গৈছে।

ভিডিঅ’টোত এলবাগে লগতে প্ৰকাশ কৰিছে যে ইজৰাইলে হামাছৰ ওপৰত চলাই থকা সামৰিক অভিযানৰ ফলত এজন বন্দী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁ কয় যে, যদি ইজৰাইলী সেনাই যুদ্ধ প্ৰত্যাহাৰ কৰে তেন্তে বন্দীসকল মুকলি হোৱাৰ সম্ভাৱনা আছে। কিন্তু দুখৱ বিষয় এয়াই যে, চৰকাৰ বা ইজৰাইলী সেনাৰ বাবে পণবন্দীসকল গুৰুত্বপূৰ্ণ নহয়।

 

 

পৰিয়ালে কি কয়

কন্যাৰ ভিডিঅ’ দেখাৰ পাছতেই এলবাগৰ পৰিয়ালে এক ভিডিঅ’ জাৰি কৰি কয় যে, ভিডিঅ’টোৱে আমাক বহুত দুখ দিছে। আমি সম্পূৰ্ণ ভাগি পৰিছো। আমি যিগৰাকী কন্যা বা ভগ্নীক জানো সেয়া যেন তেওঁ নহয়। ভিডিঅ’টোত ফুটি উঠিছে কিমান দুখত আছে তেওঁ। যুৱতীগৰাকীৰ পৰিয়ালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক আহ্বান জনাই সকলো বন্দীৰ মুক্তি নিশ্চিত কৰিবলৈ দাবী জনায়।

উল্লেখ্য যে, ২০২৩  চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে আক্ৰমণ চলাই প্ৰায় ২৫০ গৰাকী ইজৰাইলীক বন্দী কৰি লৈ গৈছিল। বৰ্তমান সময়তো প্ৰায় ৯০ গৰাকী ইজৰাইলী নাগৰিক হামাছে বন্দী কৰি ৰাখিছে। প্ৰায় প্ৰতিদিনে হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধৰ ঘটনা পোহৰলৈ আহে। কিন্তু এতিয়ালৈকে এই যুদ্ধ শাম কটা নাই।

ঘৰলৈ ধন-সম্পত্তি আহিবলৈ কি কৰা উচিত? জানক ধনী হোৱাৰ লক্ষণ!
শুৱাৰ সময়ত বিচনাৰ তলত পানী ৰাখে নেকি? জানক ইয়াৰ ফলত কি হয়...
সংগীৰ লগত সঘনাই হয় নেকি কাজিয়া? তেন্তে কোঠাৰ পৰা আঁতৰাই দিয়ক এইসমূহ সামগ্ৰী...
ভাৰতীয়ৰ চুলিৰ পৰা টকা উপাৰ্জন কৰে এইসমুহ দেশে