শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্বাসৰুদ্ধকৰ অভিযানৰ অন্ত! পাক সেনাৰ ওচৰত আত্মসমৰ্পণ BLAৰ, হাইজেক ৰে’লৰ আটাইকেইজন সন্ত্ৰাসবাদী নিহত

বেলুচিস্তানৰ জাফৰ এক্সপ্ৰেছত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে পাকিস্তান সেনাৰ ৩০ ঘণ্টীয়া শ্বাসৰুদ্ধকৰ অভিযানৰ অন্ত পৰিল। এই কাৰ্যত বেলুচ লিবাৰেশ্যন আৰ্মিৰ ৩৩ জন লোকৰ আটাইকেইজন নিহত হয়। পাক সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে জনোৱা মতে, অভিযানত চাৰিজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে পূৰ্বেই ২১জন যাত্ৰীৰ মৃত্যু হৈছে। অৱশ্যে এই পৰিসংখ্যাৰ ক্ষেত্ৰত বেলুচ লিবাৰেশ্যন আৰ্মিৰ দাবী পৃথক।

শ্বাসৰুদ্ধকৰ অভিযানৰ অন্ত! পাক সেনাৰ ওচৰত আত্মসমৰ্পণ BLAৰ, হাইজেক ৰে’লৰ আটাইকেইজন সন্ত্ৰাসবাদী নিহত
পাক সেনাৰ ওচৰত আত্মসমৰ্পণ BLAৰ
trishna-kalita
Trishna Kalita | Published: 13 Mar 2025 08:42 AM

অৱশেষত অন্ত পৰিল বেলুচিস্তানৰ জাফৰ এক্সপ্ৰেছত সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে পাকিস্তান সেনাৰ শ্বাসৰুদ্ধকৰ অভিযান। প্ৰায় ৩০ ঘণ্টা ধৰি চলি থকা এই অভিযানত পাক সেনাই বেলুচ লিবাৰেচন আৰ্মী (বিএলএ)ৰ ৩৩ জন সন্ত্ৰাসবাদীক হত্যা কৰে। এই কথা নিশ্চিত কৰি পাকিস্তান সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধাৰীয়ে কয় যে, এই অভিযানৰ সময়ত ফ্ৰন্টিয়াৰ কৰ্পছৰ চাৰিজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে পূৰ্বেই ২১জন যাত্ৰীৰ মৃত্যু হৈছে। অৱশ্যে এই ক্ষেত্ৰত বেলুচ লিবাৰেচন আৰ্মীৰ দাবী বেলেগ।

মঙলবাৰে বেলুচ সন্ত্ৰাসবাদীয়ে জাফৰ এক্সপ্ৰেছ হাইজেক কৰি যাত্ৰীসকলক পণবন্দী কৰি লৈছিল। ইয়াৰ পিছত পাকিস্তানী সেনাই অঞ্চলটো ঘেৰাও কৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এই অভিযান চলোৱা হৈছিল পাহাৰীয়া আৰু সুৰংগেৰে ভৰা বোলানত। য’ত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীক কঠিন প্ৰত্যাহ্বান জনাবলৈ চেষ্টা কৰিছিল। কিন্তু পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে কৌশলগতভাৱে সকলো সন্ত্ৰাসবাদীক নিঃশেষ কৰি পেলায়।

অভিযানৰ সময়ত বহু সন্ত্ৰাসবাদীয়ে পলায়নৰ চেষ্টা চলাইছিল যদিও সেনাবাহিনীৰ কটকটীয়া ব্যৱস্থাৰ বাবে অৱশেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। কিন্তু সেনাই কোনো সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত এৰি নিদি সকলোকে হত্যা কৰে। পাকিস্তানী সেনাই দাবী কৰিছিল যে, এই অভিযানত কোনো নিৰীহ সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই।

BLAয়ে দীৰ্ঘদিন ধৰি বেলুচিস্তানত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বিচ্ছিন্নতাবাদী আন্দোলন চলাই আহিছে। এই সংগঠনটোৱে বিগত সময়তো বহু বৃহৎ আক্ৰমণ সংঘটিত কৰিছে যদিও জাফৰ এক্সপ্ৰেছ আক্ৰমণৰ পিছত পাকিস্তান সেনাই প্ৰতিশোধ লোৱাটোৱে তেওঁলোকক ডাঙৰ আঘাত দিছে। এতিয়াও নিৰাপত্তা সংস্থাই অঞ্চলটোত তালাচী অভিযান চলাই আছে যাতে কোনো সন্ত্ৰাসবাদী সাৰি যাব নোৱাৰে।

এইদৰে সফল হ’ল সেনাৰ অভিযান

অভিযান চলাই থকাৰ সময়তে সেনাই আটাইকেইটা পণবন্দীক নিৰাপদে উদ্ধাৰ কৰাৰ লগতে আটাইকেইটা সন্ত্ৰাসবাদীক হত্যা কৰে। নিৰাপত্তাৰক্ষীৰ সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীয়ে পণবন্দীসকলক কেইবাটাও গোটত বিভক্ত কৰিছিল, যাৰ ফলত এই অভিযান অধিক প্ৰত্যাহ্বানজনক হৈ পৰিছিল। কিন্তু এই অভিযানৰ সময়ত কোনো আত্মঘাতী বোমাৰুৱে বিস্ফোৰণৰ সুযোগ নাপালে। নিৰাপত্তাৰক্ষীৰ তৎপৰতা আৰু কৌশলৰ বাবে বৃহৎ ক্ষতিৰ পৰা হাত সাৰিব পৰা গ’ল। নিৰাপত্তা সংস্থাসমূহে এই অভিযানক সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক বৃহৎ সফলতা বুলি অভিহিত কৰিছে। এই অভিযানৰ অন্তত নিৰাপত্তা বাহিনীয়েও অঞ্চলটোত তালাচী অভিযান চলাইছিল যাতে যিকোনো সম্ভাৱ্য ভাবুকিৰ সৈতে মোকাবিলা কৰিব পৰা যায়।

বেলুচ লিবাৰেচন আৰ্মিৰ ডাঙৰ দাবী

ইফালে বেলুচ লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে যে, তেওঁলোকৰ জিম্মাত এতিয়াও ১৫০ জনতকৈ অধিক পাকিস্তানী নাগৰিক পণবন্দী হৈ আছে। এই বক্তব্য জাফৰ এক্সপ্ৰেছত হোৱা আক্ৰমণৰ পিছত BLAৰ পৰা আহিছে। য’ত তেওঁলোকে কয় যে, এতিয়াও বহু সাধাৰণ নাগৰিক আৰু জোৱানক নিজৰ জিম্মাত ৰাখিছে।

বিএলএৰ তথ্য অনুসৰি এই পৰ্যন্ত মৃত্যু হৈছে ৪০ জন পাকিস্তানী জোৱান আৰু ৬০ জন পণবন্দীৰ। অৱশ্যে এই দাবী পাকিস্তানী সেনা আৰু চৰকাৰে নিশ্চিত কৰিব পৰা নাই। সেনাই কয় যে, সকলো সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে। কিন্তু এনে সময়তে বিএলএৰ এই নতুন বক্তব্যই নতুন বিতৰ্কৰ সৃষ্টি কৰিছে।

পাক প্ৰধানমন্ত্ৰীৰ মুখ্যমন্ত্ৰী ছৰফৰাজৰ সৈতে বাৰ্তালাপ

জাফৰ এক্সপ্ৰেছত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছৰফৰাজ বুগটিৰ সৈতে বাৰ্তালাপ কৰে। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী বুগটিয়ে তেওঁক আক্ৰমণৰ শেহতীয়া পৰিস্থিতি আৰু উদ্ধাৰ অভিযানৰ বিষয়ে অৱগত কৰে। এই আক্রমণক অত্যন্ত ঘৃণনীয় বুলি অভিহিত কৰি প্রধানমন্ত্রীয়ে কয় যে, এই কাপুৰুষীয়া কার্যত সমগ্ৰ দেশ স্তম্ভিত হৈ পৰিছে, কিন্তু ইয়াৰ ফলত শান্তি আৰু নিৰাপত্তাৰ প্রতি পাকিস্তানৰ দায়বদ্ধতা দুর্বল নহ’ব৷

প্ৰধানমন্ত্ৰীয়ে আক্ৰমণত নিহত হোৱা নিৰীহ সাধাৰণ নাগৰিক আৰু নিৰাপত্তাৰক্ষীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে, শ্বহীদ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আল্লাহে তেওঁলোকক স্বৰ্গত উচ্চ স্থান দিয়ক আৰু আহতসকলক শীঘ্ৰে আৰোগ্য প্ৰদান কৰক। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে, পাকিস্তানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন আৰু অধিক শক্তিশালী কৰিব। এই আক্ৰমণৰ লগত জড়িত বহু সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে হত্যা কৰিছে বুলিও তেওঁ কয়।