শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানে সন্ত্ৰাসবাদীক পুহিবলৈ বছৰি কিমান ব্যয় কৰে? সন্ত্ৰাস নিৰ্মূলত বছৰি ভাৰতৰ কিমান ব্যয় হয়?

সীমান্তৰ সিপাৰৰ পৰা ভাৰতত আতংক বজাই ৰাখিবলৈ পাকিস্তানে বছৰি প্ৰায় ৫০ লাখ মাৰ্কিন ডলাৰ (প্ৰায় ৪২ কোটি টকা) ব্যয় কৰে। একে সময়তে ভাৰত চৰকাৰে এই সন্ত্ৰাসবাদী আক্ৰমণৰ অন্ত পেলাবলৈ প্ৰতি বছৰে ৭৩০ কোটি টকা ব্যয় কৰে।

পাকিস্তানে সন্ত্ৰাসবাদীক পুহিবলৈ বছৰি কিমান ব্যয় কৰে? সন্ত্ৰাস নিৰ্মূলত বছৰি ভাৰতৰ কিমান ব্যয় হয়?
এ আইৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতীকী ছবিImage Credit source: Meta AI
raj-saikia
Raj Saikia | Updated On: 24 Apr 2025 16:47 PM

আজি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ তৃতীয় দিন । বিহাৰৰ মধুবনীত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যি সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰিছে আৰু যিয়ে এই ষড়যন্ত্ৰ ৰচিছে তেওঁলোকক কল্পনাতীত শাস্তি দিয়া হ’ব । উল্লেখ্য যে যোৱা মঙলবাৰে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিথে লস্কৰ-ই-তৈবাৰ সৈতে জড়িত দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে । এই আক্ৰমণত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুৱায় ।

সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ মুৰব্বীয়ে পাকিস্তানত বাস কৰে, সেয়েহে এই আক্ৰমণৰ আঁৰৰ ষড়যন্ত্ৰৰ ক্ষেত্ৰত পাকিস্তানৰ নাম সাঙোৰ খাইছে । আজি আমি আপোনালোকক জনাম যে পাকিস্তানে প্ৰতি বছৰে কিমান টকা খৰচ কৰে এই সন্ত্ৰাসবাদী সকলক পোহ-পাল দিয়াৰ নামত ।

সন্ত্ৰাসবাদক পোহ-পাল দিয়াত পাকিস্তানৰ বাৰ্ষিক খৰচ

আমেৰিকাৰ কলম্বিয়া ইউনিভাৰ্চিটীৰ টেৰ’ৰিষ্ট ফাইনেন্স এণ্ড চাপৰ্ট ষ্ট্ৰাক্সাৰ ইন জম্মু এণ্ড কাশ্মীৰ ৰিচাৰ্চ জাৰ্নেলত গৱেষক এন এছ জামৱালে কয় যে পাকিস্তানে প্ৰতিবছৰে ভাৰতত আতংকৰ পৰিৱেশ বৰ্তাই ৰাখিবলৈ কমেও পাঁচ মিলিয়ন মাৰ্কিন ডলাৰ (কমেও ৪২ কোটি টকা) খৰচ কৰে । এই আতংক শেষ কৰিবলৈ ভাৰত চৰকাৰে বছৰি খৰচ কৰি আহিছে কমেও ৭৩০ কোটি টকা । এতিয়া আপুনি হয়তো বুজিব পাৰিছে আতংক বিয়পোৱাতকৈ ইয়াৰ নিৰ্মূলত কিমান বেছি ধন ব্যয় কৰিবলগীয়া হৈছে ।

ভাৰতত সন্ত্ৰাসবাদ বজাই ৰাখিবলৈ পাকিস্তানে প্ৰতি বছৰে কিমান টকা খৰচ কৰে সেই কথা জামৱালে কৈছে। এই আলোচনীখনৰ মতে, সীমান্তৰ সিপাৰৰ পৰা ভাৰতত আতংক বজাই ৰাখিবলৈ পাকিস্তানে বছৰি প্ৰায় ৫০ লাখ মাৰ্কিন ডলাৰ (প্ৰায় ৪২ কোটি টকা) ব্যয় কৰে। একে সময়তে ভাৰত চৰকাৰে এই সন্ত্ৰাসবাদী আক্ৰমণৰ অন্ত পেলাবলৈ প্ৰতি বছৰে ৭৩০ কোটি টকা ব্যয় কৰে। এতিয়া আপুনি নিজেই বুজিব পাৰিব যে সন্ত্ৰাসবাদ বিয়পোৱাৰ তুলনাত সন্ত্ৰাসবাদ নিৰ্মূল কৰাত কিমান বেছি ধন খৰচ হয় ।

এন এছ জামৱালে নিজৰ গৱেষণা পত্ৰত কয় যে পাকিস্তানে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ বাবে বাৰ্ষিক কমেও ৭৯ ৰ পৰা ৮০ মিলিয়ন মাৰ্কিন ডলাৰ বা কমেও ৬৮৩ কোটি টকা খৰচ কৰে । এই ধন সন্ত্ৰাসবাদী নিয়োগ, আক্ৰমণ সফল কৰা আৰু সন্ত্ৰাসবাদীক দৰমহা দিয়াৰ বাবে ব্যয় কৰা হয় ।

সন্ত্ৰাসবাদীৰ নিযুক্তি মাচুল
কাশ্মীৰত সন্ত্ৰাস বিয়পাবলৈ পাকিস্তানে ঘৰুৱা আৰু বিদেশী উভয় সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰে । বিদেশী সন্ত্ৰাসবাদীক নিযুক্তি দিয়াৰ বাবে পাকিস্তানে দিয়ে ৫০ হাজাৰ টকা । আনহাতে ভাৰতৰ কাশ্মীৰ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদীক ২৫ হাজাৰ টকা দিয়ে । ইয়াৰ লগতে পাকিস্তানে প্ৰতিমাহে সন্ত্ৰাসবাদীক দৰমহাও দিয়ে, য’ত ১০ৰ পৰা ১২ হাজাৰ টকা বিদেশী সন্ত্ৰাসবাদীক দিয়া হয় আৰু ৮ৰ পৰা ১০ হাজাৰ টকাৰ দৰমহা স্থানীয় সন্ত্ৰাসবাদীক দিয়া হয় ।

সন্ত্ৰাসবাদী নেতাৰ দৰমহা
পাকিস্তানী সন্ত্ৰাসবাদীৰ নেতাও আছে, যাক পাকিস্তানে স্থানীয় আৰু বিদেশী উভয় নেতাক মাহিলী ৫০ হাজাৰ টকা দৰমহা দিয়ে । যেতিয়াই এই সন্ত্ৰাসবাদীক আক্ৰমণ কৰিবলৈ পঠিওৱা হয়, তেতিয়াই তেওঁলোকৰ দলটোক ১ৰ পৰা ২ লাখ টকাৰ পুঁজি দিয়া হয় । একে সময়তে বছৰজুৰি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা অপৰাধৰ ওপৰত ভিত্তি কৰি বছৰি ২ৰ পৰা ২.৫ লাখ টকাৰ পুৰস্কাৰো দিয়া হয় ।

সন্ত্ৰাসবাদীৰ নামত খৰচ

পুঁজি প্ৰদানৰ ধৰণ বিদেশী সন্ত্ৰাসবাদী স্থানীয় সন্ত্ৰাসবাদী (পাক/কাশ্মীৰ)
সন্ত্ৰাসবাদী নিযুক্তি ৫০,০০০ ২৫,০০০
মাহিলী দৰমহা ১০ ৰ পৰা ১২ হাজাৰ ৮ ৰ পৰা ১০ হাজাৰ
বছৰৰ শেষত প্ৰদান ২ ৰ পৰা ২.৫ লাখ ২ ৰ পৰা ২.৫ লাখ
সন্ত্ৰাসবাদমূলক কাৰ্যৰ বাবে ১ ৰ পৰা দুই লাখ ১ ৰ পৰা দুই লাখ
সন্ত্ৰাসবাদীৰ মূৰব্বীৰ দৰমহা ৫০ হাজাৰ ৫০ হাজাৰ

 

সন্ত্ৰাসবাদীৰ গতিবিধি সন্দৰ্ভত আনুমানিক ব্যয়

সন্ত্ৰাসবাদমূলক কাৰ্য মুঠ খৰচ (টকা)
প্ৰশিক্ষণত খৰচ ২৫ হাজাৰ
বস্ত্ৰ আৰু অস্ত্ৰ ২৫ ৰ পৰা ৩০ হাজাৰ
পাকিস্তানৰ মৃত সন্ত্ৰাসবাদীৰ পৰিয়ালক সাহায্য ২ লাখ
জম্মু-কাশ্মীৰৰ মৃত সন্ত্ৰাসবাদীৰ পৰিয়ালক সাহায্য ২০ হাজাৰ
সন্ত্ৰাসবাদীৰ সহায়কাৰীক প্ৰদান ১০ ৰ পৰা ২০ হাজাৰ টকা
নতুন সন্ত্ৰাসবাদী অন্তৰ্ভুক্ত হ’লে ৫ ৰ পৰা ১০ হাজাৰ