প্ৰথম SMS কোনে আৰু কেতিয়া কৰিছিল জানেনে? সেই SMS টো কি আছিল?

ঐতিহাসিক লেখাটো NFT হিচাপে পুনৰ সৃষ্টি কৰা হৈছিল, যিটো মূলতঃ ডিজিটেল ৰচিদ। পেৰিছৰ আগুটেছ নিলাম ঘৰটোৱে সেই আইকনিক লেখাটো নিলাম কৰে।

প্ৰথম SMS কোনে আৰু কেতিয়া কৰিছিল জানেনে? সেই SMS টো কি আছিল?

প্ৰথম SMS কোনে আৰু কেতিয়া কৰিছিল জানেনে?

Updated On: 

15 Mar 2025 14:49 PM

হোৱাটছএপ অহাৰ পূৰ্বে মেছেজ কৰাৰ একমাত্ৰ উপায় আছিল এছএমএছ । বহুতে চুটি মেছেজৰ জৰিয়তে আপোনজনৰ আগত নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰিছিল। কিন্তু, আপুনি কেতিয়াবা ভাবিছেনে এই এছএমএছ লিখা কেনেকৈ আৰম্ভ হ’ল?

১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰথম এছএমএছ লিখা হৈছিল। ৩১ বছৰ পূৰ্বে সেইদিনটোত লিখা হৈছিল ‘মেৰী খ্ৰীষ্টমাছ’। ১৫ টা আখৰৰ এই বাৰ্তাটো ভোডাফোনৰ নেটৱৰ্কৰ জৰিয়তে লিখিছিল নীল পাপোয়াৰ্থে। ভোডাফোনৰ কৰ্মী ৰিচাৰ্ড জাৰ্ভিছে সেই বাৰ্তা লাভ কৰিছিল।

সেই সময়ত ২২ বছৰীয়া ব্ৰিটিছ প্ৰগ্ৰেমাৰ নীল পাপোয়াৰ্থে কম্পিউটাৰৰ পৰা প্ৰথম SMS পঠিয়াইছিল আৰু তাৰ পিছত এইদৰে বাৰ্তা প্ৰেৰণৰ আৰম্ভণি হৈছিল।

পিছত পাপোয়াৰ্থে কয়, “১৯৯২ চনত মোৰ কোনো ধাৰণা নাছিল যে টেক্সটিং ইমান জনপ্ৰিয় হ’ব, ইমানবোৰ এপ সৃষ্টি হ’ব।” ব্ৰিটিছ টেলিকম কোম্পানী ভোডাফোনে যোৱা বছৰ NFT হিচাপে এই এছএমএছ নিলাম কৰিছিল।

ঐতিহাসিক মেছেজটো NFT হিচাপে পুনৰ সৃষ্টি কৰা হৈছিল, যিটো মূলতঃ ডিজিটেল ৰচিদ। পেৰিছৰ আগুটেছ নিলাম ঘৰটোৱে সেই আইকনিক লেখাটো নিলাম কৰে।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ