নকাবৰ তলত সন্ত্ৰাসবাদী লুকাই থাকিব পাৰে! এইখন চৰকাৰে নিষিদ্ধ কৰিলে নকাব আৰু বোৰ্খা…

নকাব আৰু বোৰ্খা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন দেশৰ চৰকাৰে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি দেশখনৰ চৰকাৰে নকাব আৰু বোৰ্খাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।

নকাবৰ তলত সন্ত্ৰাসবাদী লুকাই থাকিব পাৰে! এইখন চৰকাৰে নিষিদ্ধ কৰিলে নকাব আৰু বোৰ্খা...

Muslim Women

Published: 

09 Apr 2025 18:28 PM

বোৰ্খা আৰু নকাবৰ ক্ষেত্ৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এখন দেশৰ চৰকাৰে। শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি চৰকাৰখনে নকাব আৰু বোৰ্খাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে।  মুছলমান প্ৰধান দেশ কিৰ্গিস্তানে বোৰ্খা নিষিদ্ধ কৰাৰ দৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিৰ্গিস্তান চৰকাৰে কয় যে, নকাবৰ তলত সন্ত্ৰাসবাদী লুকাই থাকিব পাৰে। গতিকে মহিলাসকলে সম্পূৰ্ণ শৰীৰ ঢাকি ৰাজপথত খোজ কাঢ়িব নালাগে। যদি এই নিয়ম কোনোৱে উলংঘা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

স্থানীয় সংবাদ মাধ্যম এ কে আই প্ৰেছৰ মতে, মুছলমান আধ্যাত্মিক প্ৰশাসনে (মুফটিয়েট) চৰকাৰৰ প্ৰস্তাৱত অনুমোদন জনাইছে য’ত উল্লেখ আছে যে মহিলাসকলে সম্পূৰ্ণ শৰীৰ ঢাকিব পৰা নকাব বা বোৰ্কা পিন্ধিব নোৱাৰে। লগতে কয় যে, যিসকল মহিলাই সম্পূৰ্ণ শৰীৰ ঢাকি বাহিৰলৈ ওলাই তেওঁলোকক এলিয়নৰ দৰে লাগে। সেইবাবে আমি বিচাৰে মহিলাসকলে কেৱল মুখখন ঢাকি বাহিৰলৈ ওলাওক।

মুফটিয়েটে এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰি কয় যে, শ্বৰীয়ত আইনৰ অধীনত মূৰৰ পৰা ভৰিলৈকে ঢাকি ৰখাটো বাধ্যতামূলক নহয়। গতিকে এনে সিদ্ধান্তৰ বিৰুদ্ধে ফতোৱা জাৰি কৰিব নোৱাৰি। লগতে চৰকাৰৰ এই সিদ্ধান্ত সকলোকে শীঘ্ৰেই মানি চলিবলৈ আহ্বান জনাই প্ৰশাসনে।

মুফটিয়েটে আৰু কয় যে চৰকাৰে নিৰাপত্তাজনিত কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে চৰকাৰৰ সিদ্ধান্ত সকলোৱে মানি চলিব লাগিব। চৰকাৰৰ যুক্তি এয়াই যে, নকাব আৰু বোৰ্খাৰ ওপৰত নিষেধাজ্ঞা জাৰি নকৰিলে অপৰাধ বৃদ্ধি হ’ব পাৰে। লগতে কয় যে, বোৰ্খা আৰু নকাবৰ অপব্যৱহাৰ কৰিছে অপৰাধীয়ে। ইয়াৰ উদাহৰণ আমি দেখি আহিছো, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

নকাব সম্পৰ্কীয় আইন উলংঘা কৰিলে কাৰাদণ্ডৰ লগতে ২০ হাজাৰ সোম (স্থানীয় মুদ্ৰা) জৰিমনা বিহাৰ ব্যৱস্থা আছে। উল্লেখ কৰা প্ৰয়োজন যে,২০২৫ চনৰ জানুৱাৰী মাহত চৰকাৰে এই আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছিল। দেশৰ ৰাষ্ট্ৰপতিয়ে নকাব পৰিধান কৰা সকলৰ বিৰুদ্ধে বিশেষ অভিযান আৰম্ভ কৰিব বুলি জনায়। তথ্য অনুসৰি দেশখনত ৯০ শতাংশ মুছলমান লোকে বাস কৰে।

 

 

গ্ৰীষ্মকালত কিদৰে চুলিৰ যতন ল'ব, অনুসৰণ কৰক এই নিয়ম!
ফেটি লিভাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
ফ্লেভাৰযুক্ত কণ্ডমৰ উদ্দেশ্য কি? কিয় জনপ্ৰিয়তা বাঢ়িছে ফ্লেভাৰযুক্ত কণ্ডমৰ ?
ভগৱান হনুমানক পূজা কৰাৰ শুভ সময় কেতিয়া? সঠিক নিয়ম জানক