বিপদজনক মাত্ৰাত বায়ু প্ৰদূষণ ! লাহোৰত ঘোষণা কৰা হৈছে সেউজ লকডাউন | Lahore Air Pollution: Schools Shut and Green Lockdown Declared Assam news - Assam Tv9

Lahore Air Pollution : বিপদজনক মাত্ৰাত বায়ু প্ৰদূষণ ! লাহোৰত ঘোষণা কৰা হৈছে সেউজ লকডাউন…

লাহোৰত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ইয়াৰ উপৰিও লাহোৰত বৰ্ধিত বায়ু প্ৰদূষণৰ বাবে চৰকাৰে সেউজ লকডাউন ঘোষণা কৰিছে। ইয়াৰ অধীনত বহু ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।

Lahore Air Pollution : বিপদজনক মাত্ৰাত বায়ু প্ৰদূষণ ! লাহোৰত ঘোষণা কৰা হৈছে সেউজ লকডাউন...

লাহোৰৰ বায়ু প্ৰদূষণ

Updated On: 

04 Nov 2024 18:21 PM

পাকিস্তানৰ লাহোৰৰ বায়ুৰ প্ৰদূষণ বিপদজনক মাত্ৰাত উপনীত হৈছে। এনে পৰিস্থিতিৰ বাবে যোৱা দেওবাৰে কৰ্তৃপক্ষই এসপ্তাহৰ বাবে প্ৰাথমিক বিদ্যালয় বন্ধ ৰখা বাবে নিৰ্দেশনা জাৰি কৰে । সপ্তাহৰ শেষৰ ফালে বায়ুৰ গুণাগুণ সূচকাংক উচ্চ স্তৰত ৰেকৰ্ড কৰা হৈছে। একে সময়তে বিগত কেইবাদিনো ধৰি বায়ু প্ৰদূষণে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে লাহোৰত প্ৰাদেশিক চৰকাৰে বহু ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

সূত্ৰ খবৰ অনুসৰি, ১.৪ কোটি জনসংখ্যাৰ থকা মহানগৰীখনত শিশুসকলক শ্বাস-প্ৰশ্বাস আৰু অন্যান্য ৰোগৰ পৰা ৰক্ষাৰ বাবে পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে পঞ্জাৱ প্ৰদেশ চৰকাৰে । চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে যে, লাহোৰত সকলোৱে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। ইয়াৰ উপৰিও লাহোৰত বৰ্ধিত বায়ু প্ৰদূষণৰ বাবে চৰকাৰে সেউজ লকডাউন ঘোষণা কৰিছে। ইয়াৰ অধীনত বহু ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। উল্লেখ্য যে,চৰকাৰী নিৰ্দেশনা অনুসৰি বায়ু প্ৰদূষণৰ বাবে মহানগৰীৰ ৫০ শতাংশ শ্ৰমিক-কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব ।

৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব

চৰকাৰে সেউজ লকডাউনৰ নিৰ্দেশনা জাৰি কৰি কয় যে,  মহানগৰীৰ ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব । কাঠ বা কয়লাত ৰন্ধা-বঢ়া কাৰ্য নিষিদ্ধ কৰা হৈছে। লগতে পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত মটৰচালিত ৰিক্সা চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিশা ১০ বজাৰ ভিতৰত বন্ধ হ’ব লাগিব বিবাহ ভৱন । ইয়াৰ বাহিৰেও প্ৰয়োজন হ’লে কৃত্ৰিম বৰষুণৰ সহায়ত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিব লাগিব বুলি উল্লেখ কৰিছে চৰকাৰী কৰ্তৃপক্ষই ।

লাহোৰৰ বায়ুৰ গুণাগুণ সূচকাংক

বৰ্তমান বিশ্বৰ ভিতৰতে লাহোৰ অন্যতম প্ৰদূষিত চহৰ। লাহোৰৰ বায়ুৰ গুণাগুণ সূচকাংক সপ্তাহৰ শেষৰ ফালে ১০০০ৰ ওপৰত উপনীত হৈছে । যিটো পাকিস্তানৰ ভিতৰতে সৰ্বোচ্চ। ভাৰতৰ সীমান্তৱৰ্তী পূব পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰত যোৱা মাহৰ পৰাই বায়ুৰ গুণাগুণ অৱনতি ঘটিবলৈ ধৰিছে । বিষাক্ত ধোঁৱাৰ ফলত বিশেষকৈ বহু শিশু-বৃদ্ধা অসুস্থ হোৱাৰো তথ্য লাভ কৰা গৈছে।

ধোঁৱা নিৰ্গত হোৱা বাহনৰ মালিকক জৰিমনা

বায়ু প্ৰদূষণৰ সৈতে মোকাবিলা কৰা স্বাৰ্থত প্ৰাদেশিক চৰকাৰে কিছুমান অঞ্চলত নিৰ্মাণ কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰিছে। ধোঁৱা নিৰ্গত হোৱা বাহনৰ মালিকক জৰিমনা বিহা হৈছে। চৰকাৰী অধিসূচনা অনুসৰি, প্ৰদূষণৰ বাবে বিদ্যালয়সমূহ এসপ্তাহৰ বাবে বন্ধ থাকিব।

১০৫০ কোটি টকাৰ মালিক বিৰাট কোহলি! ক্ৰিকেটৰ বাহিৰে তেওঁৰ আয়ৰ উৎস কি জানেনে...
প্ৰতিদিনে সন্ধিয়া ঘৰৰ এই স্থানত জ্বলাওক এগচি চাকি, নহয় ধনৰ অভাৱ
পৰিৱৰ্তিত বতৰত শিশুৰ যত্ন কেনেকৈ ল'ব ? গ্ৰহণ কৰক এই পদক্ষেপ...
আই পি এল ২০২৫ৰ নিলাম সন্দৰ্ভত পোহৰলৈ আহিছে এই তথ্য, ক’ত আৰু কেতিয়া হ’ব নিলাম!