গাজালৈ পৰিণত হ'ল লেবানন ! তিনি সপ্তাহত ৪ লাখ শিশু গৃৃহহীন... | Lebanon : 4 lakh children displaced in 3 weeks in Israel Hezbollah war Assam news - Assam Tv9

Israel Hezbollah War : গাজালৈ পৰিণত হ’ল লেবানন ! তিনি সপ্তাহত ৪ লাখ শিশু গৃৃহহীন…

লেবাননত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত চলি থকা এই যুদ্ধৰ বাবে প্ৰায় ১২ লাখ লোক গৃহহীন হৈ পৰিছে । প্ৰকাশিত তথ্যৰ মতে, ইয়াৰ ভিতৰত ৪ লাখ শিশুও আছে ।

Israel Hezbollah War : গাজালৈ পৰিণত হল লেবানন ! তিনি সপ্তাহত ৪ লাখ শিশু গৃৃহহীন...

লেবাননৰ পৰিস্থিতি

Updated On: 

15 Oct 2024 10:21 AM

পেলেষ্টাইন আৰু ইজৰাইলৰ যুদ্ধই এবছৰো অধিক সময় অতিক্ৰম কৰিলে । বৰ্তমানেও হামাছক নিঃশেষ কৰাৰ উদ্দেশ্যে গাজাত সামৰিক অভিযান অব্যাহত ৰাখিছে ইজৰাইলে । এই অভিযানত সাংঘাতিক ধৰণে মানৱতা লুন্ঠন হোৱাৰো অভিযোগ উত্থাপিত হৈছে । একে সময়তে শেহতীয়াকৈ হিজবুল্লাহৰ বিৰুদ্ধেও ইজৰাইলে সামৰিক অভিযান তীব্ৰতৰ কৰি তুলিছে । প্ৰকাশিত খবৰ অনুসৰি, লেবাননত হিজবুল্লাহ আৰু ইজৰাইলৰ মাজত চলি থকা এই যুদ্ধৰ বাবে প্ৰায় ১২ লাখ লোক গৃহহীন হৈ পৰিছে । প্ৰকাশিত তথ্যৰ মতে, ইয়াৰ ভিতৰত ৪ লাখ শিশুও আছে । প্ৰকাশিত তথ্য অনুসৰি, লেবাননত উত্তেজনা বৃদ্ধি পোৱাৰ পিছৰ পৰা তিনি সপ্তাহত বেইৰুটৰ লগতে উত্তৰ অঞ্চলৰ অন্যান্য ঠাইৰ পৰা পলায়ন কৰিছে অধিকাংশ লোক।

এই সন্দৰ্ভত ইউনিচেফৰ উপ-কাৰ্যবাহী সঞ্চালক টেড চাইবানে কয় যে, এই যুদ্ধৰ তিনি সপ্তাহতে বৃহৎ সংখ্যক শিশুৰ ওপৰত যুদ্ধৰ প্ৰভাৱ পৰিছে । উল্লেখ্য যে, ইউনিচেফৰ উপ-কাৰ্যবাহী সঞ্চালক গৰাকীযে শেহতীয়াকৈ লেবাননৰ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰিছিল । তেওঁ কয় যে, এই যুদ্ধৰ বাবে লাখ লাখ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈছে । তেওঁলোকে অধ্যয়ন কৰা বহু বিদ্যালয় যুদ্ধত ধ্বংস হোৱাৰ সামান্তৰালভাৱে বহু বিদ্যালয় এতিয়া আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত হৈছে । এই ধৰণৰ যুদ্ধৰ বাবে লাখ লাখ লেবানন, ছিৰিয়ান, পেলেষ্টাইনী শিশু আছে যিয়ে শিক্ষা হেৰুৱাৰ আশংকাত ভুগিছে বুলিও উদ্বেগ প্ৰকাশ কৰে ইউনিচেফৰ উপ-কাৰ্যবাহী সঞ্চালক গৰাকীয়ে ।

উল্লেখ্য যে, ইজৰাইলৰ আক্ৰমণত লেবাননত ২৩০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে আৰু ইয়াৰে প্ৰায় ৭৫ শতাংশ লোক যোৱা এমাহত মৃত্যু হৈছে বুলি তথ্য প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে।

লেবাননৰ আশ্ৰয় শিবিৰসমূহৰ পৰিস্থিতি সন্দৰ্ভত চাইবানে কয় যে, হিজবুল্লাহ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে যোৱা তিনি সপ্তাহত ১০০ৰো অধিক শিশু নিহত হোৱাৰ লগতে ৮০০ৰো অধিক শিশু আহত হৈছে। আশ্ৰয় শিবিৰত সৰ্বাধিক শিশুৱে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে । একেদৰে আশ্ৰয় শিবিৰসমূহত এটা কোঠাতে তিনিটাৰ পৰা চাৰিটা পৰিয়ালে বাস কৰিবলগীয়া হৈছে । হাজাৰ হাজাৰ মানুহৰ বাবে মাত্ৰ ১২টা গা ধোৱা কোঠা আছে যদিও সেইবোৰত সকলোবোৰ সুবিধা কাৰ্যক্ষম নহয়। বহু পৰিয়ালে পথৰ দাঁতিত তম্বুত থাকিবলৈ বাধ্য হৈছে।

‘এই পৰিয়ালসমূহৰ অধিকাংশ শিশুৱেই হিংসাক স্পষ্টভাৱে দেখিছে। তেওঁলোকে গোলাবৰ্ষণ আৰু গুলীৰ শব্দ শুনিছে আৰু তেওঁলোকৰ মনত আতংকই বিৰাজ কৰিছে ।’এইদৰে কয় ইউনিচেফৰ উপ-কাৰ্যবাহী সঞ্চালক গৰাকীয়ে ।

তেওঁ লগতে উল্লেখ কৰে যে, যুদ্ধৰ ফলত অঞ্চলসমূহত খোৱা পানীৰ যোগান ব্যৱস্থাবোৰো লাহে লাহে ধ্বংস হ’বলৈ ধৰিছে । কেৱল এয়াই নহয় এই যুদ্ধই স্বাস্থ্য ক্ষেত্ৰখনকো প্ৰভাৱিত কৰিছে । এই যুদ্ধৰ বাবে ইতিমধ্যে ১০০ খনতকৈও অধিক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সেৱা বন্ধ হৈ পৰিছে আৰু ১২ খন চিকিৎসালয়ে সেৱা আগবঢ়োৱাত ব্যৰ্থ হৈছে । চাইবানে কয় যে, যোৱা তিনি সপ্তাহত প্ৰায় ৩ লাখ ৫০ হাজাৰ লোকক পানী যোগান ধৰা ২৬ টা জল ষ্টেচন ধ্বংস হৈছে। ইউনিচেফে এই ব্যৱস্থাবোৰ কাৰ্যক্ষম কৰিবৰ বাবে স্থানীয় কৰ্তৃপক্ষৰ সৈতে কাম কৰি আছে বুলি সদৰী কৰিছে ইউনিচেফৰ উপ-কাৰ্যবাহী সঞ্চালক গৰাকীয়ে।

কিমানলৈকে পঢ়িছিল মহম্মদ চিৰাজে, DSP হিচাপে কিমান পাব দৰমহা?
মাত্ৰ ২৩ ৰানেৰে গাংগুলী-দ্ৰাবিড়ক অতিক্ৰম কৰি অনন্য কৃতিত্ব ৰোহিত-কোহলীৰ
সুনীল গাভাস্কাৰক অতিক্ৰম কৰি বেংগালুৰুৰ ষ্টেডিয়ামত ৰোহিত শৰ্মাই ৰচিলে ইতিহাস
ছলমানৰ পৰা মুনাৱাৰলৈ... লৰেন্স বিষ্ণোইৰ শত্ৰুৰ তালিকাত আৰু কোন কোন?