মৃত্যুৰ আন এটা নাম 'মোছাদ'! বোমা, বেজী, টুথপেষ্ট...কেনেকৈ শত্ৰুক নাশ কৰে ইজৰাইলৰ চোৰাংচোৱা সংস্থাই | Lebanon attack what is Israel intelligence agency mossad how does they work know in assamese Assam news - Assam Tv9

মৃত্যুৰ আন এটা নাম ‘মোছাদ’! বোমা, বেজী, টুথপেষ্ট…কেনেকৈ শত্ৰুক নাশ কৰে ইজৰাইলৰ চোৰাংচোৱা সংস্থাই

Updated On: 

19 Sep 2024 14:27 PM

Mossad: প্ৰথমজন বিজ্ঞানীক বিষক্ৰিয়া কৰি হত্যা কৰিছিল। দ্বিতীয়জন ২০১০ চনত মটৰ চাইকেলত লগোৱা ৰিম’ট কণ্ট্ৰ’ল ব্যৱহাৰ কৰি নিহত হৈছিল। ইয়াৰোপৰি ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ দায়িত্বত থকা ইৰাণী জেনেৰেল আৰু তেওঁৰ দলৰ ১৬ জন সদস্যকো হত্যা কৰিছিল।

মৃত্যুৰ আন এটা নাম মোছাদ! বোমা, বেজী, টুথপেষ্ট...কেনেকৈ শত্ৰুক নাশ কৰে ইজৰাইলৰ চোৰাংচোৱা সংস্থাই

মোছাদ

Follow Us On

লেবাননত যোৱা ২ দিন ধৰি হোৱা ধাৰাবাহিক বিস্ফোৰণৰ ফলত বহুলোকে প্ৰাণ হেৰুৱাইছে। পেজাৰ আক্ৰমণৰ পাছত এতিয়া হিজাবুল্লাহৰ যোগাযোগ ব্যৱস্থা ধ্বংস কৰাৰ চেষ্টা কৰা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, এঘণ্টাৰ ভিতৰতে বেইৰুট, বেকা, নাবাটিহ আৰু দক্ষিণ লেবাননত কেইবাটাও ইলেক্ট্ৰনিক যন্ত্ৰ বিস্ফোৰণ ঘটি শ শ লোক আহত হয়। হিজাবুল্লাহে এই আক্ৰমণৰ বাবে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদক জগৰীয়া কৰিছে। অৱশ্যে এই সন্দৰ্ভত ইজৰাইলে এতিয়ালৈকে কোনো স্পষ্টকৰণ দিয়া নাই বা আক্ৰমণৰ দাবী খণ্ডনো কৰা নাই।

হিজাবুল্লাহে সন্দেহ কৰিছে যে পেজাৰসমূহ লেবাননলৈ অহাৰ পূৰ্বে তাত বিস্ফোৰক সামগ্ৰী সংস্থাপন কৰিছিল মোছাদে। তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে পৰৱৰ্তী সময়ত হাজাৰ হাজাৰ পেজাৰ বিস্ফোৰণ কৰিছিল। এয়া প্ৰথম ঘটনা নহয় যে মোছাদে এনে ধ্বংসলীলা চলাইছে, ইয়াৰ পূৰ্বেও এই চোৰাংচোৱা সংস্থাটোৱে বহু গোপন অভিযান কৰিছে।

মোছাদৰ লক্ষ্য হিজাবুল্লাহ

পেজাৰ বিস্ফোৰণৰ পাছত লেবাননত এটাৰ পাছত আন এটা ইলেক্ট্ৰনিক সামগ্ৰীৰ বিস্ফোৰণ হয়। লেবাননত চলি থকা ভয়ংকৰ আক্ৰমণৰ পাছতেই মোছাদে বাতৰিৰ শিৰোনাম দখল কৰিছে। আক্ৰমণৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিছে  তাৰ দ্বাৰা অনুমান লগাই ইয়াৰ আঁৰত মোছাদে আছে বুলি হিজাবুল্লাহে দাবী কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদক শত্ৰুৰ কাল বুলি কোৱা হয়। এই সংস্থাই ইমান গোপনভাৱে কাম চলাই যে পৃথিৱীত কাৰো ওচৰত ইয়াৰ সূত্ৰ নাথাকে। যাৰ বাবে এই আক্ৰমণৰ আঁৰত মোছাদ আছে বুলি গণ্য কৰা হৈছে। ইয়াৰ পূৰ্বে ৩১ জুলাইত তেহৰাণত হামাছৰ নেতা ইছমাইল হানিয়াৰ সন্দৰ্ভত দাবী কৰা হৈছিল যে মোছাদে তেওঁক হত্যা কৰিছিল।

মোছাদ মানে মৃত্যু

মোছাদ ইজৰাইলৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থা। ১৯৪৯ চনৰ ১৩ ডিচেম্বৰত ইজৰাইল গঠন হোৱাৰ সময়তে ই গঠন হয়। শত্ৰুক নিৰ্মূল কৰাৰ পূৰ্বে মোছাদে সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰে। পৃথিৱীৰ অন্য চোৰাংচোৱা সংস্থাৰ দৰে মোছাদেও ভুৱা নাম আৰু পৰিচয় ব্যৱহাৰ কৰি অভিযান চলায়।

মোছাদক টাৰ্গেট কিলিঙৰ বিশেষজ্ঞ বুলি কোৱা হয়। যাৰ বাবে বহুতে মোছাদক ইজৰাইলৰ কিলিং মেচিন বুলি কয়। মোছাদৰ প্ৰতিটো কামৰ বিষয়ে অৱগত থাকে ইজৰাইলৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ মোছাদে যিয়েই নকৰক কিয়, ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বিষয়ে ভালদৰেই জানে। মোছাদে তেওঁলোকৰ কাম ইমান নিয়াৰিকৈ কৰে যে তাৰ প্ৰমাণ দিবলৈ কোনো সূত্ৰ নাথাকে। আমেৰিকাৰ চি আই এৰ পাছত পশ্চিমীয়া দেশৰ দ্বিতীয় বৃহত্তম চোৰাংচোৱা সংস্থা মোছাদ। তথ্য অনুসৰি মোছাজৰ বাৰ্ষিক বাজেট প্ৰায় ১০ বিলিয়ন ডলাৰ আৰু ইয়াত প্ৰায় ৭০০০ লোকে কাম কৰে।

কিহৰ ওপৰত নিৰ্ভৰ

মোছাদ কাৰিকৰীভাৱে অতি দক্ষ। প্ৰযুক্তিৰ লগতে এই সংস্থাই মানৱ বুদ্ধিমত্তাৰো ব্যৱহাৰ কৰে। মোছাদৰ অপাৰেচনেল উইঙৰ কাম হৈছে আৰব দেশত চোৰাংচোৱা নিয়োগ আৰু পৰিচালনা কৰা। এই চোৰাংচোৱাৰ জৰিয়তে মোছাদে গোপন তথ্য সংগ্ৰহ কৰে। ইয়াৰোপি প্ৰযুক্তি ব্যৱহাৰ কৰিও মোছাদে নিজৰ কাম কৰে।

২০ বছৰত লৈছিল প্ৰতিশোধ

১৯৭২ চনত জাৰ্মানীৰ মিউনিখত অলিম্পিকৰ আয়োজন কৰা হৈছিল। সেই সময়ত ইজৰাইলৰ ১১ জনকৈ খেলুৱৈক হত্যা কৰা হৈছিল। অভিযোগ অনুসৰি পেলেষ্টাইন লিবাৰেশ্যন অৰ্গেনাইজেশ্যনে এই হত্যাকাণ্ড সংঘটিত কৰিছিল। এই আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ মোছাদে ২০বছৰ সময় লৈছিল আৰু আক্ৰমণৰ বাবে দায়ী প্ৰতিগৰাকী ব্যক্তিক বিচাৰি বিচাৰি হত্যা কৰিছিল। এই অভিযানৰ নাম ৰখা হৈছিল ৱাৰ্থ এৱ গড (ভগৱানৰ ক্ৰোধ)। খবৰ অনুসৰি মোছাদে প্ৰতিশোধ ল’বলৈ বোমা, গাড়ী, বিষাক্ত বেজী আদি বহু পদ্ধতি হাতত লৈছিল।

বিষাক্ত টুথপেষ্ট

পেলেষ্টাইনী কমাণ্ডাৰ ৱাডি হাদ্দাদৰ হত্যাও মোছাদে অন্য ধৰণে কৰিছিল। ১৯৭৬ চনত এয়াৰ ফ্ৰান্সৰ এখন বিমান হাইজেক হৈছিল আৰু পণবন্দীসকলক মুকলি কৰিবলৈ ইজৰাইলে অপাৰেশ্যন থাণ্ডাৰবল্ট আৰম্ভ কৰিছিল। এই অভিযানত মোছাদ সফল হ’লেও ইজৰাইলৰ লেফটেনেন্ট কৰ্ণেল এজন নিহত হৈছিল। অৱশ্যে ইয়াৰ প্ৰতিশোধ মোছাদে অন্য ধৰণে লৈছিল। ১৯৭৮ চনত বিষাক্ত টুথপেষ্টৰ ফলত হাদ্দাদৰ মৃত্যু হয়। প্ৰায় ২-৩ মাহ ধৰি বিষাক্ত টুথপেষ্ট দি থকা হৈছিল হাদ্দাদক। এই মৃত্যুৰ কেইবাবছৰ পাছত বিশ্ববাসীয়ে এই কথা জানিবলৈ পাইছিল।

ইৰাণৰ বিজ্ঞানী হত্যা

ইৰাণৰ পাৰবাণৱিক কাৰ্যসূচীৰ সদায় বিৰোধিতা কৰি আহিছে ইজৰাইলে। ২০২০ চনত মোছাদে ইৰাণৰ পাৰমাণৱিক বিজ্ঞানী মহছিন ফখৰিজাদেক হত্যা কৰিছিল। ২০০৭ চনৰ পৰা ২০২১ চনলৈকে মোছাদে ৬ জন ইৰাণী পাৰমাণৱিক বিজ্ঞানীক হত্যা কৰিছে। এই আটাইকেইটা হত্যাকাণ্ডত মোছাদে বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰিছিল। প্ৰথমজন বিজ্ঞানীক বিষক্ৰিয়া কৰি হত্যা কৰিছিল। দ্বিতীয়জন ২০১০ চনত মটৰ চাইকেলত লগোৱা ৰিম’ট কণ্ট্ৰ’ল ব্যৱহাৰ কৰি নিহত হৈছিল। ইয়াৰোপৰি ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ দায়িত্বত থকা ইৰাণী জেনেৰেল আৰু তেওঁৰ দলৰ ১৬ জন সদস্যকো হত্যা কৰিছিল।

মুৰব্বী কোন

১৯৯৬ চনলৈ মোছাদৰ মুৰব্বীৰ নাম গোপনে ৰখা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত মোছাদৰ কাৰ্যকাল আৰম্ভ হোৱাৰ পূৰ্বেই মুৰব্বীৰ নাম ঘোষণা কৰা হৈছিল। ২০২১ চনত ডেভিড বাৰ্ণিয়া মোছাদৰ নিৰ্দেশক হিচাপে নিযুক্তি লাভ কৰে। বাৰ্ণিয়াৰ নাম ঘোষণা কৰি ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতাহুয়াই কৈছিল যে বাৰ্ণিয়াৰ মূল কাম হল ইৰাণৰ পাৰমাণৱিক শক্তিত বাধা আৰোপ কৰা। মোছাদৰ কাম কৰা পদ্ধতিয়ে সমগ্ৰ বিশ্বক আকৰ্ষিত কৰে।

 

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version