5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভয়ংকৰ! পেজাৰ বিস্ফোৰণৰ পাছত এইবাৰ লেবাননত মোবাইল, লেপটপ, ৱাকি-টকি বিস্ফোৰণ

Lebanon blast: পেজাৰ বিস্ফোৰণত নিহত হোৱা হিজবুল্লাহৰ সাংসদ আলী আম্মাৰৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ৱাকি- টকিৰ এক বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ এটা ভিডিঅ' এটা পোহৰলৈ আহিছে।

ভয়ংকৰ! পেজাৰ বিস্ফোৰণৰ পাছত এইবাৰ লেবাননত মোবাইল, লেপটপ, ৱাকি-টকি বিস্ফোৰণ
লেবানন
Follow Us
barasha-sarma
Barasha Sarma | Updated On: 19 Sep 2024 09:19 AM

যোৱা ২টা দিন ধৰি লেবাননত এটাৰ পাছত আন এটা বিস্ফোৰণ হৈ আছে। ১৭ ছেপ্টেম্বৰৰ দিনা হিজাবুল্লাহৰ যোদ্ধাৰ পেজাৰত বিস্ফোৰণ সংঘটিত হয় য’ত প্ৰায় ৯ জনলোকৰ মৃত্যু হয় আৰু শ শ লোক আহত হয়। ইয়াৰ পাছতেই বুধবাৰে বহু ঠাইত ৱাকি- টকি , মোবাইল, লেপটপ পৰ্যন্ত বিস্ফোৰণ হয়। পেজাৰ বিস্ফোৰণত নিহত হোৱা হিজবুল্লাহৰ সাংসদ আলী আম্মাৰৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত ৱাকি- টকিৰ এক বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণৰ এটা ভিডিঅ’ এটা পোহৰলৈ আহিছে।

ভিডিঅ’টোত দেখা গৈছে যে অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত বৃহৎ সংখ্যক লোক উপস্থিত আছে। সাংসদগৰাকীৰ পুত্ৰক ৰাইজে বিদায় দি থকাৰ সময়তে এক ভয়ংকৰ বিস্ফোৰণ কঁপাই তোলে ঠাইখিনি।  ইয়াৰ লগে লগে সকলোফালে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  হয় আৰু সকলোৱে প্ৰাণৰ মমতাক ইফালে- সিফালে দৌৰিবলৈ আৰম্ভ কৰে।

 

যোৱা কেইটাদিনত লেবাননত সংঘটিত হোৱা বিস্ফোৰণত চলিছে মৃত্যুৰ তাণ্ডৱ। বহু ভিডিঅ’ ওলাইছে য’ত লেবাননৰ ধ্বংসলীলাৰ দৃশ্য স্পষ্টকৈ দেখা গৈছে। ৰাজপথত চাৰিওফালে তেজ পৰি ৰৈছে, এম্বুলেন্সৰ শব্দ শুনা গৈছে, ডাঙৰ ডাঙৰ অট্টালিকা ধ্বংস হৈ গৈছে, বাহনসমূহ জ্বলি উঠিছে। এক ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে লেবাননত।

যোৱা ২ দিনত লেবাননত ধাৰাবাহিত বিস্ফোৰণ সংঘটিত হৈছে। ৪০০০ ৰো অধিক পেজাৰ বিস্ফোৰণৰ পাছত এইবাৰ ৱাকি- টকিকে ধৰি বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী বিস্ফোৰণ হ’বলৈ আৰম্ভ কৰিছে। বুধবাৰৰ বিস্ফোৰণত প্ৰায় ২০ জনলোকৰ মৃত্যু হোৱাৰ লগতে ৪২০ জন আহত হয়। ইয়াৰে কেইবাজনৰ অৱস্থা সংকটজনক যাৰ বাবে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে।

লেবাননত হৈ থকা এই আক্ৰমণক বিশ্বৰ বহু দেশে নিন্দা কৰিছে। হিজাবুল্লাহে কৈছে যে এই আক্ৰমণ ইজৰাইলে সংঘটিত কৰিছে আৰু ইয়াৰ প্ৰতিশোধ তেওঁলোকে ল’ব।

উল্লেখ্য যে, লেবাননত হোৱা পেজাৰ বিস্ফোৰণৰ প্ৰায় ২৪ ঘন্টা পাছতেই ৱাকি- টকি, লেপটপ, মোবাইল ফোন আদিত বিস্ফোৰণ হয় । একাংশৰ মতে, হিজাবুল্লাহৰ যোগাযোগৰ মাধ্যম বন্ধ কৰিবলৈ এই কাম কৰি থকা হৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে, এঘণ্টাৰ ভিতৰতে বেইৰুট, বেকা, নাবাটিহ আৰু দক্ষিণ লেবাননত কেইবাটাও ইলেক্ট্ৰনিক যন্ত্ৰ বিস্ফোৰণ ঘটি শ শ লোক আহত হয়।

অভিযোগ অনুসৰি এই আক্ৰমণ ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে কৰিছে। দাবী অনুসৰি লেবানন পোৱাৰ আগতেই মোছাদে পেজাৰত বিস্ফোৰক সামগ্ৰী ৰাখিছিল আৰু ইয়াৰ সহায়তে মঙলবাৰে ধাৰাবাহিক পেজাৰ বিস্ফোৰণ চলাইছিল। অৱশ্যে এতিয়ালৈকে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইলে কোনো মন্তব্য কৰা নাই বা এই অভিযোগ খণ্ডনো কৰা নাই।

 

Latest News