প্ৰলয়ংকাৰী বানৰ বাবে দোষী সাব্যস্ত ১২ জনক ২৭ বছৰৰ কাৰাদণ্ড আদালতৰ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

প্ৰলয়ংকাৰী বানৰ বাবে দোষী সাব্যস্ত ১২ জনক ২৭ বছৰৰ কাৰাদণ্ড আদালতৰ

Published: 

29 Jul 2024 11:19 AM

২০২১ চনৰ এটা চৰকাৰী নিৰীক্ষণ সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০১২ আৰু ২০১৩ চনত এই উদ্দেশ্যে ২০ লাখ মাৰ্কিন ডলাৰতকৈ অধিক আবণ্টন দিয়াৰ পিছতো দুয়োটা বান্ধৰ ৰক্ষণাবেক্ষণ কৰা হোৱা নাছিল

প্ৰলয়ংকাৰী বানৰ বাবে দোষী সাব্যস্ত ১২ জনক ২৭ বছৰৰ কাৰাদণ্ড আদালতৰ

লিবিয়া বানপানী

Follow Us On

বিগত বৰ্ষত দুটাকৈ বান্ধ ভাঙি যোৱাৰ ফলত আদালতে ১২ জন বৰ্তমানৰ আৰু প্ৰাক্তন বিষয়াক ২৭ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। উল্লেখ কৰা প্ৰয়োজন যে এই বান্ধ ভাঙি যোৱাৰ ফলত চহৰত প্ৰলয়ংকাৰী বানপানীৰ সৃষ্টি হৈছিল। চহৰৰ মাজভাগত কেইবা মিটাৰ ওপৰলৈ পানী উঠিছিল য’ত হাজাৰ হাজাৰ মানুহ মৃত্যু মুখত পৰিছিল। এই ঘটনাৰ বাবে লিবিয়াৰ এখন আদালতে ১২ জনত শাস্তি প্ৰদান কৰে। দেওবাৰে এই ৰায় প্ৰদান কৰা আদালতে।

উল্লেখ্য যে,  বিগত বৰ্ষৰ ১১ ছেপ্টেম্বৰত ডেৰ্না চহৰৰ বাহিৰৰ দুটা বান্ধ ভাঙি গৈছিল। সেই সময়চোৱাত পূৱ লিবিয়াত প্ৰৱল বৃষ্টিপাত হৈছিল।  জানিব পৰা মতে, চহৰখনৰ এক চতুৰ্থাংশ অংশ পানীত ডুবি গৈছিল।  যাৰ বাবে সমগ্ৰ অঞ্চলটো নষ্ট হৈ যোৱাৰ লগতে বহু মানুহ সাগৰৰ পানীত উটি গৈছিল।

দেশখনৰ শীৰ্ষ অভিযুক্ত কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি দেওবাৰে ডেৰ্না ফৌজদাৰী আদালতে ১২ জন বৰ্তমান আৰু প্ৰাক্তন বিষয়াক কামত গাফিলতি আৰু ভুলৰ বাবে দোষী সাব্যস্ত কৰে। আদালতে কয় যে, তেওঁলোকৰ বাবে মানুহৰ মাজত এই দুৰ্যোগৰ সৃষ্টি হৈছিল। বিবৃতিটোত কোৱা হয় যে, দেশখনৰ বান্ধ বা মথাউৰি পৰিচালনাৰ দায়িত্বত থকা এই সকলক ৯ ৰ পৰা ২৭ বছৰলৈ কাৰাদণ্ড বিহা হৈছে। অৱশ্যে তেওঁলোকৰ নাম উল্লেখ কৰা নাই আদালতে। বিবৃতিটোত কোৱা হৈছে যে ইয়াৰে যি সকলে নিজৰ লাভৰ বাবে অবৈধ ধন গ্ৰহণ কৰিছে সেয়া ঘূৰাই দিব লাগিব।

লিবিয়াৰ ন্যায়িক ব্যৱস্থা অনুসৰি দেওবাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিব পাৰিব। তেল সমৃদ্ধ উত্তৰ আফ্ৰিকান ৰাষ্ট্ৰখনত  ২০১১ চনৰ পৰাই অৰাজকতাই বিৰাজ কৰি আহিছে।  যোৱা দশকৰ বেছিভাগ সময় ধৰি প্ৰতিদ্বন্দ্বী প্ৰশাসনসমূহে লিবিয়াৰ নেতৃত্ব কৰাৰ অধিকাৰৰ কথা কৈ আহিছে। প্ৰতিটো পক্ষই সশস্ত্ৰ গোট আৰু বিদেশী চৰকাৰে সমৰ্থন কৰে। গৃহযুদ্ধৰে জৰ্জৰিত লিবিয়াৰ অৱস্থা এতিয়াও বিশৃংখল হৈয়ে আছে।

বান্ধ সন্দৰ্ভত ২০২১ চনৰ এটা চৰকাৰী নিৰীক্ষণ সংস্থাৰ প্ৰতিবেদনত কোৱা হৈছে যে ২০১২ আৰু ২০১৩ চনত এই উদ্দেশ্যে ২০ লাখ মাৰ্কিন ডলাৰতকৈ অধিক আবণ্টন দিয়াৰ পিছতো দুয়োটা বান্ধৰ ৰক্ষণাবেক্ষণ কৰা হোৱা নাছিল। ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ৰ তথ্য অনুসৰি ডেৰ্নাৰ এক তৃতীয়াংশ গৃহ আৰু আন্তঃগাঁথনি বান্ধৰ পানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version