বৃদ্ধাশ্ৰমত লাগিল ভয়ংকৰ জুইঃ প্ৰাণ হেৰুৱালে আঠজন লোকে, আহত কেইবাজনো
বেলগ্ৰেডৰ উপকণ্ঠ অঞ্চলত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অঞ্চলটোৰ এখন বৃদ্ধাশ্ৰমত সংঘটিত এই অগ্নিকাণ্ডত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে আঠজন লোকে। আনহাতে অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈছে বহু কেইজন লোক। আহত লোককেইজনক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
ইউৰোপীয়ান ৰাষ্ট্ৰ ছাৰ্বিয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। দেশখনৰ ৰাজধানী বেলগ্ৰেডৰ উপকণ্ঠ অঞ্চলত আজি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অঞ্চলটোৰ এখন বৃদ্ধাশ্ৰমত সংঘটিত এই অগ্নিকাণ্ডত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে আঠজন লোকে। আনহাতে অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈছে বহু কেইজন লোক। আহত লোককেইজনক চিকিৎসাৰ বাবে তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আজি পুৱাৰ ভাগত সংঘটিত হৈছে এই ঘটনা। এনে ভয়ংকৰ অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোতে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে।
প্ৰকাশিত খবৰ অনুসৰি বেলগ্ৰেডৰ দক্ষিণ অংশৰ বাৰাজেভো পৌৰসভা অঞ্চলৰ এখন বৃদ্ধাশ্ৰমত পুৱা প্ৰায় ৩:৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে, বৃদ্ধাশ্ৰমখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰায় ৩০ জন লোক উপস্থিত আছিল। ইয়াৰে ৮ জন লোকৰ অগ্নিদগ্ধ হৈ থিতাতে মৃত্যু হয়। নিহত লোককেইজনৰ ভিতৰত ৭ জন লোক জ্বলি সম্পূৰ্ণ ছাই হৈ যায়।
জুইৰ তীব্ৰতা ইমানেই ভয়ংকৰ আছিল যে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ আশ্ৰমখন জুয়ে আগুৰি ধৰে। ছাৰ্বিয়াৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, আহত লোকসকলক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি বেলগ্ৰেড সামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সম্প্ৰতি আহত লোকসকলৰ চিকিৎসা চলি আছে বুলি উল্লেখ কৰা হৈছে। ইয়াৰে বহুকেইজন লোকৰ অৱস্থা সংকটজনক হৈ আছে বুলি খবৰ প্ৰকাশ পাইছে।
জুইৰ শিখা ক্ৰমাৎ বৃদ্ধি হোৱাৰ পিছতে স্থানীয় লোকসকল ঘটনাস্থলীৰ কাষ চাপি আহে। ঘটনা সন্দৰ্ভত স্থানীয় লোকে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল সেই স্থানত উপস্থিত হয়। তাৎক্ষণিক অভিযান চলাই প্ৰশাসনিক দলটোৱে বহু কষ্টৰ অন্তত অগ্নি নিয়ন্ত্ৰণ কৰে।
স্থানীয় সংবাদ মাধ্যমৰ খবৰ মতে, নিহত লোকসকলৰ মৃতদেহ সম্পূৰ্ণৰূপে জ্বলি গৈছে আৰু এনে অৱস্থাত মৃতদেহ চিনাক্ত কৰাটোৱেই কঠিন হৈ পৰে। মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় প্ৰশাসনিক কৰ্তৃপক্ষই উল্লেখ কৰে। অৱশ্যে এই অগ্নিকাণ্ড কিদৰে আৰম্ভ হ’ল, সেই সন্দৰ্ভত নিশ্চিত তথ্য এতিয়াও পোহৰলৈ অহা নাই।
বৰ্তমান এই সন্দৰ্ভত আৰক্ষীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। প্ৰশাসনে বিষয়টোৰ তদন্ত অব্যাহত ৰাখি দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ চেষ্টা অব্যাহত ৰাখিছে।