শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এনে এজন ব্যক্তি যি তিলমানো টোপনি মৰা নাই ৬৩ বছৰ ধৰি; পঢ়ক সবিশেষ

এক্ষন্তেকো নোশোৱাকৈ আপুনি কেইদিন কটাব পাৰিব বাৰু ? এনে এজন ব্যক্তি আছে, যি যোৱা ৬৩ বছৰত এঘুমতিও মৰা নাই । আহক চিনাকী হওঁ এই ব্যক্তিজনৰ সৈতে-

এনে এজন ব্যক্তি যি তিলমানো টোপনি মৰা নাই ৬৩ বছৰ ধৰি; পঢ়ক সবিশেষ
৬৩ বছৰ ধৰি শোৱা নাই এইজন লোকImage Credit source: TV9 Bangla
raj-saikia
Raj Saikia | Published: 04 Feb 2025 15:07 PM

টোপনি আমাৰ শৰীৰ তথা জীৱন পৰিক্ৰমাৰ বাবে অতি গুৰুত্বপূৰ্ণ । দিনটো নিজৰ যাৱতীয় কাম-কাজ কৰাৰ অন্তত নিশা আমি টোপনি যাওঁ আৰু শৰীৰটোক কিছু বিশ্ৰাম দিওঁ । সুস্থিৰভাৱে আমাৰ কাম-কাজবোৰ চলি থাকিবলৈ টোপনি যোৱাটো অতি গুৰুত্বপূৰ্ণ । টোপনি ক্ষতি হ’লে আমাৰ দৈনিক ৰুটিনত ই প্ৰভাৱ পেলায় ।

এজন মানুহে একে লেঠাৰিয়ে কেইদিন টোপনি ক্ষতি কৰিব পাৰে বাৰু ? হয়তো দুদিন, কোনোৱে হয়তো দুদিনৰ বেছিও টোপনি ক্ষতি কৰিব পাৰে । কিন্তু এই প্ৰতিবেদনত আমি এনে এজন ব্যক্তিৰ কথা ক’বলৈ লৈছোঁ, যি দুদিন, এসপ্তাহ বা এমাহ নহয়, যোৱা ৬৩ বছৰে তিলমানো টোপনি মৰা নাই ।

হয় ঠিকেই শুনিছে, ৬৩ বছৰে শোৱা নাই এই ব্যক্তিগৰাকী । টোপনি নমৰাকৈয়ে তেওঁ নিতৌ নিজৰ কাম কৰি গৈছে, সুস্থ হৈও আছে বৰ্তমানলৈকে । প্ৰায় ৮১ বছৰ বয়সীয়া এই ব্যক্তিজন পেছাত খেতিয়ক । তেওঁ শেষবাৰৰ বাবে টোপনি মাৰিছিল যেতিয়া তেওঁৰ বয়স আছিল ১৭ বছৰ । তাৰ পিছৰ পৰা তেওঁ আৰু টোপনি যোৱা নাই । তেওঁ জনোৱা মতে, ১৯৬২ চনত তেওঁ আক্ৰন্ত হৈছিল মেলেৰিয়াত । তাৰ পাছতেই তেওঁক নিদ্ৰাহীনতাই লগ দিয়ে । বহু কেইগৰাকী চিকিৎসকৰ ওচৰলৈ গ’ল, ঔষধ খালে, কিন্তু তেওঁ কোনো সুফল নাপালে ।

Thai Nok

থাই নক

আনে টোপনি মৰা দেখিলে তেওঁৰো শুবলৈ মন যায়, কিন্তু কি হ’ব তেওঁৰ টোপনি নাহে । এই ব্যক্তিজন হৈছে ভিয়েটনামৰ থাই নক । তেওঁ কয়, “আনে টোপনি মৰা দেখিলে মই উত্তেজিত হৈ পৰোঁ । ৰাতি পথাৰলৈ গৈ তাত বহি থাকোঁ । একো নকৰাকৈ বহি থকাটোও এক যন্ত্ৰণা ।”

বয়সে আশী গৰকিলে । কিন্তু এতিয়াও তেওঁৰ টোপনি নাহে । তথাপিও কিন্তু তেওঁ সম্পূৰ্ণ সুস্থ । এতিয়াও পিঠিত ৫০ কেজি ওজনৰ বস্তা লৈ প্ৰায় ৪ কিঃমি বাট খোজ কাঢ়িব পাৰে নকে । তেওঁক ক্লান্ত হোৱা দেখা নাই এতিয়াও । নকৰ নিদ্ৰহীনতা পৰিয়লৰ বাবেও চিন্তাৰ কাৰণ ।

বহুতে কয়, ১৯৬২ ৰ ভিয়েটনাম যুদ্ধৰ পাছত পোষ্ট ট্ৰমাটিক ষ্ট্ৰেছ ডিচঅৰ্ডাৰৰ ফলত থাই নক এই নিদ্ৰাহীনতাৰ বলি হ’ল । অৱশ্যে এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য এতিয়াও পোৱা নাই । কিন্তু ৬৩ বছৰ টোপনি নোযোৱাকৈ এজন মানুহ কিদৰে সুস্থ হৈ থাকিব পাৰে তাক লৈ আচৰিত হৈছো চিকিৎসকো ।