ৰাছিয়াৰ সংবাদ মাধ্যমক নিষিদ্ধ কৰিলে মেটাই...! | Meta Bans Russian State Media Worldwide Assam news - Assam Tv9

‘বিদেশী হস্তক্ষেপ’ৰ অভিযোগ ! ৰাছিয়াৰ সংবাদ মাধ্যমক ছ’চিয়েল মিডিয়া এপৰ পৰা নিষিদ্ধ কৰিলে মেটাই

Published: 

17 Sep 2024 16:14 PM

মেটাই সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ৰাছিয়াৰ সংবাদ মাধ্যমক নিষিদ্ধ কৰিছে । মেটাই ঘোষণা কৰিছে যে,ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম আৰ টি নিউজ আৰু ক্ৰেমলিন নিয়ন্ত্ৰিত অন্যান্য নেটৱৰ্কসমূহক “বিদেশী হস্তক্ষেপৰ কাৰ্যকলাপৰ” বাবে বিশ্বজুৰি নিজৰ এপসমূহৰ পৰা নিষিদ্ধ কৰিছে।

‘বিদেশী হস্তক্ষেপ’ৰ অভিযোগ ! ৰাছিয়াৰ সংবাদ মাধ্যমক ছ’চিয়েল মিডিয়া এপৰ পৰা নিষিদ্ধ কৰিলে মেটাই

ছ'চিয়েল মিডিয়া কোম্পানী মেটা

Follow Us On

ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মূল কোম্পানী মেটাই সকলো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ৰাছিয়াৰ সংবাদ মাধ্যমক নিষিদ্ধ কৰিছে । মেটাই ঘোষণা কৰিছে যে,ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম আৰ টি নিউজ আৰু ক্ৰেমলিন নিয়ন্ত্ৰিত অন্যান্য নেটৱৰ্কসমূহক “বিদেশী হস্তক্ষেপৰ কাৰ্যকলাপৰ” বাবে বিশ্বজুৰি নিজৰ এপসমূহৰ পৰা নিষিদ্ধ কৰিছে। মেটাই অভিযোগ কৰে যে, ৰাছিয়াৰ সংবাদ মাধ্যমে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত চিনাক্তকৰণ প্ৰক্ৰিয়া এৰাই চলিছে আৰু প্ৰভাৱৰ বৃদ্ধি কৰিবলৈ প্ৰতাৰণামূলক কৌশল ব্যৱহাৰ কৰিছে।

মেটাই এক বিবৃতিত কয় যে, সঠিক বিবেচনাৰ অন্তত তেওঁলোকে ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ বিৰুদ্ধে চলি থকা নিষেধাজ্ঞা সম্প্ৰসাৰণ কৰিছে। ৰছিয়া চেগোডনিয়া, আৰ টি আৰু অন্যান্য আনুষংগিক নেটৱৰ্কসমূহক বিদেশী হস্তক্ষেপৰ কাৰ্যকলাপৰ বাবে বিশ্বজুৰি মেটা এপসমূহৰ পৰা নিষিদ্ধ কৰা হৈছে। ইউক্ৰেইন যুদ্ধৰ পিছত মেটাই দ্বিতীয়বাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

ইয়াৰ পূৰ্বে ২০২২ চনত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰাৰ পাছত ৰাছিয়াৰ দ্বাৰা ভুল তথ্য প্ৰচাৰ কৰা কাৰ্যক বন্ধ কৰিবলৈ মেটাই ৰাছিয়াৰ নেটৱৰ্কসমূহক ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সীমিত কৰি ৰাখিছিল। মেটাই ৰাছিয়া চৰকাৰৰ সৈতে জড়িত এজেণ্ডা চলাই থকা ছ’চিয়েল মিডিয়া একাউণ্টসমূহ নিৰ্মুদ্ৰাকৃত কৰিছিল। মেটাৰ নিষেধাজ্ঞাৰ পূৰ্বে আৰ টিৰ ফেচবুকত ৭০ লাখতকৈ অধিক ফ’ল’ৱাচৰ আছিল । আনহাতে ইয়াৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ১০ লাখতকৈ অধিক ফ’ল’ৱাচৰ আছে।

যোৱা সপ্তাহত আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে আৰ টিৰ বিৰুদ্ধে আমেৰিকাত নতুন নিষেধাজ্ঞা আৰোপ কৰি ৰাছিয়াৰ চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰিছিল। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ব্লিংকেনে কয় যে, আৰ টি ৰাছিয়া সমৰ্থিত সংবাদ মাধ্যমৰ নেটৱৰ্কৰ অংশ যিয়ে আমেৰিকাৰ গণতন্ত্ৰক গোপনে ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ উপৰিও তেওঁ আৰ টিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে যে, ৰাছিয়াই ইয়াৰ সহায়ত আমেৰিকাত চাইবাৰ আক্ৰমণ চলাই আছে।

ইফালে, ব্লিংকেনৰ এই অভিযোগ আৰ টি ইত লাইভ ষ্ট্ৰীম কৰা হৈছিল আৰু ইয়াক আমেৰিকাৰ নতুন ষড়যন্ত্ৰ বুলি অভিহিত কৰা হৈছিল।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version