প্ৰধানমন্ত্ৰী মোদীলৈ গায়ানা আৰু বাৰ্বাডোছৰ সৰ্বোচ্চ অসামৰিক সন্মান…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় সন্মান। গায়ানা চৰকাৰে মোদীক “অৰ্ডাৰ অৱ এক্সেলেন্স” বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় বঁটাৰ সংখ্যা হ’ব ১৯টা ।
গায়ানা চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰিব দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান। শেহতীয়াকৈ গায়ানা চৰকাৰে মোদীক “অৰ্ডাৰ অৱ এক্সেলেন্স” বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় বঁটাৰ সংখ্যা হ’ব ১৯টা । গায়ানাৰ সমান্তৰালকৈ বাৰ্বাডোছেও প্ৰধানমন্ত্ৰী মোদীক প্ৰদান কৰিব দেশখনৰ সৰ্বোচ্চ অসামৰিক বঁটা। ইয়াৰ লগতে ডমিনিকাইও কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক নিজৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল।
বৰ্তমানলৈ মোদীয়ে লাভ কৰা আন্তঃৰাষ্ট্ৰীয় সন্মান-
- ছৌদি আৰবঃ ২০১৬ চনৰ এপ্ৰিল মাহত ৰজা ছলমান বিন আব্দুলজিজে ছৌদি আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান কিং আব্দুলজিজ শেইখৰ দ্বাৰা সন্মানিত কৰা হৈছিল।
- আফগানিস্তানঃ ২০১৬ চনত আফগানিস্তানৰ সৰ্বোচ্চ অসামৰিক বঁটা ষ্টেট অৰ্ডাৰ অৱ গাজী অমীৰ আমানুল্লাহ খানৰ দ্বাৰা সন্মানিত কৰা হৈছিল।
- পেলেষ্টাইন: ২০১৮ চনত পেলেষ্টাইন চৰকাৰে গ্ৰেণ্ড কলাৰৰ সন্মান প্ৰদান কৰিছিল।
- সংযুক্ত আৰব অমীৰতঃ ২০১৯ চনত ইউ এ ইৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ জায়েদ বঁটা প্ৰদান কৰা হৈছিল।
- ৰাছিয়াঃ ২০১৯ চনত মস্কো ভ্ৰমণৰ সময়ত তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰু দ্য এপষ্টল বঁটা প্ৰদান কৰা হৈছিল।
- মালদ্বীপঃ ২০১৯ মালদ্বীপৰ বিদেশী গণ্যমান্য ব্যক্তিৰ বাবে সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ দ্যা ডিষ্টিংবিছড ৰুল অৱ নিশান ইজ্জুদ্দিন প্ৰদান কৰা হৈছিল।
- বাহৰেইনঃ ২০১৯ চনত বাহৰেইনৰ দ্বাৰা কিং হমাদ অৰ্ডাৰ অৱ দ্যা ৰনেন্সা প্ৰদান কৰা হৈছিল।
- আমেৰিকাঃ ২০২০ চনত ব্যতিক্ৰমীভাৱে মেধাৱী সেৱাৰ বাবে আমেৰিকা চৰকাৰে সন্মানীয় লিজিয়ন অৱ মেৰিটৰ সন্মান প্ৰদান।
- ভূটানঃ ২০২১ চনৰ ডিচেম্বৰ মাহত ভূটান ভ্ৰমণৰ সময়ত সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্যা ড্ৰুক গ্যালপোৰ সন্মানিত।
- পাপুয়া নিউ গিনি: ২০২৩ চনত পাপুয়া নিউ গিনি ভ্ৰমণৰ সময়ত পালাউ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি চুৰেঞ্জেল এছ. হুইপছ জুনিয়ৰৰ পৰা এবাকেল বঁটা।
- ইজিপ্তঃ ২০২৩ চনৰ জুন মাহত ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ আল চিছিয়ে ইজিপ্তৰ সৰ্বোচ্চ ৰাজ্যিক সন্মান ‘অৰ্ডাৰ অৱ দ্য নাইল’ প্ৰদান কৰে
- ফ্ৰান্স: ২০২৩ চনৰ ১৩ জুলাইত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে ফ্ৰান্সৰ সৰ্বোচ্চ সন্মান লিজিয়ন অৱ অনাৰৰ গ্ৰেণ্ড ক্ৰছ প্ৰদান কৰে।
- গ্ৰীচঃ ২০২৩ চনৰ ২৫ আগষ্টত গ্ৰীচৰ ৰাষ্ট্ৰপতি কেটেৰিনা ছাকেলাৰ’পুল’ৱে গ্ৰেণ্ড ক্ৰছ অৱ অৰ্ডাৰ অৱ অনাৰ বঁটা প্ৰদান কৰে।
- ডমিনিকাঃ ২০২৪ চনৰ নৱেম্বৰ মাহত আফ্ৰিকা ভ্ৰমণৰ পূৰ্বে ডমিনিকাই দেশখনৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ডমিনিকা এৱাৰ্ড অৱ অনাৰ ঘোষণা কৰে।
- নাইজেৰিয়া: ২০২৪ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতি বোলা আহমেদ টিনুবুৱে গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজাৰ বঁটা প্ৰদান কৰে
- ফিজিঃ বিশ্বব্যাপী নেতৃত্বৰ বাবে পিএম মোদীয়ে ফিজিৰ সৰ্বোচ্চ সন্মান ‘কম্পেনিয়ন অৱ দ্য অৰ্ডাৰ অৱ ফিজি’ লাভ কৰিছিল।