প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ গায়ানা আৰু ডমিনিকা চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ গায়ানা আৰু ডমিনিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোদীক গায়ানা চৰকাৰে “অৰ্ডাৰ অৱ এক্সেলেন্স” বঁটা প্ৰদান কৰাৰ লগতে ডমিনিকা চৰকাৰে 'ডমিনিকা এৱাৰ্ড অৱ অনাৰ' প্ৰদান কৰে।
গায়ানাৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘দ্য অৰ্ডাৰ অৱ এক্সেলেন্স’ৰে সন্মানিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোদীক এই সন্মান প্ৰদান কৰে দেশখনৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ ইৰফান আলীয়ে। মোদীক সন্মান জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, মোদীয়ে বিশ্ব স্তৰৰ বিভিন্ন পৰ্যায়ত অসাধাৰণ সেৱা আগবঢ়াই আহিছে। মোদীৰ বাবে ভাৰত আৰু গায়ানাৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈছে।
ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীয়ে কয় যে প্ৰযুক্তি, নতুন আৱিষ্কাৰ আৰু ডিজিটেলাইজেচন ব্যৱহাৰ কৰি দুয়োখন দেশৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব লাগিব। প্ৰগতিৰ এই পদক্ষেপে দুয়োখন দেশৰ মাজত থকা ব্যৱধান আৰু দৰিদ্ৰতা হ্ৰাস কৰাত সহায় কৰিব। তেওঁ কয়, ভাৰতে সদায় নতুন প্ৰযুক্তি আৰু আৱিষ্কাৰক সমৰ্থন কৰে। মোদীয়ে কেৰিকমত গায়ানাক সোঁৱৰাই দিছিল যে তেওঁৱো এই কেৰিকম পৰিয়ালৰ সদস্য।
এই সন্দৰ্ভত বৃহস্পতিবাৰে এক টুইট কৰি মোদীয়ে লিখে যে– ‘দ্য অৰ্ডাৰ অৱ এক্সেলেন্স’ প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি ড০ ইৰফান আলী, চৰকাৰ আৰু গায়ানাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো।এই সন্মান ভাৰতৰ জনসাধাৰণৰ। আগন্তুক সময়ত ভাৰত-গায়ানাৰ বন্ধুত্ব আৰু অধিক শক্তিশালী হওক।
I am grateful to President Dr. Irfaan Ali, the Government and the people of Guyana for conferring ‘The Order of Excellence.’ This honour belongs to the people of India.
May the India-Guyana friendship grow even stronger in the times to come.@DrMohamedIrfaa1@presidentaligy pic.twitter.com/Tm9OfFxwyo
— Narendra Modi (@narendramodi) November 21, 2024
সন্মান লাভ কৰাৰ পাছত মোদীয়ে কয় যে,গায়ানাৰ ৰাষ্ট্ৰপতি ড০ ইৰফান আলীৰ সৈতে হোৱা বাৰ্তালাপত ভাৰতৰ জনসাধাৰণৰ প্ৰতি থকা মৰম আৰু মৰম অনুভৱ কৰিছিলো। গায়ানা চৰকাৰে দিয়া এই সন্মান ১৪০ কোটি ভাৰতীয়ৰ। প্ৰতিটো ক্ষেত্ৰতে আমি গায়ানাৰ সৈতে কাম কৰি যাম। আগন্তুক সময়ত দুই দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি মোদীয়ে কয়।
ডমিনিকাৰ সৰ্বোচ্চ সন্মান
গায়ানাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ডমিনিকাই সৰ্বোচ্চ অসামৰিক সন্মান ডমিনিকা এৱাৰ্ড অৱ অনাৰ প্ৰদান কৰে। ক’ভিড ১৯ ৰ সময়চোৱাত কেৰিবিয়ান ৰাষ্ট্ৰলৈ আগবঢ়োৱা অৱদান আৰু ভাৰত- ডমিনিকাৰ মাজৰ দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত মোদীৰ পদক্ষেপৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে। তিনি দিনীয়া ভ্ৰমণসূচীৰে গায়ানাত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুধবাৰে (২০ নৱেম্বৰ) ভাৰত- কেৰিকম সন্মিলনৰ সময়ত ডমিনিকাৰ ৰাষ্ট্ৰপতি চিলভানি বাৰ্টনে এই বঁটা প্ৰদান কৰে।
Honoured to be conferred with highest national award by Dominica. I dedicate it to the 140 crore people of India. https://t.co/ixOaIzD8gF
— Narendra Modi (@narendramodi) November 20, 2024
এই সন্দৰ্ভত মোদীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে- মোক ‘ডমিনিকা এৱাৰ্ড অৱ অনাৰ’ প্ৰদান কৰাৰ বাবে ডমিনিকাৰ ৰাষ্ট্ৰপতি চিলভানি বাৰ্টনলৈ কৃতজ্ঞতা। এই সন্মান মোৰ ভাৰতৰ ভগ্নী আৰু ভাতৃ সকলৰ প্ৰতি উৎসৰ্গিত। ই আমাৰ জাতিসমূহৰ মাজত থকা অবিচ্ছেদ্য বন্ধনৰ ইংগিতও দিয়ে।
কেৰিকম সন্মিলন
৩ দিনীয়া ভ্ৰমণসূচীৰে গায়ানাত উপস্থিত হোৱা মোদীয়ে কেৰিকম সন্মিলনত অংশ গ্ৰহণ কৰিছে। এই সন্মিলনত তেওঁ ৭ টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াত ৫ ‘টি’ৰ অধীনত পৰম্পৰা, বাণিজ্য, প্ৰযুক্তি, পৰ্যটন আৰু প্ৰতিভা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। মোদীয়ে কয় যে, কেৰিকম দেশসমূহে ব্যক্তিগত খণ্ডত অনলাইন পৰ্টেল সৃষ্টি কৰিব লাগে যাতে ইয়াৰ দ্বাৰা সকলো উপকৃত হ’ব পাৰে আৰু মানুহৰ মাজত যোগাযোগ ব্যৱস্থা বৃদ্ধি হ’ব পাৰে।