Boat Tragedy: ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু অৰ্ধশতাধিক লোকৰ; নাওখনত আছিল কমেও ৮০ গৰাকী যাত্ৰী

প্ৰায় ৮০ গৰাকী যাত্ৰীসহ নাওখনে যাত্ৰা কৰিছিল গন্তব্য স্থানলৈ । কিন্তু লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই ডুব যায় নাওখন । কমেও ৫০ গৰাকী যাত্ৰীৰ মৃত্যু ।

Boat Tragedy: ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু অৰ্ধশতাধিক লোকৰ; নাওখনত আছিল কমেও ৮০ গৰাকী যাত্ৰী

নাও দুৰ্ঘটনা (ফাইল ফটো)

Published: 

17 Jan 2025 11:50 AM

এটা ভয়ংকৰ নাও দুৰ্ঘটনা । এই নাও দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে অতিকমেও ৫০ গৰাকী যাত্ৰীয়ে । 80 গৰাকী প্ৰব্ৰজনকাৰীক লৈ স্পেইন অভিমুখে ৰাওনা হোৱা এখন নাও মৰক্কোৰ সমীপত দুৰ্ঘটনাত পতিত হয় । ফলত কমেও ৫০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰে ৪০ গৰাকী হৈছে পাকিস্তানী । সংবাদ সংস্থা পিটিআইয়ে পাকিস্তান কৰ্তৃপক্ষৰ বিবৃতি উল্লেখ কৰি এই কথা প্ৰকাশ কৰিছে ।

প্ৰব্ৰজনকাৰী অধিকাৰ সংগঠন ৱাকিং বৰ্ডাৰছৰ মতে, এই ঘটনাত কমেও ৫০ জন প্ৰব্ৰজনকাৰীৰ মৃত্যু ঘটাৰ সম্ভাৱনা আছে । খবৰ অনুসৰি মৰক্কো কৰ্তৃপক্ষই ৬৬ জন পাকিস্তানীকে ধৰি ৮৬ জন প্ৰব্ৰজনকাৰীসহ যোৱা ২ জানুৱাৰীত মৰিটানিয়া এৰি যোৱা এখন নাৱৰ পৰা এদিন পূৰ্বে ৩৬ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

ৱাকিং বৰ্ডাৰছৰ চিইঅ’ হেলেনা মালেনোৱে এক্সত জনোৱা মতে, ডুব যোৱা বুলি অনুমান কৰা লোকসকলৰ ভিতৰত ৪৪ জন পাকিস্তানৰ । ‘‘কোনো উদ্ধাৰ কৰিবলৈ নহাত তেওঁলোকে ১৩ দিন ক্ৰছিঙত যন্ত্ৰণাৰ মাজেৰে কটালে ।’’ মহিলাগৰাকীয়ে কয় ।

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে এই ঘটনা সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি জনাইছে যে মৰক্কোত থকা তেওঁলোকৰ দূতাবাসে উদ্ধাৰ অভিযানত সহায় কৰিবলৈ স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ কৰি আছে ।

ইয়াৰ উপৰিও মৰক্কোত থকা পাকিস্তানী দূতাবাসৰ এটা দল ডাখলালৈ প্ৰেৰণ কৰা হৈছে, যাতে পাকিস্তানী নাগৰিকসকলক উদ্ধাৰ কৰে আৰু প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰে । বৈদেশিক মন্ত্ৰালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা ইউনিটকো সক্ৰিয় কৰা হৈছে ।

‘‘ৰাবাত (মৰক্কো)ত থকা আমাৰ দূতাবাসে আমাক জনাইছে যে মৰক্কোৰ ডাখলা বন্দৰৰ ওচৰত কেইবাজনো পাকিস্তানী নাগৰিককে ধৰি ৮০জন যাত্ৰী কঢ়িয়াই অনা এখন নাও ডুব গৈছে । পাকিস্তানীকে ধৰি কেইবাজনো জীৱিত লোকক ডাখলাৰ ওচৰৰ এটা শিবিৰত ৰখা হৈছে ।’’

ইতিমধ্যে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইশ্বাক দাৰে সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহক নিহতসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে ।

ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ প্ৰতিক্ৰিয়া

ইফালে মানৱ সৰবৰাহৰ কাৰ্যক গৰিহণা দি পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । মানৱ সৰবৰাহৰ এই জঘন্য কার্যত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ আশ্বাস দি কর্তৃপক্ষৰ পৰাও প্রধানমন্ত্রী শ্বেহবাজে ঘটনা সন্দর্ভত প্রতিবেদন বিচাৰিছে ৷

তেওঁ এক্সত লিখিছে, ‘‘মৰক্কোৰ উপকূলত কেইবাজনো পাকিস্তানীকে ধৰি ৮০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা এখন নাও ডুব যোৱাৰ দুখজনক খবৰে মোক আৰু সমগ্ৰ দেশক শোকবিহ্বল কৰি তুলিছে ।’’

‘‘মই আমাৰ বৈদেশিক মন্ত্ৰালয়ক মৰক্কোত থকা ইয়াৰ কৰ্মচাৰীসকলক জৰুৰীভাৱে তথ্য নিৰ্ণয় কৰিবলৈ আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰি নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিয়াবলৈ, জীৱিতসকলক উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিছো । এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ অৱশিষ্ট ঘূৰাই আনিবলৈ নিৰ্দেশ দিয়া হৈছে । আমি আৰু আগবাঢ়ি যাম । পাকিস্তানৰ মানৱ সৰবৰাহকাৰী আৰু এজেণ্টসকলক কঠোৰভাৱে দমন কৰা হ’ব যিয়ে নিৰীহ নাগৰিকক এই বিপজ্জনক ফান্দলৈ প্ৰলোভিত কৰে ।’’ তেওঁ লগতে কয় ।

ছেইফ আলী খানৰ মুম্বাইৰ ঘৰৰ দাম কিমান? য'ত কৰা হৈছিল আক্ৰমণ
বেগত হালধি টুকুৰা ৰাখিলে কি হয় জানেনে?
মহাকুম্ভ মেলাৰ আঁৰৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ে জানেনে?
ঠাণ্ডাত শৰীৰ গৰম কৰি ৰাখিবলৈ নাগা সন্ন্যাসীসকলে কি খায়?