প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি মহান: মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই বৈঠক কেৱল বাণিজ্য আৰু প্ৰতিৰক্ষা বিষয়ত আলোচনাৰ বাবেই নহয়, দুয়োখন দেশৰ মাজত সুদৃঢ় সম্পৰ্ক আৰু ব্যক্তিগত বন্ধুত্বৰো প্ৰতীক আছিল। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত যৌথ সংবাদমেলযোগে প্ৰশংসা কৰে ট্ৰাম্পে। সংবাদমেলত ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি মহান বন্ধু আৰু এজন মহান ব্যক্তি হিচাপে আখ্যা দিয়ে।

দুদিনীয়া ভ্ৰমণসূচী লৈ আমেৰিকাত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। হোৱাইট হাউছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে। এই বৈঠকত কেৱল বাণিজ্য, সন্ত্ৰাসবাদ, প্ৰতিৰক্ষা আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰাই নহয়, দুয়োখন দেশৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ এক সুযোগ আছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই বৈঠক কেৱল বাণিজ্য আৰু প্ৰতিৰক্ষা বিষয়ত আলোচনাৰ বাবেই নহয়, দুয়োখন দেশৰ মাজত সুদৃঢ় সম্পৰ্ক আৰু ব্যক্তিগত বন্ধুত্বৰো প্ৰতীক আছিল। এই বৈঠকৰ জৰিয়তে মোদী আৰু ট্ৰাম্পে ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক আৰু কূটনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ পিছত যৌথ সংবাদমেলযোগে প্ৰশংসা কৰে ট্ৰাম্পে। সংবাদমেলত ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰি মহান বন্ধু আৰু এজন মহান ব্যক্তি হিচাপে আখ্যা দিয়ে।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বৈঠকৰ এক গুৰুত্বপূৰ্ণ বিষয় আছিল বাণিজ্য। বাণিজ্য মাচুল আৰু শুল্ক বিষয়ক লৈ দুয়োখন দেশৰ মাজত আলোচনা হয়। ট্ৰাম্পে ধেমালিতে কয় যে ,প্ৰধানমন্ত্ৰী মোদী মোতকৈ উত্তম আৰু কথা ক’ব জানে। ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক বৃদ্ধিৰ সিদ্ধান্তৰ পক্ষ লোৱাৰ বিপৰীতে দুয়োখন দেশৰ বাণিজ্যিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ কথাও চৰ্চা হৈছিল।
- হোয়াইট হাউছত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনাই ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, আমি আপোনাক বহুত মিছ কৰিছোঁ। দুয়োগৰাকী নেতাৰ বন্ধুত্ব সন্দৰ্ভত এই বক্তব্যই স্পষ্টভাৱে ইংগিত দিয়ে যে মোদী আৰু ট্ৰাম্পৰ মাজত গভীৰ বুজাবুজি আৰু সন্মান আছে। প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ ‘প্ৰিয় বন্ধু’ ট্ৰাম্পক পুনৰ দেখা পাই আনন্দ প্ৰকাশ কৰে।
- ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ এজন “মহান বন্ধু” বুলি অভিহিত কৰে। পুৰণি সম্পৰ্কৰ কথা সোঁৱৰাই তেওঁ কয় যে মোদী এগৰাকী ভাল আৰু কঠোৰ আলোচনাপন্থী। এই বক্তব্যই দুয়োগৰাকী নেতাৰ মাজত থকা পাৰস্পৰিক সন্মান আৰু গভীৰ সম্পৰ্কৰ প্ৰতিফলন ঘটায়।
- ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক তেওঁলোকৰ “আৱাৰ জাৰ্ণি টুগেদাৰ”ৰ এখন ফটো বুক উপহাৰ দিয়ে। এই উপহাৰৰ কভাৰ পেজত ট্ৰাম্পে নিজৰ স্বাক্ষৰেৰে লিখিছে, “প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি মহান।” এই উপহাৰ দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান সম্পৰ্কৰ প্ৰতীক আৰু ই তেওঁলোকৰ ব্যক্তিগত সম্পৰ্কৰ গভীৰতাক প্ৰতিফলিত কৰে।
- দ্বিপাক্ষিক আলোচনাৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক “উৎকৃষ্ট ব্যক্তি” বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা কিছুমান গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি লৈ তেওঁ আশাবাদী। ট্ৰাম্পে লগতে কয় যে মোদীৰ নেতৃত্বৰ ক্ষমতা অদ্বিতীয় আৰু তেওঁ ভাৰত আৰু আমেৰিকাৰ বাবে ডাঙৰ চুক্তি তৈয়াৰ কৰিব।
- এই বৈঠকৰ সময়ত ট্ৰাম্পে কয় যে তেওঁ ভাৰত আৰু আমেৰিকাৰ মাজত কিছু অদ্ভুদ ধৰণৰ বাণিজ্যিক চুক্তিৰ আশা কৰিছে। লগতে তেওঁ কয় যে প্ৰতিৰক্ষা, শক্তি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে বিতং আলোচনা হ’ব।
- প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ পিছত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে, ‘মই ভাবো আমাৰ সম্পৰ্ক এতিয়ালৈকে সৰ্বোত্তম। এই বক্তব্যই দুয়োখন দেশৰ মাজত ক্ৰমবৰ্ধমান ঘনিষ্ঠতা আৰু পাৰস্পৰিক সহযোগিতাৰ প্ৰতি গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।