সহজ নহ’ব জীৱন! মহাকাশৰ পৰা উভতি অহাৰ পাছত কৰ্কট ৰোগত আক্ৰান্ত হ’ব নেকি সুনীতা?

৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ যোৱা সুনীতা উইলিয়ামছ আৰু বুছ উইলম'ৰ ৯ মাহৰ বাবে মহাকাশত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল। এতিয়া পৃথিৱীলৈ উভতিবৰ বাবে সাজু হৈছে দুয়ো। কিন্তু পৃথিৱীত উপস্থিত হোৱাৰ পাছত সহজ নহ'ব সকলো।

সহজ নহব জীৱন! মহাকাশৰ পৰা উভতি অহাৰ পাছত কৰ্কট ৰোগত আক্ৰান্ত হব নেকি সুনীতা?

সুনীতা ইউলিয়ামছ

Updated On: 

18 Mar 2025 11:57 AM

নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুচ উইলম’ৰ ৮ দিনৰ অভিযানৰ বাবে মহাকাশলৈ গৈছিল। কিন্তু কাৰিকৰী বিজুতিৰ বাবে যোৱা ৯ মাহ ধৰি দুয়ো মহাকাশতে আৱদ্ধ হৈ আছে। দীৰ্ঘদিনীয়া প্ৰচেষ্টা, অপেক্ষাৰ অন্তত ১৯ মাৰ্চত স্পেচএক্সৰ ড্ৰেগন (spacex falcon 9)হাকাশযানৰ জৰিয়তে পৃথিৱীলৈ উভতিব দুয়ো। এনে পৰিস্থিতিত প্ৰশ্ন হয়, দীৰ্ঘদিন ধৰি মহাকাশত থকাৰ পাছত পৃথিৱীত সহজভাৱে জীয়াই থাকিব পাৰিবনে?

উল্লেখ্য যে, মহাকাশ ভ্ৰমণ অতি কঠিন। পৃথিৱীত থকা মহাকৰ্ষণ শক্তি মহাকাশত শূন্য হৈ পৰে। ফলত ভৰি দুখনে মাটি স্পৰ্শ নকৰে। গতিকে সকলো কাম উৰি কৰিবলগীয়া হয় আৰু সেই সময়ত শৰীৰৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাথাকে। মাইক্ৰ’গ্ৰেভিটি, বিকিৰণ আদিয়ে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলায়। আৰু সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে মহাকাশত প্ৰায় ৩০০ দিন কটালে। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত আৰু অধিক ভয়ানক প্ৰভাৱ পৰিব।

কি কি হ’ব পাৰে

খোজকঢ়াত অসুবিধা: মাইক্ৰ’গ্ৰেভিটিত শৰীৰৰ মাংস আৰু হাড় ক্ষয় হ’ব পাৰে। বিশেষকৈ মেৰুদণ্ড, ভৰি আদিত ইয়াৰ প্ৰভাৱ পৰে। মেৰুদণ্ড, নিতম্ব আৰু ভৰিৰ হাড়ত খনিজ পদাৰ্থ নোহোৱা হৈ যায়। যাৰ ফলত মহাকাশচাৰী পৃথিৱীলৈ অহাৰ পাছত খোজকঢ়াত অসুবিধাৰ সন্মুখীন হয়।শৰীৰৰ ওপৰত ভাৰাসাম্য নোহোৱা হৈ যায়। হাড়বোৰ কোমল আৰু ভাঙি যোৱাৰ সম্ভাৱনা আছে।

মানসিক স্বাস্থ্যত প্ৰভাৱঃ দীৰ্ঘদিন সকলোৰে পৰা বিচ্ছিন্ন হৈ থকাৰ ফলত মহাকাশচাৰীসকলৰ মানসিক চাপ, উদ্বেগ, আনকি হতাশা হ’ব পাৰে। এই কাৰণেই মহাকাশচাৰীসকলে নিজৰ পৰিয়াল আৰু মনোবিজ্ঞানীৰ সৈতে নিয়মিতভাৱে কথা পাতিবলৈ পৰামৰ্শ দিয়া হৈছে। চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈও পৰামৰ্শ দিয়া হয়। মহাকাশলৈ পঠোৱাৰ আগতে ষ্ট্ৰেছ মেনেজমেণ্টৰ প্ৰশিক্ষণো দিয়া হয়।

ৰক্তক্ষৰণঃ মহাকাশত যিহেতু কোনো মধ্যাকৰ্ষণ শক্তি নাই সেয়ে দীৰ্ঘ সময় মহাকাশত থাকিলে মহাকাশচাৰীৰ শৰীৰত তেজৰ পৰিমাণ কমি যাব পাৰে। এনেবোৰ কাৰণত শৰীৰত তেজৰ সোঁতত পৰিৱৰ্তন হ’ব পাৰে। তেজৰ গোট গঠন হ’ব পাৰে। চকুৰ দৃষ্টিশক্তিতো প্ৰভাৱ পৰিব পাৰে।

মহাজাগতিক বিকিৰণঃ  মহাকাশচাৰীৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰে মহাজাগতিক বিকিৰণ। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। যিকোনো সংক্ৰমণত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি। যদি কোনো ঠাইত কাটে তেন্তে ঘাঁ ভাল হ’বলৈ বহু সময় লাগে। ইয়াৰ উপৰিও হৃদযন্ত্ৰৰ ৰোগ আনকি কেন্সাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

 

অন্য খবৰ পঢ়কঃ ৯ মাহ মহাকাশত থকাৰ পাছত কিমান দৰমহা লাভ কৰিব সুনীতা উইলিয়ামছে? শুনি হ’ব আচৰিত…

৬৫০ গৰাকী যুৱতীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা এইজন খেলুৱৈৰ সৈতে যুৱৰাজৰ কাজিয়া...
অৱসৰক লৈ বিৰাট কোহলীয়ে ক’লে এইদৰে, অনুৰাগীৰ মাজত চলিছে ব্যাপক চৰ্চা
ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...