চৌদিশে বিয়পিছে মৃতদেহৰ দুৰ্গন্ধ, ভূমিকম্পৰ ফলত ম্যানমাৰত এতিয়ালৈ ১৭০০ জনৰ মৃত্যুৰ খবৰ

ম্যানমাৰৰ মাণ্ডেলেত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে। য'ত দেওবাৰ পৰ্যন্ত ১৭০০ৰো অধিক লোকৰ মৃত্যু হৈছে। এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে হাজাৰ হাজাৰ লোক। ৰাজপথত বিয়পি পৰিছে মৃতদেহৰ দুৰ্গন্ধ। ইফালে লাহে লাহে চলি আছে সাহায্যৰ কাম।  গৃহযুদ্ধ আৰু ভঙা পথৰ বাবে সৃষ্টি হৈছে বাধাৰ। ভাৰতকে ধৰি বহু দেশে সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছ। কিন্তু  এতিয়াও আছে বহু প্ৰত্যাহ্বান। আমেৰিকাৰ ভূতাত্ত্বিক সেৱাই অনুমান কৰিছে যে, মৃত্যুৰ সংখ্যা ১০ হাজাৰৰো অধিক হ'ব পাৰে।

চৌদিশে বিয়পিছে মৃতদেহৰ দুৰ্গন্ধ, ভূমিকম্পৰ ফলত ম্যানমাৰত এতিয়ালৈ ১৭০০ জনৰ মৃত্যুৰ খবৰ

ম্যানমাৰত ভূমিকম্প

Published: 

31 Mar 2025 08:33 AM

ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেত হোৱা ভূমিকম্পৰ ফলত আৱদ্ধ হৈ থকা মৃতদেহৰ গোন্ধ ৰাজপথত বিয়পিবলৈ আৰম্ভ কৰিছে। আত্মীয়ক বিচাৰিবলৈ ধ্বংসাৱশেষ পৰিষ্কাৰ কৰাৰ বাবে হাহাকাৰ কৰিছে মানুহে। উল্লেখ্য যে, শুকুৰবাৰে বিয়লি ৭.৭ প্ৰাবল্যৰ ভূমিকম্পই বিপুল ধ্বংসলীলাৰ সৃষ্টি কৰিছিল। য’ত এতিয়ালৈকে ১৭০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এতিয়াও অগণন লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে।

এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মাণ্ডেলেৰ ওচৰত। যাৰ ফলত চহৰখনৰ বহু অট্টালিকা ভাঙি আন্তঃগাঁথনিৰ গুৰুতৰ ক্ষতিসাধন হয়। পথ ভঙা, দলং খহি পৰা আৰু যোগাযোগৰ ব্যাঘাতৰ বাবে সাহায্যৰ কাম ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰিও দেশত চলি থকা গৃহযুদ্ধই উদ্ধাৰ অভিযানত অধিক অসুবিধাৰ সৃষ্টি কৰিছে।  কোনো ধৰণৰ গধুৰ সা-সৰঞ্জামৰ সহায় নোলোৱাকৈ হাত আৰু কোৰাৰে ধ্বংসাৱশেষ আঁতৰাবলৈ বাধ্য হৈছে স্থানীয় ৰাইজে। তীব্ৰ গৰমৰ মাজত লাহে লাহে চলি আছে সাহায্য আৰু উদ্ধাৰৰ কাম।

দেওবাৰে পুনৰ ভূমিকম্পৰ জোকাৰণি

ইফালে দেওবাৰে বিয়লি সংঘটিত হোৱা ৫.১ প্ৰাবল্যৰ ভূমিকম্পই ৰাইজৰ মাজত আতংক বিয়পাইছিল যদিও কিছু সময়ৰ পাছত পুনৰ সাহায্যৰ কাম আৰম্ভ কৰা হয়। মাণ্ডেলেৰ ১৫ লাখ বাসিন্দাৰ বহুতেই নিশাটো ৰাজপথত কটাবলগীয়া হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে। এই ভূমিকম্পৰ ফলত চুবুৰীয়া দেশ থাইলেণ্ডতো ক্ষতিগ্ৰস্ত হয়, য’ত কমেও ১৭ জন লোকৰ মৃত্যু হয়।

অবিৰত কম্পনৰ বাবে যিকোনো সময়তে অস্থিৰ অট্টালিকাবোৰ ভাঙি যাব পাৰে বুলি আশংকা কৰিছে স্থানীয় ৰাইজে। সাহায্য সংস্থাসমূহৰ তথ্য অনুসৰি ম্যানমাৰত এতিয়ালৈকে ১৬৪৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩৪০৮জন লোক আহত হৈছে। বহু অঞ্চল এতিয়াও উদ্ধাৰ অভি আৰম্ভ হোৱা নাই। যাৰ বাবে মানুহে হাতেৰে ধ্বংসাৱশেষ আঁতৰোৱাত ব্যস্ত হৈ পৰিছে।

ইয়াৰ মাজতে ম্যানমাৰত বিদেশী সাহায্য আৰম্ভ হৈছে। ভাৰতে দুখন চি-১৭ সামৰিক পৰিবহণ বিমানৰ জৰিয়তে আৰু ১২০ জন সামৰিক জোৱান প্ৰেৰণ কৰিছে সাহায্য সামগ্ৰী। এই দলটোৱে উত্তৰ মাণ্ডলেত ৬০খন বিছনাযুক্ত জৰুৰীকালীন চিকিৎসা কেন্দ্ৰ স্থাপন কৰিব।

আন্তঃৰাষ্ট্ৰীয় সাহায্যৰ এক প্ৰধান কেন্দ্ৰ হৈছে ম্যা,নমাৰৰ সৰ্ববৃহৎ চহৰ ইয়াংগন য’ত আন দেশৰ পৰাও সহায় আহি আছে। এই ভূমিকম্পই দেশখনত এক অবৰ্ণনীয়বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি থকা  ম্যানমাৰত এই প্ৰাকৃতিক দুৰ্যোগে জনসাধাৰণৰ বাবে আৰু অধিক অসুবিধাৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজক সহায়ৰ বাবে ভাৰতকে ধৰি বহু দেশে সাহায্য আগবঢ়াইছে যদিও ধ্বংসাৱশেষৰ তলত আৱদ্ধ লোকসকলক উলিয়াই অনাৰ ক্ষেত্ৰত এতিয়াও বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে।আমেৰিকাৰ ভূতাত্ত্বিক সেৱাৰ পূৰ্বাভাসৰ আৰ্হিত অনুমান কৰা হৈছে যে ম্যানমাৰত মৃত্যুৰ সংখ্যা ১০ হাজাৰতকৈ অধিক হ’ব পাৰে। লগতে ক্ষতিৰ ফলত দেশখনৰ বাৰ্ষিক অৰ্থনৈতিক উৎপাদনত প্ৰভাৱ পৰিব পাৰে।

শ্ৰেয়ছ আয়াৰে ১ ঘন্টাত কিমান আয় কৰে? শুনিলে আচৰিত হ'ব আপুনি....
ৱাকফ সংশোধনী বিধেয়ক কি? ৫টা পইণ্টত সবিশেষ জানক
Ghibli আৰ্টৰ মাষ্টাৰমাইণ্ড কোন জানেনে?
কাৰ নামত কিমান সম্পত্তি লিখি থৈ গ'ল টাটাই? তালিকাত নাম ঘৰুৱা সহায়কৰ পৰা পোহনীয়া কুকুৰলৈ...