যুদ্ধৰ মাজতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ মোদীৰ ফোন, ক'লে-পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই | narendra modi call to Benjamin Netanyahu says Terrorism has no place in our world. Assam news - Assam Tv9

যুদ্ধৰ মাজতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ মোদীৰ ফোন, ক’লে-পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই

ISRAEL: গাজাৰ পাছতেই লেবাননত এতিয়া মৃত্যুৰ কিৰিল, চাৰিওফালে ধোৱা, বিধ্বস্ত অট্টালিকা, ৰাজপথ আদি। সন্মুখত এটি নিৰ্মম বাস্তৱ হৈ জীৱাই থকাৰ অহৰহ চেষ্টা কৰিছে লেবাননৰ জনতাই।

যুদ্ধৰ মাজতেই ইজৰাইলৰ প্ৰধানমন্ত্ৰীলৈ মোদীৰ ফোন, কলে-পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই

মোদী- ইজৰাইলৰ প্ৰধানমন্ত্ৰী

Published: 

01 Oct 2024 07:59 AM

বৰ্তমান অধিক ভয়াৱহ হৈ আছে মধ্যপ্ৰাচ্য এছিয়াৰ পৰিস্থিতি। ইয়াৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মোদীয়ে কয় যে, আমাৰ পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। চলি থকা যুদ্ধৰ মাজতে মোদীৰ এই বাৰ্তালাপে যথেষ্ঠ গুৰুত্ব বহন কৰিছে। যোৱা এবছৰ ধৰি ইজৰাইলে হামাছৰ বিৰুদ্ধে যুদ্ধ কৰিছে। হামাছৰ ঘাটী উৎখাত কৰাৰ লগতে ইজৰাইলে হিজাবুল্লাহৰ ঘাটীও বিধ্বস্ত কৰি পেলাইছে। যোৱা কেইটামান দিনত ইজৰাইলে হিজাবুল্লাৰ শীৰ্ষ বহু নেতাৰ লগতে সংগঠনটোৰ মুৰব্বীকো হত্যা কৰিছে।

বাৰ্তালাপ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত পোষ্ট কৰি মোদীয়ে লিখিছে- “পশ্চিম এছিয়াৰ শেহতীয়া উন্নয়নৰ বিষয়েঃ আমাৰ পৃথিৱীত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। আঞ্চলিক তীব্ৰতা বৃদ্ধি ৰোধ কৰা আৰু সকলো পণবন্দীক নিৰাপদে মুক্তি নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। শান্তি আৰু স্থিতিশীলতাক সমৰ্থন কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ”।

ইয়াৰ পূৰ্বে সোমবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে ইৰাণৰ শাসন ব্যৱস্থাক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে ইৰাণৰ শাসন ব্যৱস্থাই তাত থকা জনসাধাৰণক দমন কৰি আছে। নেতানিয়াহুৱে কয় যে যি ধন ইৰাণে উন্নয়নৰ বাবে ব্যৱহাৰ কৰিব লাগে সেয়া তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ আৰু বিদেশী যুদ্ধত অপচয় কৰি আছে।

উল্লেখ্য যে, যোৱা এবছৰ ধৰি ইজৰাইল যথেষ্ঠ চৰ্চাত আছে। হামাছে আৰম্ভ কৰা যুদ্ধৰ প্ৰত্যুত্তৰ স্বৰূপে ইজৰাইলে কৰা আক্ৰমণ এতিয়াও অব্যাহত আছে। হামাছ, হিজাবুল্লাহৰ পাছত এইবাৰ ইজৰাইলে লক্ষ্য কৰি লৈছে য়েমেনৰ হুথি আৰু ইৰাণক।  উল্লেখ কৰা প্ৰয়োজন যে ২৮ ছেপ্টেম্বৰত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু উপস্থিত থকাৰ সময়ত হুথিয়ে বেলিষ্টিক মিছাইলেৰে বেন গুৰিয়ান বিমানবন্দৰত আক্ৰমণ চলাইছিল। ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপে ইজৰাইলে হুথিৰ কেইবাটাও ঘাটী বিধ্বস্ত কৰি তুলিছিল।

ইয়াৰোপৰি লেবাননৰ বিভিন্ন স্থানত ইজৰাইলৰ আক্ৰমণ এতিয়াও অব্যাহত আছে। জানিব পৰা মতে ইজৰাইলে  বিমান আক্ৰমণৰ পাছতে এতিয়া হিজাবুল্লাহৰ ওপৰত স্থল অভিযান আৰম্ভ কৰিছে। ইজৰাইলে দাবী কৰে যে হিজাবুল্লাহৰ প্ৰায় সকলো শীৰ্ষ বিষয়াক তেওঁলোকে হত্যা কৰিছে। বিদেশী সংবাদ মাধ্যমৰ তথ্য অনুসৰি ইজৰাইলৰ এই আক্ৰমণৰ মাজতে প্ৰায় ১০ লাখ লোক স্থানচ্যুত হৈছে। এই যুদ্ধত এতিয়ালৈকে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ ইজৰাইলে লেবাননৰ কেইবাটা এপাৰ্টমেন্টটো আক্ৰমণ চলাইছে। গাজাৰ পাছতেই লেবাননত এতিয়া মৃত্যুৰ কিৰিল, চাৰিওফালে ধোৱা, বিধ্বস্ত অট্টালিকা, ৰাজপথ আদি। সন্মুখত এটি নিৰ্মম বাস্তৱ হৈ জীৱাই থকাৰ অহৰহ চেষ্টা কৰিছে লেবাননৰ জনতাই।

Latest Stories
India China LAC Patrolling Agreement: ভাৰত-চীনৰ মাজত সম্পন্ন টহলদাৰী চুক্তি, উন্নত হোৱাৰ দিশে দুই দেশৰ সম্পৰ্ক…
Israel: ইজৰাইলৰ প্ৰধানমন্ত্ৰীক হত্যাৰ পৰিকল্পনা! গ্ৰেপ্তাৰ ইৰাণৰ চোৰাংচোৱা কৰা ৭ ইজৰাইলী নাগৰিক…
নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে বিৰতিঃ মেকড’নাল্ডছত ফ্ৰেঞ্চ ফ্ৰাই পৰিৱেশনত লাগিল ট্ৰাম্প
Gaza war: পুনৰ গাজাৰ ওপৰত ইজৰাইলৰ আক্ৰমণ, ৮৭ জনৰ মৃত্যু, ধ্বংসাৱশেষৰ তলত আৱদ্ধ বহুতো…
ইণ্ডোনেছিয়াত কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা! ভাৰতৰ হৈ ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ
ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়েঃ অংশ ল’ব ষোড়শতম ব্ৰিকছ সন্মিলনত
Parineeti Chopra Birthday: আজি অভিনেত্ৰী পৰিনীতি চোপ্ৰাৰ জন্মদিন
ঐশ্বৰ্য ৰয় নহয়, এইগৰাকী যুৱতী আছিল ছলমান খানৰ প্ৰথম প্ৰেমিকা
প্ৰয়োজন নহয় ডিজেল, বিদ্যুতৰ! পানীৰে ট্ৰেইন চলিব দেশত...
ছাল, চুলিৰ বাবে উপকাৰী চাউলৰ পানী! এনেদৰে কৰক ব্যৱহাৰ...