ব্ৰুনেইলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, মোদীয়ে পৰিদৰ্শন কৰিব মছজিদ | narendra modi visit visiting Brunei Darussalam and Singapore next two days Assam news - Assam Tv9

ব্ৰুনেইলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, মোদীয়ে পৰিদৰ্শন কৰিব মছজিদ

Published: 

03 Sep 2024 15:56 PM

ব্ৰুনেই দেশ ভ্ৰমণ কৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী। এই সময়চোৱাত ব্ৰুনেইৰ চুলতান হাজী হছনল বলকিয়াক সাক্ষাৎ কৰি মোদীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব।

ব্ৰুনেইলৈ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী, মোদীয়ে পৰিদৰ্শন কৰিব মছজিদ

প্ৰধানমন্ত্ৰী মোদী

Follow Us On

তিনি ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰুনেই দাৰুছলাম আৰু ছিংগাপুৰলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাওনা হৈছে। মোদীৰ এই ব্ৰুনেই ভ্ৰমণ অতিকে বিশেষ আৰু ঐতিহাসিক হ’বলৈ গৈ আছে। কিয়নো ব্ৰুনেই দেশ ভ্ৰমণ কৰা ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হ’ব নৰেন্দ্ৰ মোদী। এই সময়চোৱাত ব্ৰুনেইৰ চুলতান হাজী হছনল বলকিয়াক সাক্ষাৎ কৰি মোদীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। আন এক বিশেষ কাৰণত মোদীৰ এই ভ্ৰমণ বিশেষ । কিয়নো এই ভ্ৰমণৰ সময়তে ভাৰত- ব্ৰুনেইৰ সম্পৰ্কই ৪০ বছৰ সম্পূৰ্ণ কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত মোদীয়ে এক্সত পোষ্ট কৰি কৈছে যে দুয়ো দেশৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ চেষ্টা কৰা হ’ব।

ছ’চিয়েল মিডিয়া এক্স’ত মোদীয়ে লিখিছে- “অহা দুদিনত ব্ৰুনেই দাৰুছালাম আৰু ছিংগাপুৰ ভ্ৰমণ কৰিম। এই সময়ত দেশসমূহৰ লগত ভাৰতৰ সম্পৰ্ক আৰু অধিক গভীৰ কৰাৰ ওপৰত গুৰুত্ব দিয়া হ’ব৷ ভাৰত-ব্ৰুনেই দাৰুছলামৰ কূটনৈতিক সম্পৰ্কই ৪০টা গৌৰৱময় বছৰ সম্পূৰ্ণ কৰে। চুলতান হাজী হাছানাল বলকিয়াক লগ পাবলৈ আগ্ৰহী। ছিংগাপুৰত ৰাষ্ট্ৰপতি থাৰমান শ্বানমুগাৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱংগ, জ্যেষ্ঠ মন্ত্ৰী লি ছিয়েন লুং আৰু এমেৰিটাছ জ্যেষ্ঠ মন্ত্ৰী গহ চক টঙৰ সৈতে আলোচনাত মিলিত হ’ম”।

মোদীৰ এই ভ্ৰমণ কিয় বিশেষ

  • ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী যিয়ে ব্ৰুনেই ভ্ৰমণ কৰিব।
  • ব্ৰুনাইৰ ওমৰ আলী ছাইফুদ্দিন মছজিদ পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই মছজিদটো দেশৰ আটাইতকৈ পুৰণি আৰু ডাঙৰ মছজিদ।
  • ইয়াৰ পূৰ্বেও কেইবাটাও মছজিদত গৈছিল মোদী।
  • ব্ৰুনেইত প্ৰায় ১৪,০০০ ভাৰতীয় আছে, এই সকলক সাক্ষাৎ কৰাৰ সম্ভাৱণা আছে।
  • ব্ৰুনেইত সংখ্যক ভাৰতীয় চিকিৎসক আৰু শিক্ষক।
  • ব্ৰুনেইত ভাৰতৰ এটা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ আছে।
  • এই মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতীয় উপগ্ৰহ আৰু ইয়াৰ উৎক্ষেপণৰ ওপৰত নিৰীক্ষণ কৰা হয়।
  • দুয়ো দেশৰ মাজত ভাল সম্পৰ্ক আছে।
  • দুয়োখন দেশৰ নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে নিয়মীয়াকৈ যৌথ অনুশীলন চলায়।
  • বিভিন্ন দিশত অংশীদাৰত্ব আছে।

ব্ৰুনেইত প্ৰধানমন্ত্ৰী মোদীয়ে ওমৰ আলী ছাইফুদ্দিন মছজিদ পৰিদৰ্শন কৰিব।  অৱশ্যে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও তেওঁ অন্য ঠাইৰ মছজিদ পৰিদৰ্শ কৰা দেখা গৈছিল। ইউ এ ইৰ শ্বেখ জায়েদ মছজিদ, ওমানৰ চুলতান কাবুছ মছজিদ, ছিংগাপুৰৰ চুলিয়া মছজিদ, ইণ্ডোনেছিয়াৰ ইষ্টিকলাল মছজিদ, ইজিপ্তৰ আল হাকিম মছজিদ ভ্ৰমণ কৰিছিল।

ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ছিংগাপুৰলৈ ৰাওনা হব।  ৪ ছেপ্টেম্বৰত ছিংগাপুৰত উপস্থিত হৈ মোদীয়ে দেশখনৰ  প্ৰধানমন্ত্ৰী লৰেন্স ৱং, ৰাষ্ট্ৰপতি থাৰমান শ্বানমুগাৰত্নম, জ্যেষ্ঠ মন্ত্ৰী লি ছিয়েন লুঙক সাক্ষাৎ কৰিব। প্ৰায় ৬ বছৰ পূৰ্বে মোদীয়ে ছিংগাপুৰ ভ্ৰমণ কৰিছিল। এই দেশখনৰ ব্যৱসায়ী আৰু নেতাসকলকো মোদীয়ে সাক্ষাৎ কৰাৰ সম্ভাৱণা আছে।  মোদীৰ এই ভ্ৰমণ অতিকে গুৰুত্বপূৰ্ণ বুলি গন্য কৰা হৈছে।  কিয়নো এই ভ্ৰমণে দেশ দুখনৰ লগত ভাৰতৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সম্ভাৱণা আছে।

পাকঘৰৰ হালধিয়ে স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহ দিব পাৰে!
এই জন্তুবোৰে কৰে আত্মহত্যা, তালিকাত কাৰ নাম?
ওজন হ্ৰাসৰ বাবে উপকাৰী সেউজীয়া পাচলিৰ ৰস
ঘৰৰ মূল দুৱাৰত ওলোমাই দিয়ক এই বিধ বস্তু, ধনেৰে উপচি পৰিব...
Exit mobile version