নীল আমষ্ট্ৰঙে চন্দ্ৰত উৰুৱাই অহা পতাকাখনৰ এতিয়াৰ অৱস্থাৰ কথা জানিলে আচৰিত হ’ব আপুনি…
এপ’ল’ ১১ৰ পৰা এপ’ল’ ১৭ অভিযানলৈ চন্দ্ৰত মুঠ ৬খন আমেৰিকাৰ পতাকা উৰুওৱা হৈছে।গৱেষণাত তেওঁ এয়া গম পাই যে চন্দ্ৰ পৃষ্ঠত উত্তোলণ কৰা প্ৰতিখন পতাকাৰ আকাৰ বেলেগ বেলেগ।
১৯৬৯ চনত নীল আৰ্মষ্ট্ৰঙে ইতিহাস সৃষ্টি কৰি চন্দ্ৰপৃষ্ঠত প্ৰথম খোজ দিছিল। নাছাৰ এপ’ল’ ১১ মিছনে আৰ্মষ্ট্ৰঙৰ লগতে এডউইন (বাজ) এলড্ৰিনকো চন্দ্ৰলৈ লৈ গৈছিল। এয়াই আছিল প্ৰথমটো মানৱ সম্পন্ন অভিযান যি সফলতাৰে পূৰ্ণ হৈছিল আৰু মানুহে প্ৰথমবাৰৰ বাবে চন্দ্ৰ পৃষ্ঠত খোজ দিছিল। চন্দ্ৰত খোজ দিয়াৰ পাছত এই মহাকাশ বিজ্ঞানী কেইজন পৃথিৱীলৈ ঘূৰিও আহিছিল যি অন্য এক ডাঙৰ সফলতা। আৰ্মষ্ট্ৰং আৰু এলড্ৰিনে একেলগে চন্দ্ৰৰ পৃষ্ঠত আমেৰিকাৰ পতাকা উত্তোলণ কৰিছিল। এই সময়চোৱাক মানৱ ইতিহাসৰ এক অন্যতম কৃতিত্ব বুলি গন্য কৰা হয়।
এই পতাকাখনৰ দাম আছিল মাত্ৰ ৫ ডলাৰ। কিন্তু এতিয়া কেনে অৱস্থাত আছে পতাকাখন। এন্নে প্লেটফৰ গৱেষণা পত্ৰ ‘Where No Flag Has Gone Before: Placing a Flag on the Moon’ আৰু নাছাৰ বিভিন্ন অভিযানে এই প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছে।
ডেনিছ লাক্ৰুবাৰ নিউ জাৰ্চিৰ কোম্পানী এনিনে এই পতাকাখন প্ৰস্তুত কৰিছিল, আৰু সেই সময়ত নাছাক চাৰে ৫ ডলাৰত বিক্ৰী কৰিছিল। এয়া আছিল এখন নাইলনৰ পতাকা। ইয়াৰোপৰি চন্দ্ৰপৃষ্ঠৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ইয়াক প্ৰস্তুত কৰা হোৱা নাছিল। চন্দ্ৰত কোনো বায়ুমণ্ডল নথকাৰ বাবে সূৰ্য্যৰ ৰশ্মি পোনে পোনে পৰে। এনে পৰিস্থিতিত পতাকাখন সম্পূৰ্ণ নষ্ট হৈ গৈছে।
চন্দ্ৰ অভিযানৰ ওপৰত গৱেষণা এন্নে প্লেটফৰ গৱেষণা পত্ৰ ‘ৱেৰ ন’ ফ্লেগ হাজ গ’ন বিফোৰ: প্লেচিং এ ফ্লেগ অন দ্য মুন’ত কৰা হৈছে। তেওঁৰ গৱেষণাত চন্দ্ৰত উত্তোলণ কৰি অহা পতাকাসমূহৰ বিষয়ে আলোচনা কৰিছে। এপ’ল’ ১১ৰ পৰা এপ’ল’ ১৭ অভিযানলৈ চন্দ্ৰত মুঠ ৬খন আমেৰিকাৰ পতাকা উৰুওৱা হৈছে।গৱেষণাত তেওঁ এয়া গম পাই যে চন্দ্ৰ পৃষ্ঠত উত্তোলণ কৰা প্ৰতিখন পতাকাৰ আকাৰ বেলেগ বেলেগ। আজিৰ দিনত সেই পতাকাসমূহৰ অৱস্থা কি হৈছে সম্পূৰ্ণ সঠিক কৈ ক’ব পৰা নাযায়। গৱেষণাত কোৱা হৈছে যে,হয়তো চন্দ্ৰপৃষ্ঠত পতাকা উত্তোলণ কৰি উভতি অহাৰ সময়ত পতাকাখন ঠিক মতেই আছিল। কিন্তু তাৰ পাছত যে সেইখন ঠিক মতে থাকিব সেয়া কোৱা টান।
সবাতোকৈ ডাঙৰ সম্ভাৱণা হ’ল- দীৰ্ঘদিন ধৰি সূৰ্যৰ পোহৰত থকাৰ বাবে নাইলনৰ পতাকাখন নষ্ট হৈ গৈছে। চন্দ্ৰত উৰুওৱা পতাকা হয়তো সময়ৰ লগে লগে ধ্বংস হৈ গৈছে। ইয়াৰোপৰি উল্কাপিণ্ডৰ বিস্ফোৰণৰ ফলত চন্দ্ৰত থকা পতাকাসমূহ অধিক ক্ষতিগ্ৰস্ত হৈছে। চন্দ্ৰত দিনৰ উষ্ণতা ১১৭ ডিগ্ৰী চেলছিয়াছ আৰু নিশাৰ উষ্ণতা -১৭৩ ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়। এনে উষ্ণতাৰ পাৰ্থক্যৰ বাবে পতাকাৰ কাপোৰ ফাটি নোহোৱা হৈ গৈছে।
নাছাৰ আৰ্টেমিছ অভিযান অনুসৰি চন্দ্ৰপৃষ্ঠত উত্তোলণ কৰা পতাকা এতিয়া চন্দ্ৰত নাই। কিন্তু লুনাৰ ৰিকনেছান্স অৰ্বিটাৰ (এল আৰ অ’)ৰ ফটোত দেখা পোৱা অনুসৰি পতাকাৰ খুঁটিবোৰ এতিয়াও থিয় হৈ আছে । চন্দ্ৰত মাইক্ৰ’মিটিঅ’ৰাইট, বিকিৰণ আৰু অতি বেঙুনীয়া ৰশ্মিৰ উপস্থিতিত যিকোন পতাকা ফালে থকা অসম্ভৱ।