News9 Global Summitৰ আজি অন্তিম দিনঃ অনুষ্ঠিত হ’ব দুই জাৰ্মান ক্লাৱৰ ফুটবল মেচ

জাৰ্মানীৰ ষ্টুটগাৰ্ট চহৰৰ এম এইচ পি এৰিনাত অনুষ্ঠিত হৈ থকা দেশৰ শীৰ্ষতম নিউজ নেটৱৰ্ক টিভি৯ৰ নিউজ৯ গ্ল’বেল ছামিটৰ আজি অন্তিম দিন। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ আজি অন্তিম দিনা জাৰ্মানীৰ দুই অন্যতম আগশাৰীৰ ক্লাৱ VfB Stuttgart আৰু VfL Bochum ৰ মাজত এম এইচ পি এৰিনাত এক আকৰ্ষণীয় ফুটবল মেচ অনুষ্ঠিত হ’ব।

News9 Global Summitৰ আজি অন্তিম দিনঃ অনুষ্ঠিত হ’ব দুই জাৰ্মান ক্লাৱৰ ফুটবল মেচ

নিউজ৯ গ্ল’বেল ছামিটৰ আজি অন্তিম দিন

Published: 

23 Nov 2024 09:30 AM

দেশৰ শীৰ্ষতম নিউজ নেটৱৰ্ক টিভি৯- এ জাৰ্মানীৰ ষ্টুটগাৰ্ট চহৰত আয়োজন কৰা নিউজ৯ গ্ল’বেল ছামিটৰ আজি অন্তিম দিন। ষ্টুটগাৰ্টৰ এম এইচ পি এৰিনাত অনুষ্ঠিত হৈ থকা তিনিদিনীয়া এই শীৰ্ষ সন্মিলনৰ কালি দ্বিতীয় দিনা অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ‘ইণ্ডিয়াঃ ইনচাইড দ্য গ্ল’বেল ব্ৰাইট স্পট’ বিষয়ত ভাষণ প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই শীৰ্ষ সন্মিলনক লৈ সুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ এক সংবাদ মাধ্যমৰ গোটে আজিৰ তথ্য যুগত ভাৰত আৰু জাৰ্মানীৰ জনসাধাৰণৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা চলাইছে আৰু ইয়াৰ বাবে সুখী হোৱা বুলি মন্তব্য কৰে।

ইয়াৰ সমান্তৰালকৈ দেশৰ লগতে জাৰ্মানীৰ কেইবাগৰাকীও ৰাজনীতিবিদ, চেলিব্ৰিটি আৰু কৰ্পৰেট নেতৃত্বই এই সন্মিলনত অংশগ্ৰহণ কৰে। সন্মিলনত ভাষণ প্ৰদান কৰি টিভি৯ নেটৱৰ্কৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বৰুণ দাসে জলবায়ু পৰিৱৰ্তন আৰু এআইৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে। শীৰ্ষ সন্মিলনলৈ অতিথিসকলৰ আগমনৰ বাবে তেওঁ সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰথম দিনাই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু জ্যোতিৰাদিত্য সিন্ধিয়াকো তেওঁ ধন্যবাদ জনায়।

আজি এই শীৰ্ষ সন্মিলনৰ তৃতীয় তথা অন্তিম দিনত দেখিবলৈ পোৱা যাব এখন আকৰ্ষণীয় ফুটবল মেচ। জাৰ্মানীৰ দুই অন্যতম আগশাৰীৰ ক্লাৱ VfB Stuttgart আৰু VfL Bochum ৰ মাজত এম এইচ পি এৰিনাত এই ফুটবল মেচ অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে এই সন্মিলনত জাৰ্মানীৰ খাদ্য আৰু কৃষি মন্ত্ৰী চেম অজডেমিৰে এআইৰ ওপৰত ভাষণ দিয়ে। ইয়াৰ জৰিয়তে তেওঁ কৃষি খণ্ডক আগুৱাই নিয়াৰ কথা কয়।

জাৰ্মানীৰ মন্ত্ৰীগৰাকীয়ে লগতে ভাৰত আৰু জাৰ্মানীয়ে এআইৰ জৰিয়তে কৃষি খণ্ডত পৰস্পৰে পৰস্পৰক সহায় কৰিব পাৰে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। শীৰ্ষ সন্মিলনৰ দ্বিতীয় দিনা এ এম গ্ৰীণৰ ভাইচ চেয়াৰমেন বি. চি ত্ৰিপাঠীয়েও গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। ত্ৰিপাঠীয়ে এই সময়ত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাটোৱেই বিশ্বৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি এতিয়া বিশ্বই শক্তিৰ প্ৰয়োজনীয়তা সলনি কৰাটো প্ৰয়োজন বুলি মন্তব্য কৰে।

মাৰ্চিডিজ বেঞ্জ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সন্তোষ আয়াৰেও এই সন্মিলনত অংশগ্ৰহণ কৰে। ড্ৰাইভিং এ বিলিয়ন এস্পিৰেচন বিষয়ত বক্তব্য দাঙি ধৰি তেওঁ কয় যে ভাৰতত আমি ২০ হাজাৰ বিলাসী বাহনৰ বিক্ৰীৰ পৰিসংখ্যাত উপনীত হৈছো। ভাষণত আয়াৰে লগতে বৈদ্যুতিক বাহন উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই সন্মিলনত যোগদান কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াই।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত জাৰ্মান কোম্পানীসমূহক কৰ্ণাটকত বিনিয়োগ কৰিবলৈ আহ্বান জনায়। মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই কৰ্ণাটকত বিনিয়োগৰ উপযুক্ত পৰিৱেশ আছে বুলি মন্তব্য কৰে। তেওঁ লগতে আগন্তুক বৰ্ষত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া গ্ল’বেল ইনভেষ্টৰ মিটত জাৰ্মানীক অংশীদাৰ দেশ হিচাপে জড়িত হ’বলৈ আমন্ত্ৰণ জনায়।

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলেও ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই সন্মিলনত যোগদান কৰে। বিনিয়োগৰ ক্ষেত্ৰত সম্প্ৰতি গুজৰাট বিশ্বৰ কোম্পানীসমূহৰ বাবে আটাইতকৈ পছন্দৰ স্থলীত পৰিণত হৈছে বুলি মন্তব্য কৰে গুজৰাটৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটে বিনিয়োগ আৰু বাণিজ্যৰ ক্ষেত্ৰত গুজৰাটক বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাত সহায় কৰিছে বুলিও তেওঁ লগতে কয়।

পুটিনৰ ৰাছিয়াত ভাৰতৰ ১০০ টকাৰ মূল্য কিমান?
কেৱল প্ৰেমেই নহয়, গোলাপ ফুলে বৃদ্ধি কৰে ধন-সম্পত্তি, কৰক এই প্ৰতিকাৰ
আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ১০০ টকাৰ বিনিময়ত কিমান ধন লাভ কৰিব জানেনে? জানিবলৈ চাওক
আটাইতকৈ কম মূল্যত পোৱা টাটাৰ বাহনখন কি জানেনে? সুৰক্ষাৰ দিশতো আাছে বিশ্বাস